এগৰাকী গর্ভৱতী পত্নীয়ে স্বামীক সুধিলে…

WhatsApp Follow

পত্নী=আপুনি কি ভাবে,ল ‘ৰা হ’ব নে ছোৱালী হ’ব?”
স্বামী=যদি ল’ৰা হয় তাক মই অংক শিকাম,সদায়
তাৰ লগত খেলিব যাম, মাছ ধৰিব শিকাম ।..

পত্নী=আৰু যদিহে এজনী ছোৱালী হয়?
স্বামী=আৰু যদি এজনী ছোৱালী হয় তেন্তে তাইক
একো শিকোৱাৰ প্রয়োজন নাই |

পত্নী=কিয়?
স্বামী=কাৰণ,মোৰ ছোৱালীয়ে মোক দ্বিতীয় বাৰ
নতুনকৈ সকলো শিকাব.কি পিন্ধিব লাগে…
কেনেকৈ খাব লাগে. ক’ত কি কব লাগে বা
নালাগে.এফালৰ পৰা তাই মোৰ দ্বিতীয় মাৰ
দৰে.মই তাইৰ বাবে কিবা কৰিব পাৰো বা
নোৱাৰো,তাই মোক চিৰদিনৰ বাবে তাইৰ
হিৰো’ বুলি ভাবিব.যেতিয়া মই তাইক কিবা
এটা কৰিব নিষেধ দিম,তেতিয়া তাই মোক
বুজিবলৈ চেষ্টা কৰিব,আৰু সদায় মোক তাইৰ
স্বামীৰ লগত তুলনা কৰিব,তাই যিমানেই বয়স
হওঁক,তাই গোটেই জীৱন এইটোকে বিচাৰিব
যেন মই তাইক এজনী baby doll ৰ দৰে
ভালপাওঁ,তাই এজনী ছোৱালী বাবেই ,মোৰ
কাৰণে গোটেই পৰিয়ালৰ লগত কাজিয়া
কৰিব,যেতিয়া মোক কোনোবাই আঘাত দিব
তাই তাক কেতিয়াও ক্ষমা নকৰে।

পত্নী=তাৰমানে,আপোনাৰ ছোৱালীয়ে আপোনাৰ
বাবে যিখিনি কৰিব,সেইখিনি আপোনাৰ বাবে
আপোনাৰ লৰাই কৰিব নোৱাৰে?

স্বামী=সেইটো নহয়.মোৰ লৰাই ওঁ এইবোৰ কৰিব
পাৰিব,কিন্তু সি শিকিব,আৰু এই সকলোবোৰ
গুণ লৈয়ে এই পৃথিৱীত এজনী ছোৱালী জন্ম
হ’ব।

পত্নী=কিন্তু তাই যে আমাৰ লগত চিৰকাল নাথাকিব
স্বামী=কিন্তু আমি তাইৰ মনৰ ভিতৰতে থাকিম,তাই
ক’ত যায় বা নাযায় সেইটো ডাঙৰ কথা নহয়.
কাৰণ ছোৱালীবোৰ সদায় বিনাস্বাৰ্থত ভাল
পাবলৈ আৰু যত্ন লবলৈ জন্ম হয় ¡এটা কথা
মনত ৰাখিবা সকলোৰে ভাগ্যত ছোৱালী
নাথাকে.সৃষ্টিকৰ্তাই ভাল পোৱা ঘৰতহে
এজনী ছোৱালী জন্ম হয় ।

Disclaimer. এই কাহিনীটো Jakir Hussain নামৰ এটা ফেচবুক একাউন্টৰ পৰা কপি কৰা হৈছে ।
যদি লেখকৰ কিবা অভিযোগ থাকে তেনেহলে আমাৰ লগত যোগাযোগ কৰিব পাৰে
Email. assameseblogger039.gmail.com

1 thought on “এগৰাকী গর্ভৱতী পত্নীয়ে স্বামীক সুধিলে…”

Leave a Comment