কুন্দুলীৰ সেৱন কৰিলে এইসমূহ ৰোগ ভাল হয় !

Daily Job Update Follow

কুন্দুলী এবিধ লতাজাতীয় উদ্ভিদ।কুন্দুলী সাধাৰণতে জেওৰা বা গছত বগাই যায়।পাচলি হিচাপে কুন্দুলী খোৱা হয়।ইয়াৰ ফুলৰ ৰং বগা। পাত আৰু গা-গছত মিহি নোম আছে।ফল ডিম্বাকাৰ।কেচাঁ অৱস্থাত ফলৰ ৰং সেউজীয়া।পকিলে উজ্বল হালধীয়া ৰঙা ৰংৰ হয়।কুন্দুলীৰ গাটো অতি নিমজ।ফলৰ গাঁত সৰু সৰু আঁচ থকাৰ নিচিনা।ফলৰ ভিতৰত অসংখ্য গুটি থাকে।কিছুমান ফলৰ ভিতৰখন বগা আৰু কিছুমান পাতল গুলপীয়া।কুন্দুলী খাবলৈ অলপমান টেঙেচীয়া। কুন্দুলীৰ ঔষধি গুণসমূহ হৈছে-

>> গৰু-ছাগলীৰ ছালত হোৱা বিভিন্ন ৰোগত কুন্দুলীৰ পাতৰ ৰস লগালে ৰোগ নিৰাময় হয়।

>> কুন্দুলীৰ কেঁচা ফলৰ ৰসে জিভাৰ ঘাঁ শুকোৱাত সহায় কৰে।

>> কুন্দুলীৰ গা-গছ খুন্দি-তাৰ ৰস উলিয়াই খালে ব্ৰংকাইটিছ ৰোগ নিৰাময় হয়।

>> শৰীৰত হোৱা খজুৱতিত কুন্দুলীৰ কেঁচাপাত থেতেলিয়াই মিহি কৰি লগালে খজুৱতি কমে।

>> বহুমূত্ৰ ৰোগীয়ে কুন্দুলীৰ পাত থেতেলিয়াই ৰস উলিয়াই খালে ভাল ফল পায়।


আৰু পঢ়ক
>> কিহৰ অভাৱত চুলি পকে ? পকা চুলি ৰোধ কৰাৰ সহজ উপায়বোৰ কি কি ?
>> আপোনাৰ Kidney ত পাথৰ হৈছে আপুনি কেনেকৈ জানিব ?


>> কুন্দুলীৰ পাতৰ ৰস যিকোনো জন্তুৱে কামোৰা অংশত লগালে সোনকালে আৰাম পায়।

>> ছালৰ যিকোনো ৰোগত কুন্দুলীৰ পাতৰ ৰস লগালে উপকাৰ পোৱা যায়।

বিঃদ্রঃ এই আর্টিকেলটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়িবলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্রহণ কৰক ।

Leave a Comment