বিছনাত এই কামবোৰ কৰিলে মা লক্ষ্মী গৃহত্যাগ কৰে !

WhatsApp Follow

মা লক্ষ্মীৰ কৃপা সকলোৱে পাব বিচাৰে কাৰণ মা লক্ষ্মী হৈ ধন ঐশ্বৰ্যৰ দেৱী ; আৰ্থিক নাটনি আৰু অভাৱ দূৰ কৰিবলৈ একমাত্ৰ তেওঁৰ দ্বাৰাহে সম্ভৱ কৰিব পাৰি। মা লক্ষ্মীক নিজৰ গৃহত ৰাখিবলৈ সকলোৱে চেষ্টা কৰে কিন্তু মানুহৰ কিছুমান কুপ্ৰভাৱৰ বাবে মা লক্ষ্মী কিছুলোকৰ গৃহ ত্যাগৰ মূল কাৰণ হৈ পৰে।

আৰু সেইসমূহ কুঅভ্যাসৰ বাবে অকল মা লক্ষ্মী যে গৃহৰ পৰা আঁতৰি যাব সেয়া নহয় , সেই পৰিয়ালৰ ৰোগ ব্যাধি – স্বাস্থ্য হানি আদিৰো কাৰণ হৈ পৰিব পাৰে ; লগতে সেই গৃহত এটি বাস্তুদোষ সৃষ্টিৰ কাৰণো হৈ পৰিব পাৰে। সেয়ে এই কুঅভ্যাস সমূহ পৰিত্যাগ কৰা নিত্যান্তই প্ৰয়োজন। কুঅভ্যাস সমূহ হৈছে –

১) মহিলা সকলে কেতিয়াও চুলি মেলি টোপনি মাৰিব নালাগে। এয়া খুব বেয়া অভ্যাস আৰু ইয়াৰ ফলত গৃহত বাস্তুদোষৰ সৃষ্টি হয়। সেই গৃহলৈ অমংগল আহে , সন্তানৰ বাবে ক্ষতিকাৰক ; আৰু এনে কৰিলে সেই গৃহৰ ওপৰত মা লক্ষ্মী ৰুষ্ট হৈ পৰে।

২) বিছনাত কেতিয়াও আহাৰ গ্ৰহণ কৰিব নালাগে । এয়া অত্যন্ত বেয়া অভ্যাস । ৰাতিপুৱাৰ ব্ৰেকফাষ্ট , দুপৰীয়াৰ লাঞ্চ বহু লোকে বিছনাতে সেৱন কৰে, কিন্তু সেয়া এক বেয়া অভ্যাস; যদিও অসুস্থ লোকৰ বাবে এই নিয়ম প্ৰযোজ্য নহয়। এনে গৃহত মা লক্ষ্মী কেতিয়াওঁ অৱস্থান নকৰে।

৩) বিছনাৰ একেবাৰে ভৰিৰ ওচৰৰ ফালে আৰু মূৰৰ সমীপত আলমাৰী , বাকচ, স্বওকেচ আদি ৰাখিব নালাগে। যদিহে গৃহত ঠাইৰ অভাৱ তথাপি বিছনাৰ একহাত দূৰত্বতহে ৰাখিব লাগে। এনে কৰা বাস্তু শাস্ত্ৰ অনুসৰি অমংগল।

৪) বিছনাৰ তলত, বিছনাৰ সমীপতে ছেণ্ডেল জোতা আদি ৰখা অনুচিত। এই অভ্যাসৰ ফলত সেই গৃহত ঋণাত্মক শক্তিৰ আবিৰ্ভাৱ হয়, যাৰ ফলত সেই গৃহত ৰোগ ব্যাধি বৃদ্ধি হয়, গৃহত অশান্তি আহে।

৫) বিছনাৰ তলত টকা পইচা – সোঁন গহনা আদি ৰাখিব নালাগে। আনকি বিছনাৰ তলত দৰকাৰী নথি পত্ৰ আদিও ৰখা অনুচিত। যি কৰিলে বাস্তুদোষ হয় আৰু সেই গৃহত ঋণাত্মক শক্তিৰ প্ৰভাৱ পৰে , মা লক্ষ্মী ৰুষ্ট হৈ গৃহত্যাগ কৰে। যেনেকৈ বিছনাৰ উপৰিভাগ পৰিস্কাৰ পৰিচ্ছন্ন হোৱা দৰকাৰী ঠিক তেনেদৰে বিছনাৰ তলখনো পৰিস্কাৰ পৰিচ্ছন্ন হোৱা উচিত যাৰ ফলত সেই গৃহত মা লক্ষ্মী সন্তুষ্ট হৈ থাকে।

৬) পৰিষ্কাৰ, অপৰিষ্কাৰ কোনো বস্ত্ৰ বিছনাত জাপি ৰাখিব নালাগে ; বিশেষকৈ পূজাৰ সময়ত পৰিহিত বস্ত্ৰ বিছনা স্পৰ্শ কৰাই অনুচিত ।


আৰু পঢ়ক
>> বাস্তু শাস্ত্র অনুসৰি ঋাৰু ৰখাৰ সঠিক নিয়ম, টকাৰ অভাৱ দূৰ হ’ব !
>> এই ৩টা নামৰ মানুহবোৰ বৰ ভাগ্যৱান, সদায় পায় লক্ষ্মীৰ আশীৰ্বাদ !


৭) বিছনাত মূৰৰ ওচৰত কোনো ধৰণৰ ইলেকট্ৰনিক সামগ্ৰী ও দ্ৰৱ্য বিশেষ ৰাখিব নালাগে। এনে কৰিলে মা লক্ষ্মী ৰুষ্ট হোৱাৰ লগতে সেই গৃহত ৰোগৰ প্ৰকোপ বৃদ্ধি হয়।

৮) শুবৰ বাবে বিছনাত যোৱাৰ সময়ত কোনো ধৰণৰ উগ্ৰগোন্ধৰ প্ৰসাধন সামগ্ৰী যেনে, পাৰ্ফিউম আদি দেহত লগাব নালাগে। এনে কৰাৰ ফলত অনিদ্ৰা জনীত ৰোগ দেখা দিব পাৰে।

৯) শুবৰ সময়ত বিছনাত আৰু বিছনাৰ ওচৰত কেতিয়াও পানীৰ বটল, পানীৰ পাত্ৰ ৰাখিব নালাগে ; বিশেষকৈ প্লাষ্টিকৰ বটল কেতিয়াও বিছনাত আৰু বিছনাৰ ওচৰত ৰাখিব নালাগে যাৰ ফলত সেই লোকৰ ওপৰত ঋণাত্মক শক্তিৰ প্ৰভাৱ পৰিব আৰু বাস্তুদোষ সম্ভৱ হৈ পৰিব ; প্ৰয়োজন হলে বিছনাৰ কিছু দূৰত এখন টেবুলত পানীৰ পাত্ৰ ৰখা দৰকাৰী।

বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত।

Leave a Comment