কন্যা সন্তান থাকিলে ৭০ লাখ টকা পাব, কেন্দ্ৰীয় চৰকাৰে ডাঙৰ উপহাৰ !

WhatsApp Follow

Sukanya Samriddhi Yojana (SSY) 2024 – কেন্দ্রীয় চৰকাৰে ভাৰতত ছোৱালীৰ বাবে বিভিন্ন আঁচনি আৰম্ভ কৰিছে ৷ বিশেষকৈ কন্যা শিশুৰ বাবে আৰম্ভ কৰা সুকন্যা সমৃদ্ধি যোজনাকে ধৰি কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন ক্ষুদ্ৰ সঞ্চয় আঁচনি আছে। কেন্দ্রীয় চৰকাৰে এই আঁচনিক লৈ এটা ডাঙৰ খবৰ দিছে ৷ ২০২৪ চনত চৰকাৰে এই আঁচনিৰ সুতৰ হাৰ বৃদ্ধি কৰিছে (Sukanya Samriddhi Yojana Interest Rate Hike)। সবিশেষ জানিবলৈ পঢ়ক সম্পূৰ্ণ –

সুকন্যা সমৃদ্ধি যোজনাৰ সুত বৃদ্ধি (Sukanya Samriddhi Yojana Interest Rate)

কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত সকলো ক্ষুদ্ৰ সঞ্চয় আঁচনিৰ সুতৰ হাৰ প্ৰতি ৩ মাহৰ মূৰে মূৰে সংশোধন কৰা হয়। সুকন্যা সমৃদ্ধি যোজনাৰ সুত বৃদ্ধি ইয়াৰ পূৰ্বে এই আঁচনিত বছৰি ৮ শতাংশ সুত দিয়া হৈছিল যিটো ৮.২ শতাংশলৈ বৃদ্ধি কৰা হৈছে। এই কাৰণেই চৰকাৰৰ সকলো ক্ষুদ্ৰ সঞ্চয় আঁচনিৰ ভিতৰত ই সৰ্বাধিক সুত প্ৰদান কৰা আঁচনি হিচাপে পৰিগণিত হৈছে। এই আঁচনিৰ তিনিগুণতকৈ অধিক ৰিটাৰ্ণৰ নিশ্চয়তা আছে।

যদি আপোনাৰ এজনী ছোৱালী আছে তেন্তে আপুনি তাইৰ উচ্চ শিক্ষা বা বিয়াৰ বাবে SSY আঁচনিত বিনিয়োগ কৰিব পাৰে। এই আঁচনিৰ বাবে আপুনি ১০ বছৰৰ তলৰ কন্যাৰ নামত আবেদন কৰিব পাৰিব। কিন্তু মনত ৰাখিব যে এটা পৰিয়ালৰ মাত্ৰ ২ গৰাকী কন্যাৰ নামত SSY একাউণ্ট খুলিব পাৰি। যিকোনো বেংক বা ডাকঘৰত গৈ এই আঁচনিৰ একাউণ্ট খুলিব পাৰিব।

আৰু পঢ়ক – মুঠ ৯৫ লাখ পৰিয়াললৈ ২ লাখ টকাৰ চৰকাৰী সাহায্য। কেনেকৈ আবেদন কৰিব ?

এই আঁচনিখনত আপুনি উচ্চ ৰিটাৰ্ণৰ লগতে কৰ ৰেহাইৰ সুবিধাও পাব। ই তিনিটা ভিন্ন স্তৰত অৰ্থাৎ EEE-ত কৰ ৰেহাই প্ৰদান কৰে। ১.৫০ লাখ টকা পৰ্যন্ত বাৰ্ষিক বিনিয়োগে আয়কৰ আইনৰ ধাৰা ৮০চি অনুসৰি ৰেহাই পাব। ইয়াৰ পৰা পোৱা ৰিটাৰ্ণৰ ওপৰতো আপুনি কোনো ধৰণৰ কৰ দিব নালাগে। লগতে মেচিউৰিটিৰ পিছত লাভ কৰা জমা ধন সম্পূৰ্ণৰূপে কৰমুক্ত।

কন্যা সন্তান থাকিলে ৭০ লাখ টকা পাব

সুকন্যা সমৃদ্ধি যোজনা আঁচনিয়ে বৰ্তমান ৮.২ শতাংশ বাৰ্ষিক সুত প্ৰদান কৰি আছে। এই আঁচনিখনত আপুনি প্ৰতি বছৰে ২৫০ টকাৰ পৰা ১.৫ লাখ টকা জমা কৰিব পাৰিব। SSY ৰ লক-ইন পিৰিয়ড ২১ বছৰ, কিন্তু ইয়াত ২১ বছৰলৈকে জমা কৰিব নালাগে। একাউণ্ট খোলাৰ পৰা ১৫ বছৰলৈকে বিনিয়োগ কৰিব লাগিব। এতিয়া ধৰি লওক আপুনি আপোনাৰ ছোৱালীজনীৰ বাবে প্ৰতি বছৰে ১.৫০ লাখ টকা জমা কৰি আছে, তেতিয়া মেচিউৰিটিৰ সময়ত আপুনি ৭০ লাখ টকা পাব। এইদৰে আপোনাৰ ঘৰত কন্যা সন্তান থাকিলে ৭০ লাখ টকা পাব।

ইয়াত জমা কৰা ধনৰ ৩ গুণতকৈ অধিক ৰিটাৰ্ণ পাব। কিন্তু যদি ২১ বছৰৰ আগতে প্ৰত্যাহাৰ কৰিব বিচাৰে তেন্তে সমস্যা হ’ব পাৰে। কাৰণ ইয়াত জমা হোৱা ধন মেয়াদ উকলি যোৱাৰ আগতে উলিয়াব নোৱাৰিব। আপোনাৰ ছোৱালীজনীৰ বয়স ১৮ বছৰ হোৱাৰ পিছত আপুনি ৫০ শতাংশ অৰ্থাৎ তাইৰ শিক্ষাৰ বাবে আধা ধন উলিয়াব পাৰে। একাউণ্টধাৰীৰ হঠাৎ মৃত্যু হ’লে মেচিউৰিটিৰ আগতেই ধন উলিয়াব পাৰিব।

1 thought on “কন্যা সন্তান থাকিলে ৭০ লাখ টকা পাব, কেন্দ্ৰীয় চৰকাৰে ডাঙৰ উপহাৰ !”

Leave a Comment