কি বস্তু তিতিলে ১ কেজি, শুকালে ২ কেজি আৰু জ্বলাই দিলে ৩ কেজি হয় ?

WhatsApp Follow

সৰুতে আমাৰ পাঠ্যক্ৰমৰ এটা বিষয় আছিল সাধাৰণ জ্ঞান বা জি কে। আমাৰ চৌপাশৰ প্ৰতি সজাগতা বৃদ্ধিৰ বাবে আমাক এই বিষয়টো শিকাইছিল। আমাৰ প্ৰত্যেকৰে সাধাৰণ জ্ঞানৰ ধাৰণা থাকিব লাগে। লগতে চাকৰি প্ৰত্যাশীসকলৰ বাবে সাধাৰণ জ্ঞান অতি গুৰুত্বপূৰ্ণ। চাকৰিৰ সাক্ষাৎকাৰ (Interview) ৰাউণ্ডত চাকৰিৰ আকাংক্ষীসকলক বিভিন্ন ধৰণৰ সাধাৰণ জ্ঞানৰ প্ৰশ্ন কৰা হয়। গতিকে আমি সকলোৱে এনেধৰণৰ প্ৰশ্নোত্তৰ বাৰে বাৰে পঢ়া উচিত।

১) প্ৰশ্ন : কোনখন ভাৰতীয় নোটত গান্ধীজীৰ ছবি নাই ?

ক) দুখন টকীয়া নোট।
খ) পাঁচ টকীয়া নোট।
গ) এক টকীয়া নোট।
ঘ) এইবোৰৰ কোনোটোৱেই নহয়।
উত্তৰঃ গ) এক টকীয়া নোট।

– আচলতে ১৯৬৬ চনত আৰ বি আইয়ে প্ৰথমবাৰৰ বাবে গান্ধীজীৰ ছবিখন নোটত ছপা কৰিবলৈ আৰম্ভ কৰিছিল। কিন্তু ভাৰতীয় এক টকীয়া নোট বৃটিছৰ যুগত ছপা হৈছিল, গতিকে এই নোটত গান্ধীজীৰ ছবি নাই।

২) প্ৰশ্ন : কোনটো গ্ৰহক ‘পৃথিৱীৰ ভগ্নী’ বুলি কোৱা হয়?

ক) মংগল গ্ৰহ
খ) শুক্ৰ
গ) বুধ গ্ৰহ
ঘ) শনি
উত্তৰঃ খ) শুক্ৰ

– শুক্ৰৰ আকাৰ আৰু ভৰ পৃথিৱীৰ লগত বহুত মিল আছে। সেয়েহে ইয়াক কেতিয়াবা পৃথিৱীৰ ভগ্নী গ্ৰহ বুলিও কোৱা হয়। কিন্তু শুক্ৰৰ জলবায়ু বহুত বেলেগ।

৩) প্ৰশ্ন : বিশ্বব্ৰহ্মাণ্ডৰ অধ্যয়নৰ লগত জড়িত বিজ্ঞানক কি বুলি কোৱা হয়?

ক) জ্যোতিষ শাস্ত্ৰ
খ) জ্যোতিৰ্বিজ্ঞান
গ) ব্ৰহ্মাণ্ডবিজ্ঞান
ঘ) সকলোবোৰ
উত্তৰঃ গ) ব্ৰহ্মাণ্ডবিজ্ঞান

– ব্ৰহ্মাণ্ডবিজ্ঞান হৈছে বিশ্বব্ৰহ্মাণ্ডৰ বিজ্ঞান। বিশ্বব্ৰহ্মাণ্ডৰ উৎপত্তি, গঠন আৰু বিৱৰ্তনৰ বিষয়ে অধ্যয়ন কৰা বিজ্ঞান আৰু ই এক বহুবিষয়ক বিজ্ঞান। ইয়াৰ উদ্দেশ্য হৈছে বিশ্বব্ৰহ্মাণ্ড কেনেকৈ গঢ় লৈ উঠিল, আজি আমি দেখাৰ দৰে কিয় আছে আৰু ভৱিষ্যতে ইয়াৰ ভাগ্য কি হ’ব, সেই বিষয়ে বুজি পোৱা।

৪) প্ৰশ্ন : সেইটো কি বস্তু যিটো ভিজিলে
১ কেজি, শুকুৱালে ২ কেজি আৰু জ্বলাই দিলে
৩ কেজি হয় ?

উ) পটাছিয়াম
খ) চালফাৰ
গ) ফছফৰাছ
ঘ) ক্ৰ’মিয়াম
উত্তৰঃ খ) চালফাৰ

Leave a Comment