AADHAAR CARD LOAN: আধাৰ কাৰ্ড থাকিলে ৫ লাখ টকা পাব! এই প্ৰকল্পৰ বিষয়ে বহুতে নাজানে !

WhatsApp Follow

Aadhaar Card Loan: ভাৰতত পূৰ্বতকৈ অধিক বৃদ্ধি পাইছে বেংকৰ সংখ্যা। আৰু এই প্ৰতিযোগিতাত জীয়াই থাকিবলৈ বিভিন্ন বেংকে আৰম্ভ কৰিছে বিভিন্ন আঁচনি। বহু সংখ্যক বেংকে আৰম্ভ কৰিছে আধাৰ কাৰ্ডত তৎক্ষণাত ঋণ আঁচনি।

কিন্তু এই আঁচনিৰ বিষয়ে বহুতে নাজানে। যদি আধাৰ কাৰ্ড আছে তেন্তে এই আঁচনিখনত ৫ লাখ টকা পৰ্যন্ত ব্যক্তিগত ঋণ ল’ব পাৰিব। কেনেকৈ আবেদন কৰিব আৰু প্ৰয়োজনীয় অৰ্হতাৰ বিষয়ে বিতংভাৱে জানিবলৈ সম্পূৰ্ণ লেখাটো পঢ়ক –

আধাৰ কাৰ্ড থাকিলে ব্যক্তিগত ঋণ পাব (Instent Loan on Aadhaar Card)

বেংকৰ পৰা ঋণ লোৱাৰ অৰ্থ হ’ল কেৱল হাৰাশাস্তি। কিন্তু যিদৰে বেংকিং সেৱা পূৰ্বতকৈ সহজ হৈ পৰিছে, তেনেকৈয়ে বেংকৰ পৰা ঋণ লোৱাৰ প্ৰক্ৰিয়াও বহুত সহজ হৈ পৰিছে। ভিন্নিন বেংকৰ পৰা এতিয়া আধাৰ কাৰ্ড দেখুৱাই অনলাইনযোগে উলিয়াব পাৰিব ঋণ। আগৰ দৰে আৰু কোনো নথি-পত্ৰৰ প্ৰয়োজন নাই। Instant Loan on Aadhaar Card scheme বহু বেংকত উপলব্ধ। যেনে: SBI, PNB, HDFC বেংক, কটক মহেন্দ্ৰ বেংক, এক্সিছ বেংক, ইণ্ডিয়া বেংক আৰু বন্ধন বেংক ইত্যাদি।

আবেদন কৰাৰ পদ্ধতি (Apply Online Instent Loan on Aadhaar Card)

বেছিভাগ বেংকৰ পৰা ব্যক্তিগত ঋণ ল’ব পাৰিব। কিন্তু ঋণৰ আবেদন পদ্ধতি আৰু সুতৰ হাৰ প্ৰতিটো বেংকতে একে নহয়। প্ৰতিটো বেংকৰ ঋণৰ সুতৰ হাৰ অলপ বেলেগ বেলেগ। ঋণৰ বাবে আবেদন কৰাৰ পদ্ধতি হুবহু একে নহয় যদিও ইয়াৰ মাজত বহুত মিল আছে। আজিকালি বেছিভাগ বেংকৰ পৰাই অনলাইনত ঋণৰ বাবে আবেদন কৰিব পাৰিব।

লগতে চাওক – যৌথ একাউণ্ট সুবিধা: পত্নীৰ সৈতে যৌথ একাউণ্ট খুলিলে, কি কি সুবিধা লাভ কৰিব জানি লওক !

উদাহৰণস্বৰূপে, ষ্টেট বেংক (SBI)ৰ পৰা YONO এপৰ জৰিয়তে আৰু পঞ্জাব নেচনেল বেংকৰ পৰা PNB ONE এপৰ জৰিয়তে অনলাইনত ঋণৰ বাবে আবেদন কৰিব পাৰে। ইয়াৰ বাবে সেই বেংকত একাউণ্ট থাকিব লাগিব। প্ৰায় প্ৰতিটো বেংকতে এই ধৰণৰ বেংকিং এপ আছে, যদি নাই তেন্তে আপুনি দেখিব যে ৱেবছাইটটোত নেট বেংকিংৰ সেৱা আছে।

আপুনি যিটো বেংকৰ পৰা আধাৰ কাৰ্ডৰ সহায়ত ব্যক্তিগত ঋণ ল’ব বিচাৰে সেই বেংকত একাউণ্ট থাকিব লাগিব। তাৰ পিছত সেই বেংকৰ এপটো ডাউনলোড কৰি লগইন কৰিব লাগিব। তাৰ পিছত এপটোৰ ভিতৰত আধাৰ কাৰ্ডৰ সহায়ত ব্যক্তিগত ঋণ লোৱাৰ আঁচনি (Instant Loan on Aadhaar Card) বিচাৰি উলিয়াওক। ইয়াৰ পিছত প্ৰয়োজনীয় তথ্য প্ৰদান কৰি ঘৰতে ৫ লাখ টকা পৰ্যন্ত ব্যক্তিগত ঋণৰ বাবে আবেদন কৰিব পাৰিব।

কোনে কোনে আবেদন কৰিব পাৰিব ? (Eligibility Criteria)

এই ঋণৰ বাবে আবেদন কৰা বেংকত আপোনাৰ একাউণ্ট থাকিব লাগিব। আধাৰ কাৰ্ড আপোনাৰ বেংক একাউণ্টৰ সৈতে লিংক কৰিব লাগে। আধাৰ কাৰ্ডৰ জৰিয়তে ব্যক্তিগত ঋণ ল’বলৈ হ’লে আপোনাৰ বয়স ২১ বছৰ বা তাতকৈ অধিক হ’ব লাগিব।

লগতে, যদি আপোনাৰ ক্ৰেডিট স্ক’ৰ ভাল হ’ব কাগিব, ৭৫০ বা তাতকৈ অধিক হয়, তেন্তে আপুনি অধিক সহজে ঋণ পাব। যদি ইতিমধ্যে আপোনাৰ ঋণৰ কিস্তি বাকী আছে তেন্তে অধিক ঋণ পোৱাটো কঠিন হ’ব। ঋণৰ বাকী থকা ধনৰাশি আপোনাৰ আয়ৰ সমানুপাতিক হ’লে কোনো সমস্যা নহ’ব। এইবোৰ নিয়ম মানিলেহে আধাৰ কাৰ্ডৰ জৰিয়তে ব্যক্তিগত ঋণ ল’ব পাৰিব।

2 thoughts on “AADHAAR CARD LOAN: আধাৰ কাৰ্ড থাকিলে ৫ লাখ টকা পাব! এই প্ৰকল্পৰ বিষয়ে বহুতে নাজানে !”

Leave a Comment