পুনৰ এনকাউণ্টাৰ; এইবাৰ ওদালগুৰিত আৰক্ষীৰ গুলীত নিহত দুৰ্ধৰ্ষ ডকাইত, দুজন আৰক্ষীও আহত

WhatsApp Follow

ৰাজ্যত পুনৰ এনকাউণ্টাৰ। এটাৰ পিছত আন এটা এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈ অহা ৰাজ্যখনত এইবাৰ ওদালগুৰিত আৰক্ষীৰ গুলীত নিহত হৈছে এজন ডকাইত।

বিভিন্ন ডকাইতি কাণ্ডৰ সৈতে জড়িত থকা দুৰ্ধৰ্ষ ডকাইতজনক বৃহস্পতিবাৰে নিশা আৰক্ষীয়ে গুলীয়াই হত্যা কৰা বুলি জানিব পৰা গৈছে।

এই ঘটনাটো ৰৌতা আৰক্ষী থানাৰ অন্তৰ্গত দৈফাং-নলবাৰীৰ ওচৰত সংঘটিত হয়। নিহত হোৱা ডকাইতজনক কেনাৰাম বড়ো বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত খবৰ অনুসৰি, ডকাইতজনে এটা ঘৰত লুকুৱাই থকাৰ কথা জানিব পাৰি আৰক্ষীয়ে তেওঁক কৰায়ত্ত কৰিবলৈ অভিযান চলায়। আৰক্ষীৰ সম্ভেদ পাই ডকাইতজনে ঘৰৰ পৰা পলায়ন কৰিব চেষ্টা কৰোতেই আৰক্ষীয়ে গুলীচালনা কৰে।

দুয়োপক্ষৰ গুলীয়াগুলীত ডকাইতজনৰ মৃত্যু হোৱাৰ লগতে দুজন আৰক্ষীৰ লোক আহত হয়। আৰক্ষীয়ে ঘটনাস্থলৰ পৰা উদ্ধাৰ কৰিছে এটা পিষ্টল।

ইফালে ডকাইতৰ গুলীত আহত হোৱা উপ-পৰিদৰ্শক আৰু কনিষ্টবলজনক উন্নত চিকিৎসাৰ বাবে ওদালগুৰিলৈ প্ৰেৰণ কৰা হৈছে। এই কথা জানিব দিয়ে এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই।

উৎস ; Tims8

Leave a Comment