মাত্ৰ ১০০ টকাত কিনিব পাৰিব সোণ, দুখীয়াৰ কথা ভাবি TATA আনিলে ডাঙৰ আঁচনি

WhatsApp Follow

Tata Groups Tanishq Digital Gold Scheme Gives Opportunity To Invest Just Starting With 100 Rupees: সোণৰ প্ৰতি আকৰ্ষিত নোহোৱা মানুহ বিচাৰি পোৱাটো সঁচাকৈয়ে কঠিন। সোণৰ প্ৰতি এনে আকৰ্ষণৰ মূল কাৰণ হ’ল বিশ্বৰ বেছিভাগ মানুহেই সোণক নিৰাপদ বিনিয়োগ হিচাপে গণ্য কৰে। কিন্তু বিশ্বৰ আন দেশৰ তুলনাত সোণৰ প্ৰতি আকৰ্ষণৰ ধাৰা ভাৰতীয়ৰ মাজত অধিক লক্ষ্যণীয়। লগতে, সময়ে সময়ে সোণৰ দাম উঠা-নমা হোৱাৰ বাবেই সোণত বিনিয়োগ কৰি অধিক লাভ কৰিব বিচৰা বহু লোক আছে।

কিন্তু দিনক দিনে সোণৰ দাম বাঢ়ি অহাৰ লগে লগে দৰিদ্ৰ জনসাধাৰণৰ বাবে সোণ কিনা বা সোণত বিনিয়োগ কৰাটো কঠিন হৈ পৰিছে। এনে পৰিস্থিতিত টাটা গ্ৰুপে এনে ব্যৱস্থা গ্ৰহণ কৰিছিল, যাৰ ফলস্বৰূপে মাত্ৰ ১০০ টকাৰ সোণ কিনিব পৰা বা সোণত বিনিয়োগ কৰিব পৰা যায়। টাটা গ্ৰুপৰ দৰে বিশ্বাসযোগ্য কোম্পানীয়ে এনে আঁচনি প্ৰৱৰ্তন কৰাৰ বাবে দেশৰ নিম্নবৰ্গৰ মানুহেও এতিয়া ইচ্ছা কৰিলে সোণত বিনিয়োগ কৰিব পাৰিব।

মাত্ৰ ১০০ টকাত সোণত বিনিয়োগ কৰাৰ এনে সুযোগ আগবঢ়াইছে টাটা গ্ৰুপৰ তানিছক ব্ৰেণ্ডে। এই ব্ৰেণ্ডটো দেশৰ ভিতৰতে সৰ্বাধিক বিক্ৰী হোৱা গহনা ব্ৰেণ্ডৰ ভিতৰত অন্যতম। সোণত বিনিয়োগ কৰিব বিচৰাসকলৰ বাবে এই সুযোগ। এই টাটা ব্ৰেণ্ডৰ জৰিয়তে মাত্ৰ ১০০ টকা সোণত বিনিয়োগ কৰি সেই টকাৰে আপুনি নিজেই বৃদ্ধি কৰিব পাৰিব আৰু পিছত সোণ কিনিব পাৰিব।

মাত্ৰ ১০০ টকাত সোণত বিনিয়োগ কৰিবলৈ দেশৰ সকলো তানিষ্ক শ্ব’ৰুম চাব পাৰিব। অনলাইন বিনিয়োগৰ সুযোগো আছে। এই বিনিয়োগ মূলতঃ ২৪ কেৰেট সোণৰ মূল্যৰ ওপৰত ভিত্তি কৰি কৰা হয়। বিনিয়োগকাৰীয়ে এই সোণ ডিজিটেল ৰূপত পায়। অৱশ্যে এজন বিনিয়োগকাৰীয়ে ১০০ টকাৰ ওপৰত যিমান বিচাৰে সিমান টকা বিনিয়োগ কৰিব পাৰে।

যদি কোনো ব্যক্তিয়ে গহনা নিৰ্মাণৰ বাবে দীৰ্ঘম্যাদী বাবে সোণ সঞ্চয় কৰিব বিচাৰে তেন্তে টাটা গ্ৰুপৰ এই আঁচনিৰ বিকল্প নাই। সকলোতকৈ ভাল কথাটো হ’ল ডিজিটেল সোণত বিনিয়োগ কৰিলে বহু খৰচ ৰাহি হয়। কাৰণ ডিজিটেল মাধ্যমেৰে সোণত বিনিয়োগ কৰিলে সেই সোণৰ সুৰক্ষাৰ বাবে বেংকৰ লকাৰৰ খৰচ বহন কৰিব নালাগে। এনে ক্ষেত্ৰত বিনিয়োগ উলিওৱাৰ পিছত টকাখিনি পোনপটীয়াকৈ একাউণ্টলৈ আহিব আৰু সেই টকাৰে গ্ৰাহকে সোণৰ গহনা কিনিব পাৰিব বা সেই ধন আন কোনো কামত ব্যৱহাৰ কৰিব পাৰিব।

26 thoughts on “মাত্ৰ ১০০ টকাত কিনিব পাৰিব সোণ, দুখীয়াৰ কথা ভাবি TATA আনিলে ডাঙৰ আঁচনি”

Leave a Comment