ডিমৰ খোলা কি পেলাই দিয়ে নেকি ? ইয়াৰ উপকাৰিতা জানিলে অবাক হৈ পৰিব আপুনি

Daily Job Update Follow

ডিমৰ খোলা আমি সকলোৱেই কুহুমটো উলিয়াই দিয়াৰ পাছত পেলাই দিও। কিন্তু এই ডিমৰ খোলাৰ মাজতে আছে এনে কিছুমান গুণ যাৰ কথা জানিলে আচৰিত হ’ব আপুনি ! ডিমৰ খোলা খুবেই কার্যকৰী সামগ্ৰী। ৰূপচর্চাৰ পৰা গৃহস্থলীৰ নানা কামলৈকে ডিমৰ পেলনীয়া খোলা ব্যৱহাৰ কৰিব পৰা যায়।

ডিমৰ খোলা কি কি কামত ব্যৱহাৰ কৰিব পাৰি ?

ডিমৰ বগা অংশৰ সৈত দুটা ডিমৰ খোলা ভালকৈ গুৰি কৰি মিশ্ৰণ কৰি ১৫ মিনিটমান সময় মুখমণ্ডলত লগাই ৰাখক। তাৰপাছত কুহুমিয়া পানী দি ধুই দিয়ক। এনেদৰে সপ্তাহত দুবাৰকৈ মুখত লগালে মুখৰ উজ্জ্বলতা বাঢ়িব।

ভিনিগাৰৰ সৈতে ডিমৰ খোলা মিশ্ৰণ কৰি কিছুদিনৰ বাবে থৈ দিলে দেখা যাব দুয়োবিধ সামগ্ৰী একেবাৰে মিহলি হৈ গৈছে। যেতিয়া কোনো ঠাইত আঘাত বা দুখ পোৱা যায়, তেতিয়া সেই মিশ্ৰণটো সেই ঠাইত লগাই মালিছ কৰিলে বিষ উপসম হ’ব।


আৰু পঢ়ক
>> দৈনিক কেঁচা পিঁয়াজ খায় নেকি? যদি খায় তেন্তে শৰীৰত হ’ব পাৰে এনে পৰিঘটনা !
>> ভীম কলৰ ১৩টা আচৰিত পুষ্টিগুণ


কফিৰ সোৱাদৰ তিতা ভাব আতৰাবলৈ ডিমৰ খোলাৰ গুৰি কৰি মিশ্ৰণ কৰিলে নোহোৱা হয়।

বাৰীত গছত পোকৰ উপদ্রব বাঢ়িলে, গছৰ গুৰিত ডিমৰ খোলাৰ গুৰি কৰি ছটিয়ালেও পোকৰ উপদ্ৰৱ হ্ৰাস পাব। লগতে ডিমৰ খোলাত থকা কেলছিয়ামো গছৰ স্বাস্থ্যৰ বাবে যথেষ্ট ভাল।

বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত।

Leave a Comment