ৰজা আৰু বাদশাৰ মাজত পাৰ্থক্য কি ? ৯০% মানুহে নাজানে !

WhatsApp Follow

লিখিত পৰীক্ষাই হওক বা সাক্ষাৎকাৰেই হওক, সাধাৰণ জ্ঞানৰ প্ৰশ্নবোৰ অতি গুৰুত্বপূৰ্ণ। চাকৰিৰ পৰীক্ষা ফাটিবলৈ এই ধৰণৰ প্ৰশ্নবোৰ নিয়মিতভাৱে জনাটো প্ৰয়োজনীয়। মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিবলৈও সক্ষম। কিছু অজ্ঞাত প্ৰশ্নৰ উত্তৰ এই প্ৰতিবেদনত অনা হৈছে।

১) প্ৰশ্ন : কোনটো চৰাইৰ লাথিৰ ফলত মানুহৰ মৃত্যু হ’ব পাৰে?
উত্তৰঃ উটপক্ষীৰ ভৰিৰ বল ইমানেই বেছি যে ইয়াৰ লাথিৰে মানুহকো হত্যা কৰিব পাৰে।

২) প্ৰশ্ন : বৰষুণ দিলে এটা বিশেষ গোন্ধ ওলায়, গোন্ধটো কি জানেনে?
উত্তৰঃ বৰষুণৰ পানীৰ লগত মিহলি বেক্টেৰিয়া আৰু অ’জন গেছ।

৩) প্ৰশ্ন : চিকিৎসা বিজ্ঞানত কিমান প্ৰকাৰৰ মূৰৰ বিষৰ কথা উল্লেখ আছে?
উত্তৰঃ চিকিৎসা বিজ্ঞানত প্ৰায় ১৫০ প্ৰকাৰৰ মূৰৰ বিষৰ কথা উল্লেখ আছে।

৪) প্ৰশ্ন : ‘টম এণ্ড জেৰী’ কাৰ্টুনখন প্ৰথম কোন বছৰত নিৰ্মাণ কৰা হৈছিল?
উত্তৰঃ ‘টম এণ্ড জেৰী’ ১৯৪০ চনত নিৰ্মাণ কৰা হৈছিল।

৫) প্ৰশ্ন : কোন প্ৰজাতিৰ বাদুলিয়ে মানুহৰ তেজ খায়?
উত্তৰ : ভেম্পায়াৰ বেট।

৬) প্ৰশ্ন : ভাৰতত কোন বছৰত এ টি এম প্ৰৱৰ্তন কৰা হৈছিল ?
উত্তৰঃ ১৯৮৭ চনত।

৭) প্ৰশ্ন : কোনখন মহাদেশত মেলেৰিয়া বেছি?
উত্তৰঃ আচলতে আফ্ৰিকা মহাদেশত অধিক বনাঞ্চলৰ বাবে মেলেৰিয়া বেছি।

৮) প্ৰশ্ন : কোনখন দেশত হাতীৰ মুখৰ দৰে পাহাৰ আছে ?
উত্তৰ : আইচলেণ্ডত।

৯) প্ৰশ্ন : কোনজন ব্যক্তিক ‘ভাৰতৰ শ্বেক্সপীয়েৰ’ বুলি কোৱা হয়?
উত্তৰঃ কবি কালিদাসক ‘ভাৰতৰ শ্বেক্সপীয়েৰ’ বুলি কোৱা হয়।

১০) প্ৰশ্ন : ৰজা আৰু বাদশাৰ মাজত পাৰ্থক্য কি ?
উত্তৰঃ আচলতে হিন্দু শাসকক ৰাজ আৰু মুছলমান শাসকক বাদশ্বাহ বুলি কোৱা হয় (ৰজা আৰু বাদশ্বাহ একে পদবীৰ ব্যক্তি)।

Leave a Comment