গুগল পেৰ পৰা ১৫১ টকা পোৱাৰ ডাঙৰ সুযোগ, কেনেকৈ পাব জানক !

WhatsApp Follow

IPL-ৰ ছিজনত Google Pay-ৰ ধমকধৰ অফাৰ ৷ আজিকালি কোনে UPI পেমেণ্ট নকৰে ! তেনে ক্ষেত্ৰত Google Pay লোৱা ভূমিকা সম্পৰ্কে বহুতে সচেতন। Google Pay আপোনালোকৰ বাবে লৈ আহিছে এক আকৰ্ষণীয় উপহাৰ। এই কাম কৰিলে আপুনি IPL ছিজনত ১৫১ টকা কেছবেক পাব ।

Google Pay তেওঁলোকৰ এপত ক্ৰিকেট ফেষ্ট নামৰ এক বিশেষ অনুষ্ঠান আৰম্ভ কৰিছে । যাৰ জৰিয়তে ১৫১ টকীয়া কেছবেক সহজে উপলব্ধ ৷ মাত্ৰ ইয়াৰ বাবে আপুনি এই অনুষ্ঠানৰ জৰিয়তে ২০০ ছুপাৰ ফেন পাব লাগিব। তেতিয়া ১৫১ টকীয়া পৰ্যন্ত কেছবেক পোৱাৰ সুযোগ আছে। অৱশ্যে এই সুযোগ ২৪ মাৰ্চলৈকে উপলব্ধ হ’ব ৷

ক্ৰিকেট ফেষ্ট অফাৰৰ জৰিয়তে ১৫১ টকা কেছবেক কেনেকৈ পাব ?

(১) যদি আপোনাৰ Google Pay একাউণ্ট নাই তেন্তে প্ৰথমে প্লে ষ্ট’ৰৰ পৰা Google Pay এপটো ডাউনলোড কৰক।

(২) এতিয়া আপোনাৰ বেংক একাউণ্টৰ সকলো তথ্যৰে Google Pay একাউণ্ট খোলক।

(৩) এতিয়া ভিতৰলৈ গৈ অলপ তললৈ নামি যাওক। আপুনি Offers & Rewards নামৰ এটা বিকল্প দেখিব। ইয়াত ক্লিক কৰিলে ক্ৰিকেট ফেষ্ট নামৰ আন এটা বিকল্প পাব, তাত ক্লিক কৰক।

(৪) এতিয়া আপুনি Gather Superfans নামৰ এটা বুটাম দেখিব, টিপক।

(৫) এতিয়া আপোনাৰ ফোনটোৰ কন্টাক্ট লিষ্টত সকলোৰে নাম দেখা পাব। তেওঁলোকৰ নামৰ কাষত Ask নামৰ এটা বিকল্প থাকিব, তাত ক্লিক কৰক। তেতিয়াহে আপোনাৰ ফোনটোৰ যোগাযোগ তালিকাত থকা নিজ নিজ ব্যক্তিজনৰ ওচৰলৈ এটা লিংক যাব।

(৬) এতিয়া যদি সেই ব্যক্তিজনে আপুনি পঠোৱা লিংকটোত ক্লিক কৰে তেন্তে নামটোৰ তলত ১ টা ছুপাৰ ফেন যোগ হব।

(৭) লগতে তাত Cricket Match option ত ক্লিক কৰি এটা সহজ খেল খেলিব পাৰিব। ইয়াক খেলিও আপুনি ছুপাৰফেন সংগ্ৰহ কৰিব পাৰে।

(৮) আপুনি ২০০ টা ছুপাৰফেন সংগ্ৰহ কৰাৰ পিছত গুগল পেই স্ক্ৰেচ কাৰ্ড প্ৰদান কৰিব।

(৯) ইয়াক আঁচোৰ মাৰি ১৫১ টকা পৰ্যন্ত কেছবেক জিকিব পাৰিব।

Leave a Comment