২৪ হাজাৰ টকাৰ এই ইলেক্ট্ৰিক স্কুটাৰ, মাহিলী কিস্তিৰ সৈতে

WhatsApp Follow

The electric scooter costs Rs 24,000 with monthly installments, নতুন বছৰৰ পূৰ্বে আকৰ্ষণীয় নগদ ৰেহাই, কম MEI আৰু বিনামূলীয়া অতিৰিক্ত ৱাৰেণ্টীৰ সৈতে ২৪ হাজাৰ টকাত কিনাৰ সুবিধা আগবঢ়াইছে। সংস্থাটোৰ এই নতুন পদক্ষেপৰ নাম “Ather Electric December”। ঘোষণা কৰিছিল অলা ইলেক্ট্ৰিক। প্ৰতিযোগী ইথাৰ এনাৰ্জীৰ সৈতে বছৰৰ শেষৰ অফাৰ এটা লৈ আহিছে অলাই।

ক’ৰোণাৰ পিছৰে পৰা সাধাৰণ গ্ৰাহকৰ মাজত ই-স্কুটাৰ বা ই-বাইক ক্ৰয়ৰ ধাৰা বহু পৰিমাণে বৃদ্ধি পাইছে। এই সুযোগ ব্যৱহাৰ কৰিবলৈ ইথাৰে বিশেষ উদ্যোগ লৈছে।

কোম্পানীটোৰ সূত্ৰ অনুসৰি ইথাৰ এনাৰ্জীয়ে ডিচেম্বৰ মাহৰ বাবে বিভিন্ন সুবিধা প্ৰৱৰ্তন কৰি পৰম্পৰাগত বাহনৰ পৰিৱৰ্তে পৰিৱেশ অনুকূল বাহন গ্ৰহণ কৰাৰ পথ প্ৰশস্ত কৰিছে আৰু গ্ৰাহকক উৎসাহিত কৰিছে।

ইথাৰ কৰ্তৃপক্ষই জনোৱা মতে, ডিচেম্বৰৰ এই অফাৰত গ্ৰাহকে ২৪ হাজাৰ টকা পৰ্যন্ত ৰাহি কৰিব পাৰিব। ইয়াৰে নগদ সুবিধা ৬৫০০ টকা পৰ্যন্ত হ’ব।

তদুপৰি ডিচেম্বৰৰ বিশেষ অফাৰ উপলক্ষে ৫ হাজাৰ টকাৰ ৰেহাইৰ উপৰিও ১৫০০ টকাৰ অতিৰিক্ত ৰেহাই কৰ্পৰেট অফাৰ হিচাপে উপলব্ধ হ’ব।

ডিচেম্বৰৰ এই বিশেষ অফাৰ ইথাৰৰ দুখন বেষ্ট চেলিং ইলেক্ট্ৰিক স্কুটাৰ ৪৫০এক্স আৰু ৪৫০এছত বৈধ হ’ব। যিটো ৩১ ডিচেম্বৰলৈকে বৈধ। ইয়াতেই শেষ নহয়। ইথাৰ বেটাৰী চালিত স্কুটাৰখন মাহেকীয়া কিস্তিত কিনিব বিচৰা গ্ৰাহকৰ বাবে বাৰ্ষিক সুতৰ হাৰ ৫.৯৯% হ’ব।

ফলত গ্ৰাহকে সুতত ১২ হাজাৰ টকা পৰ্যন্ত সঞ্চয় কৰিব পাৰে। আনকি এই মাহত শূন্য ডাউন পেমেণ্ট অৰ্থাৎ প্ৰথম অৱস্থাত এটকাও খৰচ নকৰাকৈ নতুন স্কুটি কিনাৰ সুযোগো আছে। ক্ৰেতাই সৰ্বাধিক ৬০ মাহলৈকে MEI বাছি লোৱাৰ সুযোগ পাব।

লগতে ক্ৰেতাই বিনামূলীয়াকৈ লাভ কৰিব ৭ হাজাৰ টকাৰ ইথাৰ বেটাৰী প্ৰটেক্ট প্লেন। বেটাৰীৰ ৱাৰেণ্টীৰ অতিৰিক্ত পৰিসৰও আছে। ডিচেম্বৰ পেকেজত পাঁচ বছৰ বা ৬০ হাজাৰ কিলোমিটাৰ পৰ্যন্ত বেটাৰীৰ ৱাৰেণ্টী দিয়া হৈছে।

Leave a Comment