১০০ টকীয়া আঁচনিয়ে পাঁচ বছৰত ১৪ লাখ টকা লাভ কৰিব

WhatsApp Follow

POST OFFICE RD SCHEME: শেহতীয়াকৈ অক্টোবৰ মাহত ডাকঘৰৰ সকলো আঁচনিতে সুতৰ পৰিমাণ বৃদ্ধি পাইছে। বৰ্তমান ডাকঘৰত বিভিন্ন জনপ্ৰিয় আঁচনি আছে লগতে ডাকঘৰত এখন আঁচনি আছে যি ১০০ টকীয়াৰ পৰা আৰম্ভ হয় আৰু পাঁচ বছৰ পৰ্যন্ত জমা কৰিলে ১৪ লাখ টকা পৰ্যন্ত পাব। ডাকঘৰৰ এই জনপ্ৰিয় আঁচনিখনক Recurring Deposit Scheme বুলি কোৱা হয়।

আজিৰ প্ৰতিবেদনত ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনিৰ বিষয়ে বিতং আলোচনা কৰা হৈছে, প্ৰতিমাহে এই আঁচনিখনত আপুনি কিমান টকা জমা কৰে আৰু পাঁচ বছৰৰ পিছত কিমান ৰিটাৰ্ণ পাব কাৰণ আজিৰ প্ৰতিবেদনখন অতি গুৰুত্বপূৰ্ণ গতিকে সম্পূৰ্ণ প্ৰতিবেদনখন ভালদৰে পঢ়ক।

ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি (Post Office RD Scheme)

ডাকঘৰত থকা আঁচনিসমূহৰ ভিতৰত এটা হ’ল ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি (ডাকঘৰ আৰ ডি আঁচনি)। এই ডাকঘৰৰ আঁচনিখনত আপুনি প্ৰতিমাহে কিছু পৰিমাণৰ ধন জমা কৰিব লাগিব আৰু পাঁচ বছৰৰ পিছত আপুনি সুতৰ সৈতে বিপুল পৰিমাণৰ ধন ঘূৰাই পাব।

আঁচনিৰ সুবিধা

যিহেতু ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি এখন চৰকাৰী আঁচনি অৰ্থাৎ ভাৰত চৰকাৰৰ দ্বাৰা পৰিচালিত, গতিকে ই এক নিৰাপদ বিনিয়োগ। এই আঁচনিখনত বিনিয়োগ কৰা ধন সময়মতে পাব।

এই আঁচনিখনত একাউণ্ট খুলিবলৈ কি কি যোগ্যতাৰ প্ৰয়োজনীয়তা আছে ?

যিকোনো প্ৰাপ্তবয়স্ক ব্যক্তি অৰ্থাৎ ১৮ বছৰৰ ওপৰৰ যিকোনো ব্যক্তিয়ে ডাকঘৰৰ এই আঁচনিখনত ধন বিনিয়োগ কৰিব পাৰে এই ক্ষেত্ৰত বয়সৰ কোনো উচ্চ সীমা নাই। লগতে ১০ বছৰ বা তাতকৈ অধিক বয়সৰ যিকোনো নাবালকেই নিজৰ নামত এই আঁচনিৰ অধীনত একাউণ্ট খুলিব পাৰিব।

১০ বছৰৰ তলৰ যিকোনো নাবালকে পিতৃ-মাতৃৰ নামত একাউণ্ট খুলিব পাৰিব। লগতে পৰিয়ালৰ অভিভাৱকে বন্দীজনৰ নামত একাউণ্ট খুলিব পাৰে। এই আঁচনিখনত আপুনি দুবিধ একাউণ্টত একক একাউণ্ট আৰু যৌথ একাউণ্ট খুলিব পাৰিব।

সুতৰ পৰিমাণ

অক্টোবৰ মাহত নতুন সুতৰ হাৰ অনুসৰি ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনিৰ সুতৰ হাৰ ৬.৭ শতাংশ। ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনিৰ সুতৰ হাৰ ভাৰত চৰকাৰে প্ৰতি ত্ৰিমাসিকত সলনি কৰে অৰ্থাৎ সুতৰ হাৰ বৃদ্ধি বা হ্ৰাস সম্পূৰ্ণৰূপে ভাৰত চৰকাৰৰ হাতত।

একাউণ্ট খোলাৰ বাবে কি কি নথি-পত্ৰৰ প্ৰয়োজন ?

