পঞ্জাৱ নেচনেল বেংকৰ ৪০০ দিনৰ ফিক্সড ডিপ’জিট আঁচনি, কিমান টকাত কিমান ৰিটাৰ্ণ প্ৰদান কৰে জানক !

WhatsApp Follow

ভাৰতৰ ৰাজহুৱা খণ্ডৰ অন্যতম জনপ্ৰিয় বেংক হৈছে পঞ্জাৱ নেচনেল বেংক। এই বেংকে গ্ৰাহকক ৪০০ দিনৰ ফিক্সড ডিপ’জিটত বিপুল পৰিমাণৰ সুতৰ সৈতে ডাঙৰ ৰিটাৰ্ণ আগবঢ়াইছে। আজিকালি মানুহ সচেতন হৈ পৰিছে আৰু প্ৰতিজন ব্যক্তিয়ে ভৱিষ্যতৰ বাবে ধন সঞ্চয় কৰিব বিচাৰে। টকা ৰাহি কৰিবলৈ বেছিভাগ মানুহেই ডাকঘৰ আৰু বেংকৰ ফিক্সড ডিপ’জিটত ধন ৰাখিবলৈ পছন্দ কৰে। আজি আমি জানিম পঞ্জাৱ নেচনেল বেংকৰ ৪০০ দিনৰ ফিক্সডত কিমান ৰিটাৰ্ণ দিব –

পঞ্জাৱ নেচনেল বেংকৰ ৪০০ দিনৰ ফিক্সড ডিপোজিট

শেহতীয়াকৈ পঞ্জাৱ নেচনেল বেংকে ৪০০ দিনৰ ফিক্সড ডিপ’জিট আঁচনি আৰম্ভ কৰিছে। সাধাৰণ নাগৰিক আৰু জ্যেষ্ঠ নাগৰিকেও পঞ্জাৱ নেশ্যনেল বেংকৰ এই ৪০০ দিনীয়া ফিক্সড ডিপ’জিটত ধন জমা কৰিব পাৰিব।

সুতৰ পৰিমাণ !

পঞ্জাৱ নেচনেল বেংকে গ্ৰাহকক বিভিন্ন শ্ৰেণীৰ ভিত্তিত ৪০০ দিনৰ ফিক্সড ডিপ’জিটৰ সুত আগবঢ়াইছে- (১) সাধাৰণ নাগৰিকৰ সুতৰ হাৰ ৭.২৫ শতাংশ, (২) জ্যেষ্ঠ নাগৰিকৰ সুতৰ হাৰ ৫০ বেছিছ পইণ্ট বেছি অৰ্থাৎ ৭.৭৫ শতাংশ আৰু (৩) জ্যেষ্ঠ নাগৰিকসকলক সৰ্বোচ্চ সুতৰ হাৰ প্ৰদান কৰা হৈছে। ছুপাৰ চিনিয়ৰ চিটিজেনৰ সুতৰ হাৰ ৮.০৫ শতাংশ।

আৰু পঢ়ক – ষ্টেট বেংকৰ টকা দুগুণ আঁচনি, কেনেকৈ বিনিয়োগ কৰিব ?

কিমান টকা ৰাখিলে কিমান ৰিটাৰ্ণ পাব ?

তলত তালিকাখন দিয়া হ’ল য’ত দেখুওৱা হৈছে যে আপুনি পঞ্জাৱ নেশ্যনেল বেংকত ৪০০ দিনৰ ফিক্সড ডিপ’জিটত ধন ৰাখিলে কিমান ৰিটাৰ্ণ পাব। অৰ্থাৎ যদি আপুনি পঞ্জাৱ নেচনেল বেংকৰ এই ফিক্সড ডিপ’জিট আঁচনিখনত ৪০০ দিন টকা ৰাখে, তেন্তে ৪০০ দিনৰ পিছত ৰিটাৰ্ণ হিচাপে কিমান টকা পাব সেয়া তলৰ তালিকাখন পৰীক্ষা কৰক।

জমা কৰা ধনৰ পৰিমাণসাধাৰণ নাগৰিকজ্যেষ্ঠ নাগৰিকচুপাৰ জ্যেষ্ঠ নাগৰিক
১০,০০০ টকা১০,৮১৯ টকা১০,৮৭৮ টকা১০,৯১৩ টকা
২০,০০০ টকা২১,৬৩৮ টকা২১,৭৫৫ টকা২১,৮২৫ টকা
৫০,০০০ টকা৫৪,০৯৬ টকা৫৪,৩৮৮ টকা৫৪,৫৬৪ টকা
১,০০,০০০ টকা১,০৮,১৯২ টকা১,০৮,৭৭৬ টকা১,০৯,৩২৭ টকা
২,০০,০০০ টকা২,১৬,৩৮৫ টকা২,১৭,৫৫২ টকা২,১৮,২৫৪ টকা
৩,০০,০০০ টকা৩,২৪,৫৭৭ টকা৩,২৬,৩২৮ টকা৩,২৭,৩৮১ টকা
৫,০০,০০০ টকা৫,৪০,৯৬২ টকা৫,৪৩,৮৭৯ টকা৫,৪৫,৬৩৬ টকা

2 thoughts on “পঞ্জাৱ নেচনেল বেংকৰ ৪০০ দিনৰ ফিক্সড ডিপ’জিট আঁচনি, কিমান টকাত কিমান ৰিটাৰ্ণ প্ৰদান কৰে জানক !”

Leave a Comment