এই ৪ ধৰণৰ খাদ্য প্ৰেচাৰ কুকাৰত ৰান্ধিব নালাগে, বিপদ হ’ব পাৰে !

Daily Job Update Follow

( These 4 types of foods should not be cooked in pressure cookers, they can be dangerous ) আজিৰ ব্যস্ত যুগত মানুহৰ জীৱনত যেন খৰখেদা হৈ পৰিছে । আৰু প্ৰেচাৰ কুকাৰ হৈছে ৰন্ধা-বঢ়াৰ ক্ষেত্ৰত সময় ৰাহি কৰা অন্যতম গুৰুত্বপূৰ্ণ সংগী । যিকোনো ৰন্ধা-বঢ়া অতি কম সময়তে প্ৰস্তুত কৰা হয় । বহুতে বেছিভাগ শাক-পাচলি আৰু মাংস ৰান্ধিবলৈ প্ৰেচাৰ কুকাৰত ৰন্ধাটো পছন্দ কৰে । কিন্তু আপুনি জানেনে কিছুমান খাদ্য আছে যিবোৰ প্ৰেচাৰ কুকাৰত একেবাৰেই ৰন্ধা উচিত নহয় ? আৰু যদি কৰে তেন্তে চৰম দুৰ্ঘটনা হ’ব পাৰে ! তেন্তে বিতংভাৱে জানি লওক –

১) শাক-পাচলি, যদি প্ৰেচাৰ কুকাৰত ৰন্ধা হয় তেন্তে তাত থকা ভিটামিন, মিনাৰেল আৰু অন্যান্য পুষ্টিকৰ উপাদান সহজে নষ্ট হৈ যায় । গতিকে ইয়াৰ ফলত বহু সময় ৰাহি হ’লেও প্ৰেচাৰ কুকাৰত শাক-পাচলি উতলাব নালাগে । প্ৰেচাৰ কুকাৰত থকা তাপে শাক-পাচলিত থকা সকলো পুষ্টিকৰ উপাদান নষ্ট কৰে ।

২) কণী, সাধাৰণতে কণী স্বাভাৱিক উষ্ণতাত উতলাব লাগে । আৰু যদি প্ৰেচাৰ কুকাৰত তেন্তে ভুল । কাৰণ প্ৰেচাৰ কুকাৰে খাদ্য সামগ্ৰী উচ্চ উষ্ণতাত ৰান্ধে । প্ৰেচাৰ কুকাৰত কণী উতলাব নালাগে কাৰণ অধিক উষ্ণতাত কণী ফাটিব পাৰে ।

৩) মাছ, বহুতে মাছত মছলা মিহলাই প্ৰেচাৰ কুকাৰত ৰান্ধে । কিন্তু সেয়া কৰিব নালাগে । কাৰণ ই মাছৰ পুষ্টিৰ গুণাগুণ নষ্ট কৰাৰ লগতে মাছবোৰো ভাঙি পেলায় ।

৪) গাখীৰ, গাখীৰ প্ৰেচাৰ কুকাৰত ৰন্ধা উচিত নহয় । কাৰণ প্ৰেচাৰ কুকাৰত থকা তাপৰ ফলত গাখীৰ সোনকালে গৰম হয় আৰু গাখীৰ উতলি উঠে । গাখীৰৰ সোৱাদ নষ্ট যোৱাৰ সম্ভাৱনাও থাকে ।

Leave a Comment