২০২৩ চনৰ শেষত RBI য়ে দিলে ভাল খবৰ, জানিলে আপুনি হ’ব সুখী !

WhatsApp Follow

RBI Gave Good News At The End Of 2023 – আৰু এটা বছৰৰ অন্ত পৰিব। আৰু মাত্ৰ কেইদিনমানৰ পিছতে সমগ্ৰ বিশ্বই ২০২৪ বৰ্ষটোক আদৰি ল’ব। এনে পৰিস্থিতিত ভাৰতীয় ৰিজাৰ্ভ বেংক বা RBI’য়ে বছৰৰ শেষত দেশবাসীৰ বাবে ভাল খবৰ ঘোষণা কৰিছে –

বহুতৰে বাবে এইটো এটা সুখৰ খবৰ, কিন্তু বিশেষকৈ কাম কৰা সকলে এই খবৰ পাই অধিক সুখী হ’ব। কাৰণ RBI’ৰ এই সিদ্ধান্তৰ ফলত হোম লোন, গাড়ী লোন, পাৰ্চনেল লোনৰ সুতৰ হাৰ বৃদ্ধি হোৱা নাই। আনহাতে, অনাগত দিনত কিছু পৰিমাণে হ্ৰাস পোৱাৰ সম্ভাৱনা আছে।

দেশৰ বজাৰত মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণৰ বাবে ৰিজাৰ্ভ বেংকে ৰেপো ৰেট বৃদ্ধি আৰু হ্ৰাস কৰে। এই ৰেপো ৰেটে কেন্দ্ৰীয় বেংকে বাণিজ্যিক বেংকক কিমান হাৰত ঋণ দিব সেইটো নিৰ্ধাৰণ কৰে। বজাৰত যেতিয়া মুদ্ৰাস্ফীতি ঘটে তেতিয়া কেন্দ্ৰীয় বেংকে নগদ ধনৰ যোগান নিয়ন্ত্ৰণ কৰি ৰেপো হাৰ বৃদ্ধি কৰে।

চলিত বৰ্ষৰ এটা সময়ত RBI’য়ে প্ৰতিমাহে ধাৰাবাহিকভাৱে ৰেপো ৰেট বৃদ্ধি কৰি আছিল। ফলত বেংকৰ পৰা ঋণ লৈ ঘৰ সাজিবলৈ বা ফ্লেট, গাড়ী কিনিবলৈ নিয়োজিত বা স্বনিয়োজিত লোকসকলে ভয়াৱহ সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল। কাৰণ এই ৰেপো ৰেট বৃদ্ধিৰ বাবে মাহিলী MEI বহুত বৃদ্ধি পায়। কিন্তু ডিচেম্বৰ মাহত ৰিজাৰ্ভ বেংকৰ মুদ্ৰা সমিতিৰ বৈঠকত ৰেপো ৰেট অপৰিৱৰ্তিত ৰখাৰ সিদ্ধান্ত লোৱা হয়। অৰ্থাৎ আৰ বি আইয়ে পূৰ্বৰ দৰে ৬.৫ ৰেপো ৰেট বজাই ৰাখিছে।

যিহেতু ৰিজাৰ্ভ বেংকে ৰেপো ৰেট বৃদ্ধি কৰা নাই, সেয়েহে এই মুহূৰ্তত বেংকে ঋণৰ সুত বৃদ্ধি নকৰে। ফলত আমাৰ MEI বৃদ্ধিৰ কোনো আশংকা নাই। মন কৰিব যে বিগত কেইবামাহো ধৰি ৰিজাৰ্ভ বেংকে ৰেপো ৰেট বৃদ্ধি কৰা নাই। ফলত বেংকৰ বাবে ধন সংগ্ৰহৰ খৰচ যথেষ্ট হ্ৰাস পাইছে।

আৰু পঢ়ক – কেন্দ্ৰীয় চৰকাৰৰ নতুন আঁচনি, আৱেদন কৰিলে পাব ২ লাখ টকা !

সেয়েহে একাংশ বিত্তীয় বিশেষজ্ঞই আশা কৰিছে যে কেইবাটাও ক্ষেত্ৰত ঋণৰ সুতৰ পৰিমাণ হ্ৰাস কৰিব পাৰিব। যদিও এই মুহূৰ্তত কেঁচা শাক-পাচলিৰ দাম আকাশলংঘী হৈছে। ফলত একাংশ অৰ্থনীতিবিদে ৰিজাৰ্ভ বেংকৰ ৰেপো ৰেট বৃদ্ধি নকৰাক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

ইফালে ৰিজাৰ্ভ বেংকে দেশবাসীৰ বাবে আন এক সুখবৰ ঘোষণা কৰিছে। ২০২৩-২৪ বিত্তীয় বৰ্ষত দেশৰ বিত্তীয় বৃদ্ধিৰ হাৰ বৃদ্ধি কৰিছে। ইয়াৰ পূৰ্বে কোৱা হৈছিল যে চলিত বিত্তীয় বৰ্ষত বিত্তীয় বৃদ্ধি ৬.৫ শতাংশৰ ভিতৰত হ’ব। কিন্তু ৰিজাৰ্ভ বেংকে নতুনকৈ দাবী কৰিছে যে দেশৰ বিত্তীয় বৃদ্ধিৰ হাৰে ৭ শতাংশ স্পৰ্শ কৰিব পাৰে।

ইফালে, ভাৰতৰ বৈদেশিক মুদ্ৰাৰ মজুত মাত্ৰ শেষ হোৱা সপ্তাহটোত ৯ বিলিয়ন মাৰ্কিন ডলাৰ বৃদ্ধি পাইছে। বিত্তীয় বিশেষজ্ঞসকলে দাবী কৰিছে যে ইয়াৰ দ্বাৰাও দেশৰ অৰ্থনীতিৰ ভাল অৱস্থাৰ ইংগিত পোৱা যায়।

1 thought on “২০২৩ চনৰ শেষত RBI য়ে দিলে ভাল খবৰ, জানিলে আপুনি হ’ব সুখী !”

Leave a Comment