১০০ বছৰৰ মূৰকত হোলীত এইবাৰ চন্দ্ৰগ্ৰহণ, এইসকল ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ !

WhatsApp Follow

হোলীত এইবাৰ চন্দ্ৰগ্ৰহণ । ১০০ বছৰৰ মূৰকত এইবাৰ হোলীত এই বিচিত্ৰ সংযোগ হ’বলৈ গৈ আছে। জ্যোতিষ গণনা অনুসৰি এই চন্দ্ৰগ্ৰহণ আৰু হোলীয়ে লগ লাগি কেইবাটাও ৰাশিৰ বাবে মুকলি কৰিব সৌভাগ্যৰ দুৱাৰ।

উল্লেখ্য যে, এইবাৰ ২৪ আৰু ২৫ মাৰ্চ তাৰিখে হোলী উৎসৱৰ দিন পৰিছে। তাৰে মাজতে আকৌ ২৫ তাৰিখে পুৱাই চন্দ্ৰ গ্ৰহণো লাগিব। পুৱা ১০ বাজি ২৪ মিনিটত আৰম্ভ হৈ ৩ বাজি ১ মিনিটলৈ থাকিব এই গ্ৰহণ। সম্পূৰ্ণ ৪ ঘণ্টা ৩৬ মিনিট থাকিব গ্ৰহণ। ১০০ বছৰৰ মূৰত হ’ব এনে ঘটনা। জ্যোতিষ গণনা অনুসাৰে ইয়াৰ পূৰ্বে ১৯২৪ চনত হোলীৰ সময়তে এইদৰে চন্দ্ৰগ্ৰহণ লাগিছিল।

পাছে এইবাৰৰ চন্দ্ৰগ্ৰহণ দিনৰ ভাগতে হোৱা বাবে ভাৰতবৰ্ষৰ কোনো ঠাইতে দেখা পোৱা নাযাব। লগতে এইবাৰ আংশিক গ্ৰহণ হে হ’ব। ইয়াৰ পূৰ্বৰ ১৯২৪ চনৰ গ্ৰহণ ভাৰতত দেখা পোৱাৰ লগতে সেইবাৰ পূৰ্ণ চন্দ্ৰ গ্ৰহণ আছিল।

জ্যোতিষশাস্ত্ৰই গণনা কৰি জানিবলৈ দিয়া অনুসাৰে এইবাৰৰ গ্ৰহণে ৫ ৰাশিৰ লোকৰ বাবে আনি আছে অতিকে সৌভাগ্যৰ দিন। হোলীৰ পাছৰে পৰা ৫ ৰাশিৰ লোকৰ জীৱনলৈ কেৰিয়াৰ , ব্যৱসায় আদিৰ ক্ষেত্ৰত সৌভাগ্য আনি আছে।

মেষ ৰাশিঃ এই লোকৰ বাবে ভাল দিনৰ আগমণ হ’ব। কেৰিয়াৰ গ্ৰাফ উন্নতি হোৱাৰ লগতে পাব লগা ধন হাতলৈ আহিব, যাৰ ফলত ব্যৱসায়ত উন্নতি হ’ব লগতে চাকৰিয়াল সকলৰ দৰমহা বৃদ্ধি পাব।

মিথুন ৰাশিঃ এই লোক সকলৰ বাবেও ধনৰ আগমণ হ’ব। ব্যৱসায়ৰ সৈতে জড়িত কাম কাজত উন্নতি হ’ব। সন্মান প্ৰাপ্তিৰ যোগ যথেষ্ট।

তুলা ৰাশিঃ এই লোকৰ বাবেও সকলো দিশ অনুকুল হৈ পৰিব। জীৱনলৈ বাহন ক্ৰয়ৰ সুবিধা আহিব পাৰে, নাইবা সম্পত্তিৰ দিশতো ভাল উন্নতি হোৱাৰ সম্ভাৱনা।

লগতে চাওক – ১৮ বছৰৰ পাছত বুধ-ৰাহুৰ সংযোগ, ৪ ৰাশিৰ হাতত আহিব টকা !

মকৰ ৰাশিঃ এই লোকৰ জীৱনতো সুখৰ প্ৰভাৱ বৃদ্ধি পাব। মনে বিচৰা ধৰণে ঠাইত কাম পোৱাৰ সম্ভাৱনা। লগতে হোলীৰ পাছতে বস্ত্ৰ অথবা আ-অলংকাৰ লাভ কৰিব পাৰে। বিদেশ ভ্ৰমণৰো যোগ দেখা যায়।

কুম্ভ ৰাশিঃ এই লোকৰ সন্মান বৃদ্ধিৰ যোগ। লগতে কৰ্ম ক্ষেত্ৰত উন্নতি। বিৰোধী সকলো হৈ পৰিব আপোনাৰ অনুগামী।

Disclaimer – এই প্ৰতিবেদন কেৱল ইন্টাৰনেটত উপলব্ধ তথ্যৰ উপৰত ভিত্তি কৰি সাধাৰণ জ্ঞান প্ৰদানৰ বাবেহে দিয়া হৈছে, Jibonor Shongram এ এই তথ্যৰ নিশ্চয়তা আৰু সত্যতা প্ৰদান নকৰে আৰু দায়িত্ব গ্ৰহণ নকৰে। লেখাবোৰ পঢ়ি ভাল পালে যদি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।

1 thought on “১০০ বছৰৰ মূৰকত হোলীত এইবাৰ চন্দ্ৰগ্ৰহণ, এইসকল ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ !”

Leave a Comment