এই অভিনেতাই ১৫০ টা অনাথ শিশুৰ বোজা কান্দত তুলি লৈছে

দক্ষিণ ভাৰতৰ অভিনেতা ৰাঘৱ লৰেন্স ইতিমধ্যে মানৱীয় কামৰ বাবে পৰিচিত। তেওঁক প্ৰায়ে বিভিন্ন মানৱীয় কাম-কাজত দেখা যায়। ইয়াৰ পিছতে তেওঁ এইবাৰ ১৫০ টা অনাথ শিশুক দত্তক ল’লে। এই শিশুসকলৰ ৰক্ষণাবেক্ষণৰ লগতে তেওঁলোকৰ শিক্ষাৰ দায়িত্বও তেওঁ লৈছে। অভিনেতা ৰাঘৱে নিজেই টুইট কৰি এই খবৰ প্ৰকাশ কৰে।

নতুন চিনেমাৰ গীত মুক্তিৰ উপলক্ষে ৰাঘৱে কৰিছে লৰেন্সৰ আগন্তুক কাম। গীত মুক্তিৰ অনুষ্ঠানৰ পৰা দত্তক ল’ৰা-ছোৱালীকেইটাৰ সৈতে এখন ছবি টুইটাৰত শ্বেয়াৰ কৰে ৰাঘৱে। তেওঁ কেপচনত লিখিছে, ‘মই মোৰ সুখৰ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছো। “ৰুধৰণ” চিনেমাখনৰ অডিঅ’ মুক্তি উপলক্ষে মই ১৫০ টা শিশুক দত্তক লৈ তেওঁলোকৰ শিক্ষাৰ দায়িত্ব লৈছো। আপনালোকৰ প্ৰাৰ্থনা বিচাৰো।

তেওঁৰ পোষ্টটোৰ কমেণ্টত বহুতে তেওঁক এই মানৱীয় কামৰ বাবে প্ৰশংসা কৰে। কেৱল অনুৰাগীয়ে তেওঁক প্ৰশংসা কৰাই নহয়, বহু তাৰকাইও তেওঁক শুভ কামনা দিছে। দক্ষিণৰ তাৰকা আল্লু অৰ্জুনেও তেওঁৰ কামত আপ্লুত হৈছে। অভিনেতাজনে পোষ্ট কৰা ছবিখনৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আল্লু অৰ্জুনে।

ইয়াৰ পূৰ্বে লৰেন্সে অসুবিধাগ্ৰস্ত শিশুসকলৰ কাষত থিয় দিছিল। তেওঁৰ দাতব্য সংস্থা লৰেন্স চেৰিটেবল ট্ৰাষ্টে বহু শিশুৰ স্কুলীয়া শিক্ষা, হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ আদিত সহায় আগবঢ়াই আহিছে।

CopyAMP code

Leave a Comment