Jio ৯৯৯ টকাৰ ফোন মুকলি কৰিছে, আপুনিও কিনক এই ফোন

WhatsApp Follow

সোমবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে ৰিলায়েন্স জিঅ’ই ‘জিঅ’ ভাৰত ৪জি’ মোবাইল ফোন। নৰেন্দ্ৰ মোদীয়ে কোৱাৰ দৰে কংগ্ৰেছে মুক্ত ভাৰত বিচাৰে। ৰিলায়েন্সে লগতে কয় যে ২-জিয়ে এখন মুক্ত দেশ গঢ়ি তুলিব। যিসকলে এই কথা ক’ব, মোবাইলৰ দাম সস্তা কৰাৰ বা কথা কোৱাৰ খৰচ কমোৱাৰ দায়িত্ব তেওঁলোকৰ ওপৰত। সেই দায়িত্ব লৈ ৰিলায়েন্সে বজাৰলৈ আনিছে দুটা মডেলৰ মোবাইল ফোন। সেই দুয়োটা মডেল চাৰি-জি (৪-জি) সক্ষম।

ৰিলায়েন্সে কয় যে তেওঁলোকে কাৰ্বন ম’বাইলৰ সৈতে গাঁঠি বান্ধি এই ফোনটো বজাৰলৈ আনিছে। আগন্তুক দিনত আন আন মোবাইল নিৰ্মাণ কোম্পানীসমূহেও এই ক্ষেত্ৰত তেওঁলোকৰ সৈতে হাত মিলাই যাবলৈ ওলাইছে।
প্ৰথম পৰ্যায়ত মুকলি কৰা হৈছে ১০ লাখ ‘জিঅ’ ভাৰত ৪জি’ ফোন। যাৰ বিক্ৰী ৭ জুলাইৰ পৰা আৰম্ভ হ’ব। দেশৰ সকলো খুচুৰা বিপণীতে উপলব্ধ হ’ব এই ফোন। ফোনটোৰ দাম ৯৯৯ টকা।

4G স্মাৰ্টফোন হোৱাৰ পিছতো নতুন ফোন মডেলটো দেখাত আন যিকোনো ফিচাৰ ফোনৰ দৰেই। ইয়াত কিপেড আছে। স্ক্ৰীণৰ তলত ব্ৰেণ্ডৰ নামটো লিখা আছে। ফোনটোত ৰিয়াৰ কেমেৰা আৰু স্পীকাৰো আছে। এই ফোনটোৱে ভাৰতৰ যিকোনো ঠাইতে আনলিমিটেড কলিংৰ সুবিধা দিব। ইউ পি আইৰ জৰিয়তেও ধনৰ লেনদেন কৰিব পাৰি। এই মোবাইলত মনোৰঞ্জনৰ সুবিধাও আছে। এই ফোনটোৱে এফ এম ৰেডিঅ’, জিঅ’ শ্বাভন আৰু জিঅ’ চিনেমাৰ দৰে এপ সমৰ্থন কৰে।

বৰ্তমান এই ফোনটোৰ দুটা মডেল মুকলি কৰা হৈছে। ইয়াৰে এটাৰ পিছফালৰ কভাৰত জিঅ’ ব্ৰেণ্ডৰ ল’গ’ আছে। আনটোত কাৰ্বন ল’গ’ আছে। নীলা আৰু ৰঙা ৰঙত উপলব্ধ হ’ব Jio Bharat 4G ফোন।

ৰিলায়েন্স জিঅ’ই ফোনটো মুকলি কৰাৰ লগতে ২টা জিঅ’ ইণ্ডিয়া প্লেনও মুকলি কৰে। ১২৩ টকীয়া এই প্লেনত মুঠ ১৪ জিবি ডাটা আৰু আনলিমিটেড ভইচ কলৰ সুবিধা থাকিব। পৰিকল্পনাৰ বৈধতা ২৮ দিন। লগতে ১২৩৪ টকাৰ প্লেন আছে যিটো ১ বছৰৰ বাবে বৈধ।

ইয়াত ১৬৮ জিবি ডাটা আৰু আনলিমিটেড ভইচ কল পাব। অৱশ্যে জিঅ’ ব্ৰেণ্ডৰ ল’গ’ থকা মডেলটো ক্ৰয় কৰাসকলেহে এতিয়াৰ বাবে এই পৰিকল্পনাৰ সুবিধা লাভ কৰিব। কাৰ্বনৰ বাবে (এতিয়াৰ বাবে), আৰু জিঅ’ই টাই আপ কৰিবলগীয়া আন কোম্পানীসমূহৰ বাবে একেটা সেৱাৰ বাবে এই প্লেন দুটাৰ মূল্য ক্ৰমে ১৭৯ টকা আৰু ১৭৯৯ টকা হ’ব।

অর্ডাৰ কৰিবলৈ তলত ক্লিক কৰক

Reliance Jio announces Jio-Bharat Phone

ৰিলায়েন্স জিঅ’ৰ অধ্যক্ষ আকাশ আম্বানীৰ মতে, ভাৰতত এতিয়াও ২৫ কোটি মোবাইল ব্যৱহাৰকাৰী আছে যিসকল এতিয়াও ২জি যুগত আবদ্ধ হৈ আছে। আনকি যেতিয়া সমগ্ৰ বিশ্বই ৫-জি বিপ্লৱৰ দিশে আগবাঢ়িছে, তেতিয়াও তেওঁলোকে নূন্যতম ইণ্টাৰনেট সেৱা নাপায়। ৰিলায়েন্সে এতিয়া সেই সুবিধা তেওঁলোকৰ হাতত তুলি দিব বিচাৰিছে।

Leave a Comment