বিয়া হৈ যোৱাৰ কেই বছৰ মান পাছত এজনী ছোৱালীয়ে মাকলৈ এখন চিঠি লিখিলে…

WhatsApp Follow

‘মা,, তোমালৈ বহুত মনত পৰে মা।” আগতে মই ৰাতিপুৱা ন-দহ বজাত শুই উঠিছিলো । এতিয়া ৰাতিপুৱা ছয় বজাতে উঠো ।তেতিয়া, তোমালৈ বহুত মনত পৰে মা।

আগতে ৰাতি অলপ দেৰিলৈকে টিভি চাই থকা দেখিলে মোক সোনকালে শুই থাকিবলৈ কৈছিলা। এতিয়া টিভি নোচোৱাকৈও ৰাতি বাৰ বজাতহে শুবলৈ যাওঁ। তেতিয়া, তোমালৈ বহুত মনত পৰে মা।

আগতে সোনকালে খাবলৈ দিয়া বুলি তোমাক সদায় আমনি কৰিছিলোঁ। এতিয়া সকলোকে গৰমে গৰমে খাবলৈ দিওঁ, কিন্তু মই খোৱালৈ খাদ্যবোৰ ঠাণ্ডা হৈ যায়। তেতিয়া,তোমালৈ বহুত মনত পৰে মা।

আগতে মোক ধুনীয়া ধুনীয়া কাপোৰ লাগে বুলি তোমাক আমনি কৰিছিলোঁ, কিন্তু এতিয়া ল’ৰা-ছোৱালী হালক কেনেকৈ ধুনীয়া কাপোৰ এযোৰ দিওঁ সেই চিন্তাই মনত পাক খাই থাকে।তেতিয়া, তোমালৈ বহুত মনত পৰে ম।

আগতে অলপ চৰ্দি লাগিলেও তুমি মোৰ বহুত চোৱা-চিতা কৰিছিলা। এতিয়া কাৰোবাৰ বেমাৰ হ’লে মই সকলোৰে চোৱা-চিতা কৰো, কিন্তু মোৰ কিবা হ’লে চাবলৈ কোনো নাই।তেতিয়া, তোমালৈ বহুত মনত পৰে মা।

আগতে মোক কিবা লাগিব নেকি বুলি তুমি মাজে মাজে সুধি থাকা। এতিয়া সকলোৰে প্ৰয়োজন পূৰণ কৰোতে কৰোতে নিজৰ কথা পাহৰিয়েই যাওঁ । মোৰ লগত কথা পাতিবলৈও কোনো নাথাকে। তেতিয়া, তোমালৈ বহুত মনত পৰে মা।

এনেবোৰ কথা বিয়াৰ পাছত সকলো ছোৱালীৰ জীৱনতে হ’য় চাগে।

বিয়াৰ আগতে সকলো পুৰুষে ক’য়- মই তোমাক বহুত মৰম কৰিম। মোৰ লগত থাকিলে মালৈ তোমাৰ কেতিয়াও মনত নপৰিব। তথাপি, মোৰ চোন তোমালৈ বহুত মনত পৰে মা।

Aminul Hoque
Facebook Page : আমি অসমীয়া