সুখী হবলৈ এই কেইটা কথা মনত ৰাখক | Remember these things to be happy

WhatsApp Follow

(১) মানুহক সহজতে পাত্তা নিদিব, কাৰণ মানুহক সহজতে পাত্তা দিলে, সেইজনে আপোনাক সস্তা বুলি ভাবি বস্তাত ভৰাই থব।

(২) মানুহক বেছি গুৰুত্ব নিদিব, তেতিয়া হ’লে সেইজনে আপোনাক গুৰুত্বহীন বুলি ভাবি অসন্মান ক’ৰা আৰম্ভ কৰিব।

(৩) মানুহক সহজতে ভাল পাব নালাগে, কাৰণ মানুহক সহজতে ভাল পালে সেইজনে আপোনাক অৱহেলা ক’ৰা আৰম্ভ কৰিব।

(৪) মানুহৰ লগত সহজতে বন্ধুত্ব নকৰিব, কাৰণ মানুহক সহজতে বন্ধু ভাৱিলে সেইজনে আপোনাৰ লগত বিশ্বাসঘাতকতা কৰিব।

(৫) মানুহক প্ৰয়োজনতকৈ বেছি সন্মান নিদিব, তেতিয়া হ’লে সেইজনে আপোনাক দুৰ্বল বুলি ভাবি গুৰুত্বই নিদিব।

(৬) ব্যস্ত মানুহৰ সম্পৰ্ক নৰখাই ভাল, কাৰণ ব্যস্ত মানুহে নিজৰ প্ৰয়োজনত হে ফোন-মেছেজ কৰিব, কিন্তু নিজৰ প্ৰয়োজন নাথাকিলে অচিনাকিৰ দৰে আচৰণ কৰিব আৰু সুধিলে ক’ব তেওঁ নেকি বহুত ব্যস্ত।


আৰু পঢ়ক
>> বিয়া হৈ যোৱাৰ কেই বছৰ মান পাছত এজনী ছোৱালীয়ে মাকলৈ এখন চিঠি লিখিলে
>> জোৰ কৰি সম্পর্ক ধৰি ৰখাৰ একো প্রয়োজন নাই, সম্পূর্ণ পঢ়ক –


(৭) দুদিনৰ চিনাকি মানুহক কেতিয়াও বিশ্বাসত নলব, কাৰণ দুদিনতে কেতিয়াও মানুহক চিনি পোৱা নাযায়, মানুহে প্ৰথমতে মানুহৰ বাহিৰৰ ৰূপ প্ৰকাশ ক’ৰে আৰু ভিতৰৰ ৰূপ গোপন কৰি ৰাখে।

(৮) মানুহক সমলোচনা ক’ৰা সহজ কিন্তু নিজৰ দোষ ঢাকি ৰাখি কেতিয়াও আনক সমালোচনা কৰিবলৈ নাযাব, তেতিয়া হ’লে কেতিয়াও জীৱনত আগুৱাই যাব নোৱাৰিব।

(৯) প্ৰথমতে নিজৰ মন-মানসিকতা তথা নিজৰ মনৰ চিন্তাধাৰা সলনি কৰি লোৱাৰ প্ৰয়োজন, কাৰণ মানুহৰ চকু বেয়া হ’লে চিকিৎসা ক’ৰা যায়, কিন্তু মানুহৰ মন-মানসিকতা তথা মনৰ চিন্তাধাৰা বেয়া হ’লে চিকিৎসা ক’ৰা নাযায়।

(১০) মানুহৰ ধন-সম্পত্তি বা মানুহৰ বয়স চাই সন্মান কৰিব নালাগে, মানুহৰ কথা-বতৰা, আচাৰ-ব্যৱহাৰ আৰু যোগ্য মানুহ চাই সন্মান কৰিব লাগে।

(১১) সকলো মানুহক ভাল ৰাখিবলৈ চেষ্টা নকৰিব, তেতিয়া হ’লে নিজে কেতিয়াও ভাল থাকিব নোৱাৰিব, সেয়ে প্ৰথমতে নিজকে ভাল ৰাখিবলৈ শিকি লওক, তাৰ পিছত আনৰ চিন্তা কৰিব।

(১২) জীৱনত সদায় অকলে থাকিবলৈ শিকি লওক, তেতিয়া হ’লে বহুত সুখত তথা শান্তিত থাকিব পাৰিব, অন্তত বেয়া মানুহবোৰৰ পৰা দূৰত থাকিব পাৰিব।

Aminul Hoque
Facebook Page : আমি অসমীয়া

Leave a Comment