সিহঁতক বেয়া দৃষ্টিৰে চায়। আচলতে এইবোৰ মানুহৰ অন্তৰখন একেবাৰে চাফা বা পৰিস্কাৰ। কিন্তু খঙাল মানুহবোৰ কেতিয়াও বেয়া মানুহ নহয়। খঙাল মানুহবোৰে সহজে নিজৰ খং নিয়ন্ত্রণ কৰিব নোৱাৰে আৰু মুখৰ ওপৰতেই সচাঁ বা উচিত কথাটো কৈ দিয়ে। সেই কাৰণে এই সকল মানুহ আনৰ দৃষ্টিত বহুত বেয়া। অলপতে খং ক’ৰা মানুহবোৰ কেতিয়াও দুমুখীয়া চৰিত্ৰৰ নহয়, এই সকল মানুহ আপোনাৰ মুখৰ আগত যেনেকুৱা পিছতে তেনেকুৱা।
খং ক’ৰা মানুহবোৰ কথা দি কথা ৰাখিব পাৰে, ইহঁতে কেতিয়াও বিশ্বাসঘাতকতা নকৰে। বেলেগ মানুহবোৰক চিনি পোৱাত যদিও কঠিন, কিন্তু খঙাল মানুহবোৰক অতি সহজতে চিনি পোৱা যায়। খঙাল মানুহবোৰ ভুল কৰিলে সহজতে নিজেই উপলব্ধি কৰিব পাৰে, আৰু নিজেই লজ্জিত হৈ আনৰ ওচৰত ক্ষমা খুজে।
বেছি খং ক’ৰা মানুহবোৰৰ আটাইতকৈ বন্ধুত্বৰ সংখ্যা কম। কিন্তু যিসকলে বন্ধুত্ব ধৰি ৰাখিব পাৰে সেই সকল বন্ধু হিচাপে সকলো সময়তে কাষত পায়। খঙাল মানুহবোৰ কেতিয়াও অহংকাৰী নহয় সেয়ে এইবোৰ মানুহে মানুহৰ লগত সোনকালে কাজিয়া কৰিব পাৰে আৰু সোনকালেই নিজৰ ভুল নিজে স্বীকাৰ কৰি ক্ষমা খুজিব পাৰে।
Aminul Hoque
Facebook Page : আমি অসমীয়া