হাতত টকা আহিব, পুৱা শুই উঠিয়েই মানি চলক এইকেইটা বাস্তু টিপছ

WhatsApp Follow

আপুনি বাৰু আপোনাৰ ৰাতিপুৱাটো কেনেকৈ আৰম্ভ কৰিব? পুৱা শুই উঠাৰ পিছত কি কৰিব, কি নকৰিব? আহক জানো বাস্তু শাস্ত্ৰই এই সন্দৰ্ভত কি কয়?

বাস্তু শাস্ত্ৰ মতে, ৰাতিপুৱাটো হৈছে গোটেই দিনটোৰ আইনা। পুৱাৰ আৰম্ভণি ভাল হ’লে গোটেই দিনটো ভাল হয়।

পিছে পুৱা শুৱাৰ পৰা উঠি আৰম্ভণি কি কামেৰে কৰিব? টোপনিৰ পৰা সাৰ পোৱাৰ পিছত কি কৰিব, কি নকৰিব? আহক জানি লওক বাস্তু শাস্ত্ৰ অনুসৰি পুৱা শুই উঠি কি কৰিব লাগে আৰু কি কৰিলে বেয়া বুলি গণ্য কৰা হয়।

১. প্ৰায়ভাগ লোকে পুৱা উঠিয়েই আইনাত মুখখন চায়। কিন্তু এই অভ্যাস একেবাৰে ভাল নহয়। চাফা কাপোৰ পিন্ধি চুলি আচোৰাৰ সময়তহে আইনাত মুখখন চাব লাগে। এইটো অভ্যাস আৰম্ভ কৰক আৰু ধনাত্মক শক্তি সঞ্চাৰ কৰক।

২. পুৱা শুই উঠি যোগাসন কৰা আৰম্ভ কৰক । পুৱাই যোগাভ্যাস কৰিলে শৰীৰ আৰু মন দুয়োটাৰে বাবে অতি উত্তম। সূৰ্য্য নমস্কাৰ কৰিলে দিনটো দেহ-মনত ভাল শক্তি প্ৰবাহিত হয়।

৩. পুৱা শুই উঠি শংখৰ শব্দ শুনাটো অতি শুভ বুলি গণ্য কৰা হয়। লগতে পুৱা শুই উঠি শংখ, নাৰিকল, ফুল আৰু ময়ুৰ দেখাটো বাস্তু শাস্ত্ৰ অনুসৰি অতি শুভ। গতিকে এইবোৰ বস্তুৰ লগতে ময়ুৰৰ মূৰ্তি আপোনাৰ শোৱা কোঠাত ৰাখিব পাৰে যাতে আপুনি সাৰ পোৱাৰ পিছত দেখা পায়।

৪. ৰাতিপুৱা সাৰ পাই দুৱাৰ-খিৰিকী খুলি দিব। নতুন পুৱাৰ পোহৰে আপোনাৰ পৰিয়াললৈ ইতিবাচক শক্তি কঢ়িয়াই আনে।

৫. পূব দিশৰ পোহৰ অতি শুভ। গতিকে ৰাতিপুৱা শুই উঠি পূব ফালৰ দুৱাৰৰ খিৰিকীখন খুলিব। কিন্তু বাস্তুৰ মতে পশ্চিমৰ পোহৰ ইমান ভাল নহয়।

৬. পৰিয়ালৰ সকলোৱে একেলগে ব্ৰেকফাষ্ট কৰিবলৈ চেষ্টা কৰিব। ই পাৰিবাৰিক বন্ধন মজবুত কৰে।

Leave a Comment