SBI বা HDFC, FD কৰিলে কোনটো বেংকে বেছি সুত পাব? ৫ বছৰৰ FD ৫ লাখ টকাৰ হিচাপ চাওক

WhatsApp Follow

SBI VS HDFC FD Interest Rate 2024: এতিয়াও বেছিভাগ মানুহেই নিজৰ ধন নিৰাপদে বিনিয়োগ কৰিবলৈ ফিক্সড ডিপ’জিট (এফ ডি) পছন্দ কৰে। কিন্তু এফ ডিৰ কথা আহিলে বহুতে বিমোৰত পৰে কোনটো বেংকে বেছি সুত পাব। ভাৰতত বৃহৎ সংখ্যক বেংক আছে। গতিকে আজি আমি মাত্ৰ দুটা জনপ্ৰিয় বেংকৰ এফ ডি তুলনা কৰিম, সকলো বেংকৰ বিষয়ে আলোচনা নকৰাকৈ।

ভাৰতীয় ষ্টেট বেংকত (SBI) ফিক্সড ডিপ’জিট (FD) কৰিলে কিমান সুত পাব? আৰু HDFC Bank ত FD কৰিলে কিমান সুত পাব? এই বিষয়ে আজিৰ লেখাটোত অধিক জানিব পাৰিম। লগতে হিচাপ কৰি চাওক যে ৫ বছৰৰ বাবে ৫ লাখ FD কোনটো বেংকৰ মেচিউৰিটি বেছি হ’ব নেকি।

SBI FD

ভাৰতৰ আটাইতকৈ জনপ্ৰিয় বেংক ষ্টেট বেংক অৱ ইণ্ডিয়া (এছ বি আই)ত ২ কোটিতকৈ কম ৫ বছৰৰ এফ ডি ডিপ’জিটৰ ৬.৫ শতাংশ সুত লাভ কৰিব সাধাৰণ গ্ৰাহকে। এই একেটা এফ ডিৰ ওপৰত জ্যেষ্ঠ নাগৰিকে ৭.৫% সুত পাব। ভাৰতীয় ষ্টেট বেংকে ২০২৩ চনৰ ২৭ ডিচেম্বৰৰ পৰা এই সুতৰ হাৰ প্ৰযোজ্য কৰি তুলিছে। 

ভাৰতীয় ষ্টেট বেংকৰ এজন সাধাৰণ গ্ৰাহকে যদি ৫ বছৰৰ কাৰ্যকালৰ বাবে ৫ লাখ টকাৰ এফ ডি কৰে তেন্তে মেচিউৰিটি হ’ব ৬,৯০,২০৯ টকা। এই ক্ষেত্ৰত তেওঁৰ সুতৰ পৰিমাণ হ’ব ১,৯০,২০৯ টকা। একে ঠাইতে জ্যেষ্ঠ নাগৰিকে বিনিয়োগ কৰিলে মেচিউৰিটিত ৭,২৪,৯৭৪ টকা পাব। এই ক্ষেত্ৰত তেওঁৰ সুতৰ আয় হ’ব ২,২৪,৯৭৪ টকা। 

লগতে চাওক – ডাকঘৰ ৫ হাজাৰ টকা বিনিয়োগ কৰক, ৩.৬ লাখ টকা ৰিটাৰ্ণ পাওক !

HDFC FD

ভাৰতৰ অন্যতম জনপ্ৰিয় বেংক এইচ ডি এফ চিয়ে ইয়াৰ সাধাৰণ গ্ৰাহকক ৫ বছৰৰ এফ ডিৰ ৭ শতাংশ সুতৰ হাৰ আগবঢ়াইছে। আৰু এই একেখন এফ ডি আঁচনিৰ ৭.৫০ শতাংশ সুত জ্যেষ্ঠ নাগৰিকক প্ৰদান কৰা। ২ কোটি টকাৰ তলৰ ফিক্সড ডিপ’জিটৰ বাবে এই সুতৰ হাৰ ৯ ফেব্ৰুৱাৰী, ২০২৪ৰ পৰা প্ৰৱৰ্তন কৰিছে এইচ ডি এফ চি বেংকে।

যদি এজন সাধাৰণ গ্ৰাহকে ৫ বছৰৰ বাবে এইচ ডি এফ চি বেংকত ৫ লাখ টকা বিনিয়োগ কৰে তেন্তে তেওঁ ৭,০৭,৩৮৯ টকাৰ মেচিউৰিটি লাভ কৰিব। এই ক্ষেত্ৰত সেই ব্যক্তিজনৰ সুতৰ আয় হ’ব ২,০৭,৩৮৯ টকা। এই একে ঠাইতে যদি কোনো জ্যেষ্ঠ নাগৰিকে ৫ বছৰৰ বাবে ৫ লাখ টকা বিনিয়োগ কৰে তেন্তে মেচিউৰিটি হ’ব ৭,২৪,৯৭৪ টকা। এই ক্ষেত্ৰত সেই ব্যক্তিজনৰ সুতৰ আয় হ’ব ২,২৪,৯৭৪ টকা। 

2 thoughts on “SBI বা HDFC, FD কৰিলে কোনটো বেংকে বেছি সুত পাব? ৫ বছৰৰ FD ৫ লাখ টকাৰ হিচাপ চাওক”

Leave a Comment