বিয়া নকৰিলে গুৰুতৰভাৱে অসুস্থ হ’ব পাৰে আপুনি, আচৰিত ধৰণৰ তথ্য!

If you don’t get married, you can become seriously ill, বিবাহ এক সামাজিক বান্ধোন। একেলগে থকাৰ এক সামাজিক গ্ৰহণযোগ্যতা। কিন্তু আজিৰ যুগত এই মধুৰ সম্পৰ্কৰ প্ৰতি আগ্ৰহ কমি আহিছে। বিশেষকৈ বহু নাৰী-পুৰুষৰ মাজত কেতিয়াবা বিবাহক লৈ সন্দেহ দেখা যায়।

বহুতে ভাবে যে অবিবাহিত পুৰুষ বহুত হেচল ফ্ৰী। সমাজ আৰু পৰিয়ালৰ জটিল সমস্যা বা দায়িত্বৰ পৰা তেওঁলোক অতি লঘু। কিন্তু এই শান্তিৰ মাজত এক বৃহৎ বিপদৰ সৃষ্টি হ’ব পাৰে।

শেহতীয়াকৈ ইউৰোপীয় ছ’চাইটি অৱ কাৰ্ডিঅ’লজি আৰু জাৰ্মানীৰ ইউনিভাৰ্চিটি হস্পিতাল ৱাৰ্জবাৰ্গৰ কম্প্ৰিহেন্সিভ হাৰ্ট ফেইলাৰ চেণ্টাৰৰ এক অধ্যয়নত দেখা গৈছে যে অবিবাহিত পুৰুষৰ হৃদৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি।

অধ্যয়নত দেখা গৈছে যে বিবাহিত পুৰুষতকৈ অবিবাহিত পুৰুষৰ কম বয়সতে মৃত্যুৰ সম্ভাৱনা বেছি।

অবিবাহিত পুৰুষ সামাজিক যোগাযোগৰ অভাৱৰ বাবে ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি।

গৱেষণাৰ পৰাও দেখা গৈছে যে বিবাহিত পুৰুষৰ কোনো গুৰুতৰ ৰোগৰ সৈতে মোকাবিলা কৰিবলৈ অধিক আত্মবিশ্বাস থাকে।

বিঃদ্রঃ এই আর্টিকেলটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়িবলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্রহণ কৰক ।

CopyAMP code

Leave a Comment