ভাৰতীয় ৰেলৱেত SI আৰু কনিষ্টবল নিযুক্তি, কাইলৈৰ পৰা আৱেদন মুকলি।

WhatsApp Follow

Railway Group-D Recruitment – শেহতীয়াকৈ ৰে’লৱে নিযুক্তি ব’ৰ্ডে বিভিন্ন জ’নৰ বাবে এক বৃহৎ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ ওলাইছে। অধিসূচনা অনুসৰি প্ৰায় ৫০০০ যোগ্য চাকৰি আকাংক্ষীক বিভিন্ন জ’নত নিযুক্তি দিয়া হ’ব। অনলাইনৰ জৰিয়তে আবেদন কৰক। কিছুদিনৰ আগতে এই নিযুক্তিৰ বিশদ অধিসূচনা অফিচিয়েল ৱেবছাইটৰ জৰিয়তে প্ৰকাশ কৰা হৈছিল।

কাইলৈৰ পৰা আৰম্ভ হৈছে ইয়াৰ অনলাইন আবেদন গ্ৰহণ। ২০২৪ চনৰ ১৪ মে’লৈকে চলিব। সোনকালে আবেদন কৰাটো বুদ্ধিমানৰ কাম। গতিকে আবেদন কৰাৰ আগতে নিশ্চিতভাৱে এই নিযুক্তিৰ বিষয়ে সবিশেষ জানি লওক আৰু তাৰ পিছত আবেদন কৰক। এই নিযুক্তিৰ সবিশেষ এই অধিসূচনাৰ জৰিয়তে আলোচনা কৰা হৈছে। ক্ষন্তেকীয়া চকুৰ পলকতে আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক। নিয়মিয়াকৈ চাকৰিৰ খবৰ পাবলৈ আমাৰ Whatsapp Group Join কৰক  ( Join Now )

চৰকাৰী অধিসূচনা অনুসৰি আৰ পি এফৰ কনিষ্টবল পদৰ বাবে ৪২০৮ গৰাকী যোগ্য চাকৰি আকাংক্ষীক নিযুক্তি দিয়া হ’ব। আৰ পি এফৰ উপ-পৰিদৰ্শক পদৰ বাবে মুঠ খালী পদৰ সংখ্যা ৪৫২টা।

আবেদন কৰাৰ যোগ্যতা 

আৰ পি এফ কনিষ্টবল পদৰ বাবে আৱেদন কৰিবলৈ প্ৰাৰ্থীজনে ভাৰত চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত যিকোনো শিক্ষানুষ্ঠানৰ পৰা নূন্যতম উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হ’ব লাগিব। ০১/০৭/২০২৪ তাৰিখলৈকে চাকৰি প্ৰত্যাশীজনৰ বয়স নূন্যতম ১৮ বছৰৰ পৰা সৰ্বোচ্চ ২৮ বছৰৰ ভিতৰত হ’ব লাগে। কিন্তু ভাৰত চৰকাৰৰ নীতি অনুসৰি বয়সৰ নিৰ্দিষ্ট পৰিমাণৰ শিথিলতা শ্ৰেণী অনুপাতত দিয়া হয়।

আৰ পি এফৰ উপ-পৰিদৰ্শক পদৰ বাবে প্ৰাৰ্থীজনে ভাৰত চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত শিক্ষানুষ্ঠানৰ পৰা নূন্যতম স্নাতক ডিগ্ৰী লাভ কৰিব লাগিব। ০১/০৭/২০২৪ তাৰিখলৈকে চাকৰি প্ৰত্যাশীজনৰ বয়স নূন্যতম ১৮ বছৰৰ পৰা সৰ্বোচ্চ ২৮ বছৰৰ ভিতৰত হ’ব লাগে। কিন্তু ভাৰত চৰকাৰৰ নিয়ম অনুসৰি নিৰ্দিষ্ট পৰিমাণৰ বয়সৰ শিথিলতা শ্ৰেণী অনুপাতত উপলব্ধ। নিয়মিয়াকৈ চাকৰিৰ খবৰ পাবলৈ আমাৰ Whatsapp Group Join কৰক  ( Join Now )

মাহিলী দৰমহাৰ পৰিমাণ

ভেৰিফিকেচন আৰু বাছনিৰ পিছত কনিষ্টবল পদৰ বাবে নিৰ্বাচিত হোৱা সকলো প্ৰাৰ্থীয়ে প্ৰথম অৱস্থাত প্ৰতিমাহে ২১ হাজাৰ ৭০০ টকা দৰমহা লাভ কৰিব। আৰু উপ-পৰিদৰ্শক পদৰ বাবে চাকৰি পোৱা সকলো চাকৰি প্ৰাৰ্থীয়ে আৰম্ভণিতে ৩৫ হাজাৰ ৪০০ টকাৰ দৰমহা পাবলৈ আৰম্ভ কৰিব। সময় আৰু অভিজ্ঞতাৰ লগে লগে এই দৰমহা বৃদ্ধি পাব।

লগতে চাওক – ভাৰতীয় ৰেলৱেইত প্ৰায় ২ লাখ খালী পদৰ বাবে Group D-ৰ কৰ্মচাৰী নিযুক্তি।

আবেদন মাচুল

অনুসূচীত কাষ্ট আৰু অনুসূচীত জনজাতি শ্ৰেণীৰ প্ৰাৰ্থীয়ে ২৫০ টকা আবেদন মাচুল দিব লাগিব। OBC/Gen/EWS শিতানৰ চাকৰিৰ আকাংক্ষীয়ে ৫০০ টকা আবেদন মাচুল দিব লাগিব, মহিলা প্ৰাৰ্থীয়ে ২৫০ টকা দিব লাগিব। এই আবেদনৰ বাবে আপুনি অনলাইনযোগে ধন পৰিশোধ কৰিব পাৰিব।  নিয়মিয়াকৈ চাকৰিৰ খবৰ পাবলৈ আমাৰ Whatsapp Group Join কৰক  ( Join Now )

গুৰুত্বপূৰ্ণ তাৰিখ – কাইলৈৰ পৰা অৰ্থাৎ ১৫/০৪/২০২৪ তাৰিখৰ পৰা আবেদন পত্ৰ জমা দিয়া আৰম্ভ হ’ব। আবেদন পত্ৰ জমা দিয়াৰ অন্তিম তাৰিখ ১৪/০৫/২০২৪। আবেদন মাচুল জমা দিয়াৰ শেষ তাৰিখ ১৪/০৫/২০২৪।

Railway RPF Constable PDFClick Here
Railway RPF Sub-Inspector PDFClick Here
Latest Job NewsClick Here
Join Whatsapp GroupJoin Now

Leave a Comment