ল’ৰাই ছোৱালীক ৰুমলৈ অহাৰ প্রস্তাৱ, কিন্তু ছোৱালীয়ে ক’লে…

WhatsApp Follow

ল’ৰা=তুমি মোৰ ৰুমলৈ আহিবানে…… ?
ছোৱালী=দু:খিত,বিয়াৰ আগত মই কেনেকৈ যাম
মানুহে কি ক’ব…………।

ল’ৰা=অ’বুজিলো তুমি তেনেহ’লে মোক ভাল
নোপোৱা ।

এইবোৰ ফুচুলনিতেই ভোল গৈ প্ৰেমৰ প্ৰমাণ দিব লগা হয় ছোৱালীজনিয়ে,কথাৰ মাজতেই ৰুমৰ ভিতৰত উলংগ হৈ পৰিল শৰীৰ ।কোনোবাই ঠিকেই কৈছিল লালায়িতত পুৰুষৰ চাৱনিত আজিৰ দিনত কুকুৰৰ প্ৰতিহে সন্মান বাঢ়িছে….।

যৌণ সম্পৰ্কৰ মাজতেই হাতত মোবাইল লৈ বিভিন্ন অংগি ভংগীত ফটোৰ বাবে প’জ,কাৰণ ল’ৰাজনে বহু বন্ধুক প্ৰমাণ দিব লগা হয় সেই শাৰিৰীক সম্পৰ্কৰ খেলা….।

সেইবোৰ হাহি ধেমালিৰ মাজতেই বন্ধুবোৰৰ মাজত শ্বেয়াৰ হৈ যায় ।xender নাইবা Bluetooth ৰ Speed Devise ত ।প্ৰেমৰ কাজিয়া গোপন জ্বলন বন্ধুত্বৰ ভেদভাবত ফটো,ভিডিঅ বোৰ আপলোড হ’বলৈ আৰম্ভ হয় ইউটিউব নাইবা ফেচবুকত ..

মই প্ৰেমৰ বিৰোধিতা কৰিব যোৱা নাই,বিৰোধিতা কৰিছো মই আজিৰ প্ৰেমৰ কিছুমান অশ্লীল আচৰণক,য’ত কোনেও নিজৰ আত্মসন্মান বচাই ৰাখিব পৰা নাই….।কি কৰিবা তেতিয়া তুমি তোমাৰ শাৰিৰীক সম্পৰ্কৰ ভিডিঅ যেতিয়া ইউটিউবত ধুনীয়াকৈ আপলোড হ’ব,,

অ’ লাইক আৰু কমেন্ট অভাৱনীয় ভাবে পাবা । কিন্তু,তোমাৰ আপোনবোৰৰ পৰা তুমি কি পাবা.?
তেওলোকৰ কষ্টৰ, মাতৃৰ মৰমৰ ধাৰৰ হয়তো উত্তম পুৰস্কাৰ,তোমাৰ সেই ভিডিঅ আৰু ফটো কেইটা ?

ফুচুলনিত ভোল গৈ প্ৰেমৰ প্ৰমাণ দিব গৈ যিদিনাই তুমি শৰিৰৰ কাপোৰ খুলি দিবা,সেইদিনতোত তোমাৰ মা দেউতাৰ মৃত্যু ঘটিব…।সেইসময়টো উলংগ তুমিয়েই নোহোৱা জানোঁ ।তোমাৰ লগতে ঘৰৰ সকলোবোৰৰ সন্মান উলংগ হ’ব…।

তুমি শেষত ঘৰৰ পিছফাল নাইবা চিলিংফেনত উলমি পৰিবা…।আৰু মৰি মৰি জীয়াই থাকিব দিবা তোমাৰ ঘৰৰ আপোনবোৰক ।

মই কোনো পুৰুষ জাতিক লৈ কথাবোৰ কোৱা নাই।
লগতে কোনো নাৰী জাতিৰ সন্মানক আঘাত কৰিব কথাবোৰ কোৱা নাই। মাত্ৰ মোৰ কথা হ’ল,কিয় মানুহে প্ৰেমৰ প্ৰমান বিচাৰে ?

যি অনুভুতিত ভালপোৱাৰ কাৰণ বিচাৰি পোৱা নাযায় ত’ত প্ৰমাণ দিব সক্ষম কেনেকৈ হ’ব।যিদিনাই প্ৰকৃতিৰ অনিয়মত মানুহে এইবোৰ কৰিব যাব
সেইদিনটোতেই হয়তো তেওঁৰ সমস্ত হেৰুৱাব..।

যি সময়ত নিজক গঢ়িবৰ বাবে সাধনা কৰাৰ প্ৰয়োজন সেই সময়ত আপুনি কিছু সংখ্যকে বিছনা গৰম কৰাত ব্যস্ত ।সলনি হোৱাতো সময় এতিয়াওঁ আছে,এতিয়া প্ৰেমকৈ আপোন আপোনাৰ মা দেউতা,প্ৰেমৰ প্ৰমাণ দিবলৈ গৈ মা দেউতা সন্মান নেহেৰোৱাব…।

সকলোৱে জানে আজি কালি 100% ভিতৰত 99% ল’ৰাই নিজৰ প্ৰেমিকাৰ লগত শাৰীৰিক সম্পৰ্ক ৰাখিব বিচাৰে কিন্তু বিয়াৰ সময়ত এগৰাকী সতী ছোৱালীহে বিচাৰে……।

কোনো ল’ৰাই গাত পাতি নল’ব কাৰণ এদিন আপোনাৰ ভন্টি বা বাইদেউ জনিওঁ এনেকুৱা অৱস্থা হ’ব পাৰে ……

বিদ্র=লিখনিটো সঠিক হলে নিশ্চয় শ্বেয়াৰ কৰিব,

✍️ jakir hussain

Disclaimerএই কাহিনীটো Jakir Hussain নামৰ এটা ফেচবুক একাউন্টৰ পৰা কপি কৰা হৈছে ।
যদি লেখকৰ কিবা অভিযোগ থাকে তেনেহলে আমাৰ লগত যোগাযোগ কৰিব পাৰে
Email. assameseblogger039.gmail.com

2 thoughts on “ল’ৰাই ছোৱালীক ৰুমলৈ অহাৰ প্রস্তাৱ, কিন্তু ছোৱালীয়ে ক’লে…”

Leave a Comment