গেছত ৰান্ধা সকলৰ সন্তানৰ হ’ব এই ৰোগ !

WhatsApp Follow

আজিৰ সময়ত সকলোৱে LPG গেছ ব্যৱহাৰ কৰি খাদ্য ৰান্ধে। নিৰ্বাচন আহিলেই বা দাম বৃদ্ধি হলেই ৰাজনৈতিক দলসমূহেও ৰন্ধন গেছক লৈ ইছ্যু কৰি বহু ৰাজনীতি কৰে। কিন্তু আপুনি জানেনে এই এল পি জি গেছ আপোনাৰ স্বাস্থ্যৰ বাবে কিমান ক্ষতিকাৰক। আটাইতকৈ বিপদজনক কথাটো হ’ল এই গেছত তৈয়াৰী খাদ্যই আপোনাৰ বিশেষ ক্ষতি নকৰে,

পাকঘৰত এই গেছ জ্বলোৱাৰ ফলত হোৱা ক্ষতি বেছি। যদি আপুনি এপাৰ্টমেণ্ট বা ফ্লেটত থাকে, তেন্তে আপোনাৰ বাবে ই আৰু অধিক বিপদজনক। আচলতে এনে ঘৰৰ পাকঘৰ ঘৰৰ ভিতৰত আৰু খোলা থাকে, এনে পৰিস্থিতিত এল পি জি গেছৰ পৰা নিৰ্গত প্ৰদূষণ গোটেই ঘৰটোত বিয়পি পৰে আৰু সময়ৰ লগে লগে মানুহক অসুস্থ কৰি তোলে।

দ্য গাৰ্ডিয়ানত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ৰকি মাউণ্টেন ইনষ্টিটিউটৰ গৱেষকে তেওঁৰ গৱেষণাত গেছ ব্যৱহাৰৰ ফলত ঘৰটোত ইমানেই প্ৰদূষণ হয় যে মানদণ্ড অনুসৰি ইয়াক কোনো জীৱিত জীৱৰ বাবে উপযুক্ত বুলি ধৰিব নোৱাৰি। বিশেষকৈ মানুহৰ বাবে একেবাৰেই নহয়। এই গৱেষণাৰ মুৰব্বী ব্ৰেডী ছিলছে কয় যে আজি আমি এনে এটা দহন যন্ত্ৰ (ঘৰত গেছ জ্বলোৱা)ৰ লগত অভ্যস্ত হৈ পৰিছো, যিটো ঘৰৰ ভিতৰত থাকিব নালাগিছিল।

এই গৱেষণাত কোৱা হৈছে যে ঘৰত গেছ জ্বলাই নিৰ্গত হোৱা নাইট্ৰজেন ডাই অক্সাইড আৰু কাৰ্বন মনোক্সাইড গেছ শিশুৰ বাবে অতি বিপদজনক। প্ৰতিবেদনত কোৱা হৈছে যে যিবোৰ ঘৰত এল পি জি গেছ বেছি ব্যৱহাৰ কৰা হয়, সেইবোৰ ঘৰত শিশুৰ হাপানীৰ সম্ভাৱনা ৪২ শতাংশ বৃদ্ধি পায়।

একে সময়তে অষ্ট্ৰেলিয়াত কৰা এক গৱেষণাৰ পৰা জানিব পৰা গৈছে যে শৈশৱত হাপানী ৰোগত আক্ৰান্ত ১২.৩% শিশু ঘৰতে জ্বলোৱা এল পি জি গেছৰ বাবে দায়ী হ’ব পাৰে। আনহাতে, এই এল পি জি গেছ বয়োজ্যেষ্ঠসকলৰ বাবেও সমানেই বিপদজনক। এই গেছত ৰন্ধা সময়ত নিৰ্গত হোৱা নাইট্ৰজেন ডাই অক্সাইড আৰু কাৰ্বন মনোক্সাইডে যিকোনো মানুহৰ হাওঁফাওঁৰ ৰোগৰ জন্ম দিয়ে। ইয়াৰ বাবেই মানুহৰ গৰমৰ লগত জড়িত সমস্যা, ডাইবেটিছ আনকি কেন্সাৰ হোৱাৰ সম্ভাৱনাও বাঢ়ি যায়।

1 thought on “গেছত ৰান্ধা সকলৰ সন্তানৰ হ’ব এই ৰোগ !”

Leave a Comment