পঢ়া-শুনাৰ খৰচ দিব TATA, কেনেকৈ আবেদন কৰিব !

WhatsApp Follow

টাটাই এই মহান বৃত্তিটো লৈ আহিছে, আবেদন কৰিলে টকা পোৱা যাব। আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীসকলে কিছু আৰ্থিক সাহায্য লাভ কৰি পঢ়া-শুনা আগবঢ়াই নিয়াৰ বাবে টাটাই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। আহকচোন TATA Scholarship 2024 ৰ বিষয়ে জানো –

কলকাতা, টাটা, পুনে, ফৰিদাবাদ, চেন্নাই আদিত অৱস্থিত মহিলা ছাত্ৰ-ছাত্ৰীৰ বাবে টাটা ষ্টীল ডাউনষ্ট্ৰিম প্ৰডাক্টছ লিমিটেড বা টি এছ ডি পি এলৰ উদ্যোগত বিশেষ বৃত্তিৰ আয়োজন কৰা হৈছে। এই বিশেষ বৃত্তিৰ নাম হৈছে TSDPL ৰূপালী জয়ন্তী বৃত্তি।

All Details and Last Date for TATA Scholarship 2024

আৰ্থিকভাৱে পিছপৰা পৰিয়ালৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ সক্ষম কৰাৰ উদ্দেশ্যেৰে এই বৃত্তি আৰম্ভ কৰা হৈছিল। জামচেদপুৰ, কলিংগনগৰ, পুনে, চেন্নাই, আৰু কলকাতাত বাস কৰা আৱাসী ছাত্ৰ-ছাত্ৰীসকলে আই আই টি, ডিপ্লমা, নাৰ্চিং বা যিকোনো ইউ জি মেডিকেল পাঠ্যক্ৰম যেনে এম বি বি এছ, বি ডি এছ, পেৰামেডিকেল, ডিপ্লমা ইন ইলেক্ট্ৰিকেল ইত্যাদিত অধ্যয়ন কৰিব বিচাৰে তেওঁলোকক এই বৃত্তিৰ জৰিয়তে আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব।

কিন্তু এই বৃত্তি লাভ কৰিবলৈ আবেদনকাৰীয়ে দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত কমেও ৬০ শতাংশ নম্বৰ লাভ কৰি উত্তীৰ্ণ হ’ব লাগিব। কেৱল সেয়াই নহয়, যিসকল ছাত্ৰ-ছাত্ৰীয়ে এই বৃত্তিৰ বাবে আবেদন কৰিব তেওঁলোকৰ পৰিয়ালৰ বাৰ্ষিক আয় ৫ লাখ টকাতকৈ কম হ’ব লাগিব। ১ লাখ টকা কি বৃত্তিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীক এবছৰৰ বাবে দিয়া হয়।

ই বৃত্তিৰ বাবে বৰ্তমান আবেদন চলি আছে। আবেদনৰ অন্তিম তাৰিখ ২০২৪ চনৰ ২১ জানুৱাৰী। যিসকল আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীয়ে আৰ্থিক সাহায্যৰে উচ্চ পঢ়া-শুনা অব্যাহত ৰাখিব বিচাৰে তেওঁলোকৰ বাবে এই বৃত্তি নিঃসন্দেহে সৰ্বোত্তম বিকল্প হিচাপে বিবেচিত হ’ব। আবেদন কৰিবলৈ তলত ক্লিক কৰক 👇👇

5 thoughts on “পঢ়া-শুনাৰ খৰচ দিব TATA, কেনেকৈ আবেদন কৰিব !”

Leave a Comment