ষ্টেট বেংকৰ ধন দুগুণ আঁচনি, আঁচনিখনৰ বিষয়ে জানক !

WhatsApp Follow

ভাৰতৰ সৰ্ববৃহৎ চৰকাৰী বেংক হ’ল ভাৰতীয় ষ্টেট বেংক। এই বেংকৰ অধীনত সাধাৰণ নাগৰিকৰ পৰা জ্যেষ্ঠ নাগৰিকলৈকে একাধিক আঁচনি আছে। সেইবাবেই জ্যেষ্ঠ নাগৰিকসকলে অৱসৰৰ পিছত বিনিয়োগৰ ক্ষেত্ৰত আৰু কোনো ৰিস্ক ল’ব নিবিচাৰে। অৱশ্যে এছ বি আইয়ে অধিক ৰিটাৰ্ণ পোৱা জ্যেষ্ঠ নাগৰিকক আঁচনি আগবঢ়ায়। জ্যেষ্ঠ নাগৰিকৰ বাবে এছ বি আইৰ তেনে এক মহান আঁচনি হৈছে জ্যেষ্ঠ নাগৰিকৰ ম্যাদী জমা আঁচনি।

এছ বি আইৰ ধন দুগুণ আঁচনি (SBI Scheme)

যদি আপুনি শেহতীয়াকৈ অৱসৰ লোৱা ব্যক্তি তেন্তে এছ বি আইৰ চিনিয়ৰ চিটিজেন এফ ডিত বিনিয়োগ কৰিব পাৰে। জ্যেষ্ঠ নাগৰিকে টাৰ্ম ডিপ’জিট আঁচনিত ৭ দিনৰ পৰা ১০ বছৰলৈ ফিক্সড ডিপ’জিট কৰিব পাৰিব। এই আঁচনিখনত বিনিয়োগ কৰিলে সাধাৰণ নাগৰিকতকৈ বেছি বেচিছ পইণ্ট পোৱা যায়। আনহাতে চিনিয়ৰসকলে ০.৫০ শতাংশ বেছি সুত পায়। ৫ৰ পৰা ১০ বছৰৰ বাবে FD য়ে ১ শতাংশ বেছি সুত পাব। এছ বি আইৰ সাধাৰণ গ্ৰাহকে ৬.৫ শতাংশ সুত লাভ কৰাৰ বিপৰীতে জ্যেষ্ঠ নাগৰিকে ৭.৫ শতাংশ সুত লাভ কৰে। কিন্তু এতিয়া জানো আহক, এই আঁচনিখনত টকা দুগুণ কেনেকৈ কৰিব পাৰি?

যদি আপুনি ইয়াত ১০ বছৰৰ বাবে ১ লাখ টকা বিনিয়োগ কৰে, আৰু সুতৰ হাৰ ৭.৫ শতাংশ। এই ক্ষেত্ৰত ১০ বছৰৰ পিছত আপোনাৰ বিনিয়োগ কৰা জমা ধনৰ সুতৰ পৰিমাণ ১,১০,২৩৫ টকা। অৰ্থাৎ ১০ বছৰৰ পাছত মুঠ ২,১০,২৩৫ টকা ৰিটাৰ্ণ পাব, যিটো দুগুণতকৈও অধিক। একেদৰে ৫০ হাজাৰ টকা বিনিয়োগ কৰিলে ১,০৫,১১৭ টকা, আৰু ২ লাখ টকা, ২,১০,২৩৫ টকা ৰিটাৰ্ণ পাব।

লগতে চাওক – মহিলাসকলে ২ বছৰত ৫ বছৰৰ FD ৰ সমান সুত পাব ! এই আঁচনিৰ বিষয়ে জানক

৬০ বছৰ বা তাতকৈ অধিক বয়সৰ জ্যেষ্ঠ নাগৰিকে এই আঁচনিত বিনিয়োগ কৰিব পাৰিব। চলিত বৰ্ষৰ আৰম্ভণিতে ১৫ ফেব্ৰুৱাৰীত এই আঁচনিৰ অধীনত ২ কোটি টকাৰ তলৰ জমা ধনৰ সুতৰ হাৰ ০.২৫ শতাংশলৈ বৃদ্ধি কৰা হৈছিল। ইয়াৰ পূৰ্বে ২০২২ চনৰ ডিচেম্বৰ মাহত এছ বি আইয়ে এই আঁচনিৰ সুতৰ হাৰ বৃদ্ধি কৰিছিল।

ষ্টেট বেংক অৱ ইণ্ডিয়া এফ ডি বা টাৰ্ম ডিপ’জিট অতি নিৰাপদ আৰু বিপদমুক্ত বুলি গণ্য কৰা হয়। ইয়াত সুতৰ হাৰো বেছি। কেৱল এয়াই নহয় ৫ বছৰৰ এফ ডিৰ ক্ষেত্ৰত আয়কৰ দফা অনুসৰি কৰত বিশেষ ৰেহাই দিয়া হৈছে। অৱশ্যে মেচিউৰিটিৰ পিছত সুতৰ ওপৰত টিডিএছ কৰ্তন কৰা হ’ব।