আপুনি যিকোনো ডাকঘৰত Post Office Recurring Deposit Scheme একাউণ্ট খুলিব পাৰে আৰু লগতে বিভিন্ন বেংকত Recurring Deposit Scheme একাউণ্ট খুলিব পাৰে। এতিয়া এই আঁচনিখনত একাউণ্ট খুলিবলৈ কি কি নথি-পত্ৰৰ প্ৰয়োজন হয় চাওঁ আহক।

(১) ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনিৰ একাউণ্ট খোলাৰ from, (২) নিজৰ পেন কাৰ্ড, (৩) আই ডি প্ৰমাণ (যেনে:- আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড ইত্যাদি), (৪) বাসস্থানৰ প্ৰমাণ (যেনে:- ৰেচন কাৰ্ড , আধাৰ কাৰ্ড আদি), (৫) শেহতীয়া ৰঙীন পাছপ’ৰ্ট আকাৰৰ ফটো।

ধন জমা কৰাৰ পৰিমাণ ?

এই আঁচনিখনত আপুনি প্ৰতিমাহে নূন্যতম ১০০ টকাৰ পৰা বিনিয়োগ আৰম্ভ কৰিব পাৰিব। ১০০ টকীয়াৰ ওপৰত তেতিয়া ১০ টকীয়া অৰ্থাৎ ১১০ টাকা, ৫০০ টাকা, ১০০০ টকীয়া ইত্যাদিৰ বহুগুণত ধন জমা কৰিব পাৰিব। এই আঁচনিখনত ডাকঘৰৰ সৰ্বোচ্চ বিনিয়োগৰ সীমা নাই।

ধন জমা কৰাৰ সময়সীমা

প্ৰতিমাহে ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনিত ধন জমা কৰিব লাগিব। যদি আপুনি আগতীয়াকৈ ধন জমা কৰে তেন্তে আপুনি কিছু ৰেহাই পাব আৰু যদি আপুনি সময়ৰ পিছত টকা জমা কৰে তেন্তে আপুনি অতিৰিক্ত ধন জমা কৰিব লাগিব অৰ্থাৎ আপুনি জৰিমনা ভৰিব লাগিব।

মেচিউৰিটি সময়সীমা

ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনিৰ মেচিউৰিটি সময়সীমা পাঁচ বছৰ। আপুনি ইচ্ছা কৰিলে আপোনাৰ পুনৰাবৃত্তিমূলক জমা আঁচনিখনো পাঁচ বছৰৰ বাবে বৃদ্ধি কৰিব পাৰে। সেই ক্ষেত্ৰত আপুনি মেচিউৰিটিৰ পূৰ্বে ডাকঘৰত লিখিত আবেদন জমা দিব লাগিব।

Disclaimer: এই আর্টিকেলটো কেৱল শিক্ষাৰ উদ্দেশ্যে লিখা হৈছে। বিত্তীয় বাৰ্তাই কাকো বিনিয়োগ কৰিবলৈ উৎসাহিত বা বাধ্যতামূলক নকৰে। বিনিয়োগ কৰাৰ আগতে আপোনাৰ বিত্তীয় উপদেষ্টাৰ পৰামৰ্শ লওক। বিনিয়োগৰ ফলত আপুনি হোৱা কোনো আৰ্থিক লোকচানৰ বাবে ফাইনেন্স বার্তাই কোনো কাৰণতে দায়ী নহ’ব।

2 thoughts on “১০০ টকীয়া আঁচনিয়ে পাঁচ বছৰত ১৪ লাখ টকা লাভ কৰিব”

Leave a Comment