পৃথিৱীৰ প্রথম মানুহক লৈ বহু মতবেদ আছে ; যেনে ইছলাম, খ্রিষ্টান, ইহুদি, আৰু আব্রাহাম ধর্মত কোৱা হৈছে আদমৰ কথা । অর্থাৎ আদম এই পৃথিৱীৰ প্রথম মানুহ । কিন্তু তাৰ বিপৰীতে হিন্দু ধর্মত এই বিষয়ক লৈ কি কোৱা হৈছে ? বন্ধু-বান্ধৱী সকল আপোনালোকক স্বাগতম জনাও JibonorShongram.in লৈ। আজি আমি এই আর্টিকেলতোত কথা পাতিম হিন্দু ধর্ম অনুসৰি পৃথিৱীৰ প্রথম মানুহ কোন আছিল !
এই বিষয়ে ভাগৱত পুৰাণে কি কয় তাৰ বিষয়ে জানো আহক ; ভাগৱত পুৰাণত কোৱা হৈছে যে সৃষ্টিৰ আগতে কোনো বস্তুই নাছিল, কোনো প্রানিও নাছিল, কোনো মানুহও নাছিল ! সর্ব প্রথম সৃষ্টি হৈছিল পানীৰ। আৰু সেই পানী আছিল মহা সাগৰ আকাৰে তাৰ বাহিৰে চাৰিও ফালে একো নাছিল।
হিন্দু ধর্মৰ মতে পৃথিৱীৰ প্রথম মানুহ জনৰ নাম আছিল মনো ; তাৰ পিছতে মনুষ্য জাতিৰ আৰাম্বণি হ’ল। ভাগৱত পুৰাণত কোৱা হৈছে যে, মনুক সৃষ্টি কৰিছে ব্রম্মাই। পুৰাণত কোৱা হৈছে যে মানুহ সংসাৰ ৰচনা কৰিবলৈ দুজন মানুহক সৃষ্টি কৰা হৈছিল ; এজন পুৰুষ আছিল আৰু এজন আছিল মহিলা।
আৰু পঢ়ক
>> নিশা যুৱতীৰ গৃহত সোমাই গলে নহয় কোনো দোষ – ৰহস্যময় পৃথিৱী !
>> অচিনাকি মহিলাৰে উলংগ হৈ ভিডিঅ’ কল কৰি ৬০ লাখ টকা হেৰুৱালে যুৱকে !
মানুহ জাতি আগবঢ়াই নিবৰ বাবে এজন পুৰুষ আৰু এজন মহিলাক সৃষ্টি কৰা অতি দৰকাৰী আছিল। মনো আৰু সতোৰুপা জিহেতো প্রথম মানুহ আছিল, সেই বাবে মানুহক মনুষ্য জাতি বুলি কোৱা হয়।