( 5 foods that can cause kidney stones ) যিকোনো বয়সতে কিডনীত পাথৰ হ’ব পাৰে । অনিয়মীয়া খাদ্যাভ্যাস, পানী সেৱনৰ অভাৱ আদি বহু কাৰণত কিডনীত পাথৰ জমা হয় । কিডনী হৈছে মানুহৰ শৰীৰৰ অন্যতম অংগ । এফালে কিডনিয়ে শৰীৰৰ আৱৰ্জনাবোৰ বিশুদ্ধ কৰে । আনহাতে ই বিভিন্ন খনিজ লৱণৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে ।
কিডনীত ৰোগ বহু পলমকৈ ধৰা পৰে । বহুক্ষেত্ৰত এটা কিডনি বিকল হৈ পৰে যদিও আনটোৱে কাম কৰি থাকে । ফলত ক্ষতিৰ আগতীয়াকৈ ভৱিষ্যদ্বাণী কৰিব পৰা নাযায় । প্ৰায় ৮০-৯০ শতাংশ কিডনীৰ ক্ষতি হোৱাৰ আগতে বহুতে এই বিষয়ে অৱগত নহয় । কিডনী সুস্থ কৰি ৰাখিবলৈ আপুনি কি খায় সেই বিষয়ে সচেতন হোৱাটো অতি প্ৰয়োজনীয় । কিডনী সুস্থ কৰি ৰাখিবলৈ কি কি খাদ্য পৰিহাৰ কৰিব লাগে ?
১) এই তালিকাত প্ৰথমে আছে মুলা শাক । ইয়াত অধিক পৰিমাণে অক্সালেট থাকে । Oxalates ৰ ফলত কিডনীত পাথৰ হয় । মুলা শাক বেছিকৈ নোখোৱাই ভাল ।
২) ঠাণ্ডা পানীয়, পেকেটত ছীল কৰা ফলৰ ৰস, চেনি যোগ কৰা পানীয় সেৱন কৰা উচিত নহয় । ইয়াৰ উপৰিও কিডনীত পাথৰ সৃষ্টি হয় ।
আৰু পঢ়ক
সাৱধান নহৰু খালে এই ব্যক্তিসকলৰ শৰীৰত ভিতৰৰ পৰা যথেষ্ট ক্ষতি হ’ব !
ৰাতিপুৱা খালী পেটত আদা এটুকুৰা খালে এইসমূহ উপকাৰ হয় !
৩) পৰিয়ালৰ কোনোবা এজনৰ যদি কিডনীত পাথৰ হোৱাৰ সমস্যা হয় তেন্তে অধিক সাৱধান হোৱাটো প্ৰয়োজনীয় । তেনে ক্ষেত্ৰত প্ৰথমে নিমখ খোৱাৰ পৰিমাণ কমাই দিব লাগে । বিশেষকৈ কেঁচা নিমখ পৰিহাৰ কৰক ।
৪) প্ৰয়োজনতকৈ বেছিকৈ কফি বা চাহ খালে সেয়া ভাল নহয় । দিনটোত একৰ পৰা দুকাপ খালে ঠিকেই আছে । দীঘলীয়া সময় বেছিকৈ চাহ খালে পাথৰ গঠন হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় ।
৫) অত্যধিক ভজা খাদ্য খোৱাটো কিডনীত পাথৰ হোৱাৰ অন্যতম কাৰণ হ’ব পাৰে । গতিকে এনে খাদ্যৰ পৰা যিমান পাৰি আঁতৰি থকাই ভাল ।
বিঃদ্রঃ এই আর্টিকেলটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়িবলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ।