টকা সঞ্চয় কৰাৰ সহজ ১০ টা উপায় !

WhatsApp Follow

টকা উপাৰ্জন যিমান কঠিন, টকা সঞ্চয় কৰাটো আৰু অধিক কঠিন (Money Saving Tips)। লগতে দেখা যায় যে মাহৰ শেষত দৰমহা বেংকত পোৱাৰ আগতেই বহু লোকে কিছুমান ক্ষেত্ৰত দৰমহাৰ পৰা খৰচৰ হিচাপ কৰে। এই পৰিস্থিতিত বচাবলৈ হেঁপাহ থাকিলেও বহুতে সঞ্চয় কৰিব নোৱাৰে।

কিন্তু পৰিকল্পনা মানি চলিলে বা কিছুমান নিয়ম মানি চলিলে মাহৰ শেষত টকা সঞ্চয় কৰিব পাৰিব। আজি আমি ১০ টা উপায় কম টকা ৰাহি কৰাৰ। যিবোৰ মানি চলিলে মাহৰ শেষত ভাল টকা ৰাহি কৰাত সহায় কৰিব। এই ১০ টা ধন সঞ্চয়ৰ টিপছ চাওক আহক –

টকা সঞ্চয় কৰাৰ সহজ ১০ টা উপায় ! (Money Saving Tips)

(১) বাজেট: প্ৰতিমাহে বাজেট বনাওক আৰু সেই অনুসৰি খৰচ কৰক। বাজেট প্ৰস্তুত কৰিলে প্ৰতিমাহে ধন ৰাহি হ’ব পাৰে।

(২) খৰচৰ হিচাপ: প্ৰতিদিনে যিকোনো খণ্ডত কিমান টকা খৰচ হৈছে তাৰ হিচাপ দৈনিক ৰাখক। ইয়াৰ দ্বাৰা আপোনাৰ আয় আৰু খৰচৰ ধাৰণা এটা পাব।

(৩) আয়ৰ পৰা ৩০ শতাংশ সঞ্চয়: প্ৰতিমাহে উপাৰ্জন কৰা ধনৰ ৩০ শতাংশ সঞ্চয়ৰ বাবে আঁতৰাই ৰাখক আৰু বাকী ৭০ শতাংশ বাজেট কৰক।

(৪) আয় বৃদ্ধি: ধন সঞ্চয় কৰাৰ আটাইতকৈ উত্তম উপায় হ’ল আয় বৃদ্ধি কৰা। খৰচৰ তুলনাত আয় বৃদ্ধি হ’লে প্ৰতিমাহে সঞ্চয় হ’ব।

আৰু পঢ়ক – ষ্টেট বেংকৰ টকা দুগুণ আঁচনি, কেনেকৈ বিনিয়োগ কৰিব ?

৫) তালিকা বনোৱা: প্ৰতিদিনে বজাৰলৈ বা বজাৰ কৰিবলৈ যোৱাৰ সময়ত কি কি কিনিব লাগে তাৰ তালিকা এখন বনাওক আৰু এই তালিকাখন আপোনাৰ বাজেটৰ ভিতৰত থাকিব লাগিব।

৬) অতিৰিক্ত খৰছ কমাব: বহু সময়ত আমি নজনাকৈয়ে অতিৰিক্ত ধন খৰচ কৰো। বিশেষকৈ বাহিৰৰ হোটেল বা ৰেষ্টুৰেণ্টত খাদ্য, চাহ আৰু চিগাৰেট খাই। বা খৰখেদাকৈ ভ্ৰমণৰ পৰিকল্পনা কৰা। ধন ৰাহি কৰিবলৈ হ’লে এই অতিৰিক্ত খৰচৰ ক্ষেত্ৰসমূহ হ্ৰাস কৰিব লাগিব।

৭)অপ্ৰয়োজনীয় সামগ্ৰী বিক্ৰী কৰা: পুৰণি কিতাপৰ পৰা আৰম্ভ কৰি ঘৰৰ আচবাব বা আন বস্তু যিবোৰ বহুদিন ধৰি অব্যৱহৃত হৈ পৰি আছে। এই বস্তুবোৰ বিক্ৰী কৰি আপুনি ধন ঘূৰাই পাব পাৰে বা লাভ কৰিব পাৰে, যিটো আপোনাৰ সঞ্চয়ৰ দিশত যাব।

৮) লক্ষ্মী ভাণ্ডাৰত সঞ্চয় কৰাঃ দৈনন্দিন ঘৰুৱা খৰচৰ পৰা সঞ্চয় হোৱা বা হাতত অহা সৰু টকাখিনি লক্ষ্মী ভাণ্ডাৰ বা বোকা ভাণ্ডাৰত জমা কৰক।

৯) বেংক সঞ্চয়: বেংক একাউণ্ট খুলি একাউণ্ট ৰাখি প্ৰতিমাহে নিৰ্দিষ্ট পৰিমাণৰ ধন সঞ্চয় কৰক আৰু প্ৰতিমাহে তাত টাৰ্গেট ভিত্তিত জমা কৰি থাকিব।

১০) বিনিয়োগ: শেষত বিনিয়োগৰ কথা কওঁ। টকাৰ লগত টকা বাঢ়ে বুলি কথাষাৰ আপুনি নিশ্চয় শুনিছে। বিনিয়োগ হৈছে মাধ্যম। এই দেশত ডাকঘৰৰ পৰা আৰম্ভ কৰি মিউচুৱেল ফাণ্ড, ফিক্সড ডিপজিটলৈকে একাধিক বিনিয়োগ আঁচনি পাব। য’ত টকা বিনিয়োগ কৰি ডাঙৰ টকা উপাৰ্জন কৰিব পাৰি। বিনিয়োগৰ বিষয়ে অধিক জানিবলৈ ইয়াত ক্লিক কৰক 👉 ( Click Here )

Leave a Comment