এই ৫তটা ভুল কৰিলে আপোনাৰ WhatsApp বন্ধ হৈ যাব, ভুল সমূহ কি জানেনে ?

WhatsApp Follow

যোগাযোগ বা মেছেজ পঠিওৱাৰ ক্ষেত্ৰত বহুল ব্য়ৱহৃত এপ হৈছে WhatsApp৷ বিশ্বজুৰি বহুল প্ৰচলিত এই এপ্লিকেশ্বন৷ ভাৰততো WhatsApp-ৰ কেইবাশ কোটি গ্ৰাহক আছে৷ দিনে ৰাতিয়ে এই এপ ব্যৱহাৰ কৰে গ্ৰাহকে৷ কিন্তু এই এপ ব্যৱহাৰত সামান্যতম ভুল হ’লেও বন্ধ হৈ পৰিব এই WhatsApp একাউণ্ট৷ গ্ৰাহকৰ কি কি ভুলৰ বাবে বন্ধ হৈ পৰে WhatsApp একাউণ্ট?

এই ৫ টা ভুল কাহানিও নকৰিব !

১/ আপুনি যদি ৱাটছএপ চলাবৰ বাবে থাৰ্ড পাৰ্টী এপ ব্য়ৱহাৰ কৰে তেন্তে কোম্পানীয়ে আপোনাৰ বিৰুদ্ধে বিহিত ব্য়ৱস্থা ল’ব পাৰে৷ জিবি ৱাটছএপ, ৱাটছএপ প্লাছ, ৱাটছএপ ডেল্টাৰ দৰে এপত যিকোনো মুহূৰ্ততে আপোনাৰ একাউণ্ট বন্ধ হৈ পৰিব পাৰে৷

২/ অন্য় কোনো নম্বৰৰ তথ্য দি WhatsApp একাউণ্ট তৈয়াৰ কৰিলেও কোম্পানীয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব পাৰে৷ এই ধৰণৰ WhatsApp একাউণ্ট তৈয়াৰ কৰিলে স্থায়ীভাৱে নিষিদ্ধ কৰা হ’ব পাৰে আপোনাৰ একাউণ্ট? অন্য কাৰো তথ্যৰে ৱাটছএপ একাউণ্ট তৈয়াৰ কৰাটো নিষিদ্ধ৷

৩/ আপুনি যদি ক্ৰমাগতভাৱে কোনো অচিনাকি ব্য়ক্তিক বাৰ্তা পঠিয়াই থাকে তেন্তে আপোনাৰ একাউণ্ট বন্ধ হ’ব পাৰে৷ আপোনাৰ পৰিচিত তালিকাত নথকা নাম্বাৰত বাৰে বাৰে মেছেজ দি থকাটো WhatsApp-ৰ সংবিধানত নিষিদ্ধ৷ সেয়ে এনে কামৰ পৰা বিৰত থাকক৷

৪/ যদি বহু লোকে আপোনাৰ WhatsApp একাউণ্টত ৰিপৰ্ট বা ব্লক মাৰে তেন্তে বুজিব আপোনাৰ একাউণ্ট বিপদত৷

৫/ আপুনি যদি আপোনাৰ WhatsApp একাউণ্টৰ মাধ্যমেৰে নিষিদ্ধ, অশ্লীল বিষয়বস্তু প্ৰেৰণ কৰে বা ধমকিসূচক বাৰ্তা পঠিয়াই তেন্তে আপোনাৰ WhatsApp একাউণ্ট বন্ধ হৈ পৰিব পাৰে৷ কোম্পানীৰ নিয়মৰ বিৰুদ্ধে গ’লেই বন্ধ কৰিব পাৰে আপোনাৰ একাউণ্ট৷

ৱাটছএপ একাউণ্ট বন্ধ হলে কি কৰিব লাগিব ?

আপুনি যদি ভাৱে আপোনাৰ একাউণ্টটো  কাৰণবিহীনভাৱেই বন্ধ হৈছে তেন্তে আপুনি এই একাউণ্ট খুলিবৰ বাবে অনুৰোধ কৰিব পাৰে৷ ইয়াৰ বাবে ৱাটছএপলৈ গৈ ৰিকুৱেষ্ট এ ৰিভিউ অপশ্ব্যনত ক্লিক কৰিব৷ WhatsApp আপোনাৰ সেই ৰিকুৱেষ্ট পৰীক্ষা কৰি একাউণ্টটো খুলিবনে সেই বিবেচনা কৰিব৷

Leave a Comment