Flipkart ৰ পৰা মোবাইলৰ জৰিয়তে ৫ লাখ টকা পৰ্যন্ত ঋণ লাভ কৰক।

Daily Job Update Follow

বৰ্তমান ভাৰতত ই-কমাৰ্চ চাইটৰ জনপ্ৰিয়তা অধিক। এতিয়া মানুহে যিকোনো বস্তু অনলাইন অৰ্ডাৰ কৰি ঘৰতে পাব পাৰে। আৰু ভাৰতৰ সকলো জনপ্ৰিয় ই-কমাৰ্চ প্লেটফৰ্মৰ ভিতৰত ফ্লিপকাৰ্ট শীৰ্ষত আছে। এই ই-কমাৰ্চ চাইটে মাজে মাজে গ্ৰাহকৰ বাবে ডাঙৰ ডাঙৰ অফাৰ আনে। স্মাৰ্টফোনৰ পৰা আৰম্ভ কৰি আন বহুতো ইলেক্ট্ৰনিক সামগ্ৰী এই অফাৰত অতি কম মূল্যত কিনিব পাৰিব।

Filpkart Loan Details

গ্ৰাহকক আনন্দিত কৰিবলৈ মাজে মাজে ফ্লিপকাৰ্টে আচৰিত ধৰণৰ অফাৰ আগবঢ়ায়। কেতিয়াবা মোবাইল ফোনত আকৰ্ষণীয় ৰেহাই আৰু কেতিয়াবা কাপোৰৰ বিশেষ ৰেহাই। ইতিমধ্যে ফ্লিপকাৰ্টে গ্ৰাহকৰ বাবে পে লেটাৰ, ইএ ম আই আদি আঁচনি উলিয়াইছে। এইবাৰ ফ্লিপকাৰ্টে গ্ৰাহকক সুখী কৰাৰ বাবে আন এক ডাঙৰ অফাৰ আগবঢ়াইছে, য’ত ফ্লিপকাৰ্টে গ্ৰাহকক ব্যক্তিগত ঋণ আগবঢ়াইছে। মাত্ৰ কেইছেকেণ্ড মানৰ ভিতৰতে এই ঋণ লাভ কৰিব। এই ঋণৰ বিষয়ে অধিক সবিশেষ জানিবলৈ সম্পূৰ্ণ প্ৰতিবেদন পঢ়োঁ আহক –

Filpkart তৎক্ষণাত ব্যক্তিগত ঋণ আগবঢ়াইছে

ফ্লিপকাৰ্ট আৰু এক্সিছ বেংকৰ মাজত এই অংশীদাৰিত্ব দীৰ্ঘদিনীয়া। ইয়াৰ পূৰ্বে জনপ্ৰিয় ই-কমাৰ্চ চাইট ফ্লিপকাৰ্টে এক্সিছ বেংকৰ সৈতে মিলি গ্ৰাহকক ফ্লিপকাৰ্ট এক্সিছ বেংক কাৰ্ড প্ৰদান কৰিছিল। যাৰ জৰিয়তে গ্ৰাহকে ক্ৰয়ৰ ক্ষেত্ৰত বিশেষ ৰেহাই লাভ কৰে। আৰু এইবাৰ ফ্লিপকাৰ্টে পুনৰ এক্সিছ বেংকৰ সৈতে হাত মিলাই গ্ৰাহকক ব্যক্তিগত ঋণ দিয়াৰ সিদ্ধান্ত লৈছে। কেইমাহমানৰ আগতে ফ্লিপকাৰ্টে আনুষ্ঠানিকভাৱে এই ঋণৰ কথা ঘোষণা কৰিছিল। এই জনপ্ৰিয় ই-কমাৰ্চ চাইটে এক্সিছ বেংকৰ সৈতে মিলি প্ৰায় ৪৫ কোটি লোকক কেইলাখ লাখ পৰ্যন্ত ঋণ প্ৰদান কৰিছে। মাত্ৰ ৩০ ছেকেণ্ডতে এই ঋণ লাভ কৰিব।

৫ লাখ টকা পৰ্যন্ত ঋণ লওক

বজাৰ কৰাৰ সময়ত গ্ৰাহকে কিয় নিজৰ প্ৰিয় বস্তু কিনিব নোৱাৰে? কাৰণ টকা। আৰু গ্ৰাহকৰ এই সমস্যা দূৰ কৰিবলৈ আগবাঢ়ি আহিছে ফ্লিপকাৰ্ট। ফ্লিপকাৰ্টৰ এই উদ্ভাৱনী পদক্ষেপৰ জৰিয়তে গ্ৰাহকে এণ্ড টু এণ্ড ডিজিটেল ব্যক্তিগত ঋণৰ সুবিধা ল’ব পাৰিব। এই সেৱাৰ জৰিয়তে ফ্লিপকাৰ্টে গ্ৰাহকক ৫ লাখ টকা পৰ্যন্ত ব্যক্তিগত ঋণ প্ৰদান কৰে। আৰু এই ঋণ লাভ কৰিবলৈ বহুত কম সময় লাগিব বুলি ফ্লিপকাৰ্টে কয়। মাত্ৰ ৩০ ছেকেণ্ডতে এই ঋণ লাভ কৰিব।

Filpkart ৰ পৰা এই ঋণ কেনেকৈ পাব ?

কিন্তু ফ্লিপকাৰ্টৰ পৰা ব্যক্তিগত ঋণ কেনেকৈ ল’ব পাৰি? চিন্তাৰ কোনো কাৰণ নাই। এই ঋণ কেনেকৈ পাব, নজনাসকলক মই অতি সহজে বুজাই দিছো। প্ৰথমে Flipkart লৈ যাওক, তাৰ পৰা Account section লৈ Personal Loan option ত ক্লিক কৰক। ইয়াৰ পৰা পেন নম্বৰ, জন্ম তাৰিখ আৰু কৰ্ম সম্পৰ্কীয় তথ্যসহ ঋণৰ বাবে আবেদন কৰক। আবেদন কৰাৰ সময়ত ঋণ পৰিশোধৰ ক্ষমতা আৰু ঋণৰ সীমা বাছনি কৰিব লাগে। এবাৰ আবেদন কৰিলেই কেইছেকেণ্ডমানৰ ভিতৰতে এই ঋণ পাব আৰু ৬ মাহৰ পৰা ৩ বছৰৰ ভিতৰত এই ঋণ পৰিশোধ কৰিব লাগিব।

Disclaimer: এই আর্টিকেলটো কেৱল শিক্ষাৰ উদ্দেশ্যে লিখা হৈছে। বিত্তীয় বাৰ্তাই কাকো বিনিয়োগ কৰিবলৈ উৎসাহিত বা বাধ্যতামূলক নকৰে। বিনিয়োগ কৰাৰ আগতে আপোনাৰ বিত্তীয় উপদেষ্টাৰ পৰামৰ্শ লওক। বিনিয়োগৰ ফলত আপুনি হোৱা কোনো আৰ্থিক লোকচানৰ বাবে ফাইনেন্স বার্তাই কোনো কাৰণতে দায়ী নহ’ব।

6 thoughts on “Flipkart ৰ পৰা মোবাইলৰ জৰিয়তে ৫ লাখ টকা পৰ্যন্ত ঋণ লাভ কৰক।”

Leave a Comment