LIC Amritbaal Children Plan – এইবাৰ জীৱন বিমা নিগমে লৈ আহিল শিশুৰ বাবে নতুন বীমা আঁচনি! এই আঁচনিৰ কি কি লাভ আছে জানি লওক

WhatsApp Follow

LIC Amritbaal Children Plan 874: – আজিকালি মুদ্ৰাস্ফীতিৰ হাৰ যিদৰে দেখা গৈছে, যিদৰে বহু সামগ্ৰীৰ দাম বাঢ়িছে, তেনেকৈয়ে শিশুৰ শিক্ষাৰ খৰচো বাঢ়িছে। ফলত পিতৃ-মাতৃয়ে নিজৰ সন্তানৰ উচ্চ শিক্ষা আৰু অন্যান্য অত্যাৱশ্যকীয় প্ৰয়োজনীয়তা পূৰণৰ বাবে সংগ্ৰাম কৰি আছে।

এই কাৰণতে বিশেষজ্ঞসকলেও শিশুটিৰ বীমাৰ পৰামৰ্শ আগবঢ়াইছে। এতিয়া জীৱন বীমা আমাৰ এক অপৰিহাৰ্য অংগ হৈ পৰিছে। আৰু LIC-য়ে গ্ৰাহকক মনত ৰাখি মাজে মাজে নতুন নতুন পলিচি উলিয়াই আনে।

LIC New Policy for Children

প্ৰতিটো প্ৰকল্পৰ সুবিধা বেলেগ বেলেগ। এতিয়া LIC-য়ে শেহতীয়াকৈ গ্ৰাহকৰ সুবিধাৰ্থে নতুন বীমা পলিচি মুকলি কৰিছে। এয়া এক বিশেষ শিশুৰ পৰিকল্পনা। সূত্ৰ অনুসৰি ভাৰতীয় জীৱন বীমা নিগমে নতুন এনডাউমেণ্ট প্লেন আৰম্ভ কৰিছে। LIC-ৰ এই নতুন পৰিকল্পনাক ‘অমৃতবাল শিশু পৰিকল্পনা’ নাম দিয়া হৈছে।

LIC অমৃতবল শিশু প্ল্যান কি ?

ই এটা ব্যক্তিগত, সঞ্চয়, জীৱন বীমা পৰিকল্পনা। এনডাউমেণ্ট পলিচি হৈছে এনে এক জীৱন বীমা চুক্তি য’ত নিৰ্দিষ্ট সময়ৰ ভিতৰত বা মৃত্যুৰ পিছত নিৰ্দিষ্ট পৰিমাণৰ ধন পৰিশোধ কৰাৰ সুবিধা থাকে। কোম্পানীয়ে এই নতুন বীমা পলিচিৰ বিষয়েও জনাইছে যে গ্ৰাহকে অমৃতবাল চিলড্ৰেন প্লেন অনলাইন আৰু অফলাইন দুয়োটাতে ক্ৰয় কৰিব পাৰিব। এই নতুন আঁচনিখন বিশেষভাৱে ৰচনা কৰা হৈছে যাতে শিশুসকলৰ উচ্চ শিক্ষা আৰু অন্যান্য প্ৰয়োজন পূৰণৰ বাবে পৰ্যাপ্ত আৰ্থিক সম্পদ থাকে। খবৰ অনুসৰি চলিত বৰ্ষৰ ১৭ ফেব্ৰুৱাৰীৰ পৰা গ্ৰাহকে এই বীমা ক্ৰয় কৰিব পাৰিব।

এই পলিচিৰ সুবিধা কোনে লাগ কৰিব ?

জীৱন বীমা নিগমৰ তথ্য অনুসৰি এই পৰিকল্পনাৰ অধীনত নূন্যতম ৩০ দিনৰ পৰা সৰ্বাধিক ১৩ বছৰৰ ভিতৰৰ শিশুৱে বীমাৰ সুবিধা লাভ কৰিব। এজন অভিভাৱকে ইচ্ছা কৰিলে এই বয়সৰ সীমাত থকা সন্তানৰ বাবে পলিচি ল’ব পাৰে।

লগতে চাওক – অতি কম সময়তে লাভ কৰক ২৫ লাখ টকা ৰিটাৰ্ণ। LIC-ৰ নতুন পলিচি !

এই পলিচিৰ কি কি লাভ আছে ?

১) LIC অমৃতবল শিশু পৰিকল্পনাৰ অধীনত জমা কৰা প্ৰতি ১০০০ টকাৰ বিপৰীতে LIC-য়ে ৮০ টকা বীমা হিচাপে জমা কৰিব, যিটো বীমাৰ সময়সীমাৰ শেষত সম্পূৰ্ণৰূপে উপলব্ধ হ’ব। এই ধনৰাশি প্ৰতি পলিচি বছৰে নিৰ্দিষ্ট হাৰত জমা কৰা হ’ব।

২) এই বীমাৰ ম্যাদ নূন্যতম ১৮ বছৰৰ পৰা সৰ্বাধিক ২৫ বছৰৰ ভিতৰত শেষ হ’ব। এনে ক্ষেত্ৰত মুঠ মূল্য কমেও ২ লাখ টকা হ’ব লাগে। যদিও কোনো উচ্চ সীমাৰ কথা উল্লেখ কৰা হোৱা নাই, তথাপিও যিমানখিনি দিব পাৰি সৰ্বোচ্চ ধন কিছুমান ক্ষেত্ৰত সংস্থাটোৰ বিবেচনাধীন।

৩) পলিচি মেচিউৰ হোৱাৰ পিছত মেচিউৰিটিৰ পৰিমাণ ৫ বছৰ, ১০ বছৰ বা ১৫ বছৰৰ বাবে কিস্তিত ল’ব পাৰি।

৪) যদি কোনোবাই প্ৰিমিয়ামটো হ্ৰস্বম্যাদীৰ বাবে দিব বিচাৰে তেন্তে তেওঁলোকৰ ক্ষেত্ৰত ৫ৰ পৰা ৭ বছৰৰ সময়সীমা নিৰ্ধাৰণ কৰা হয় আৰু এই ক্ষেত্ৰত পলিচীৰ সময়সীমা নূন্যতম ১০ বছৰ হ’ব আৰু যদি তেওঁলোকে মাত্ৰ এবাৰহে প্ৰিমিয়াম দিব বিচাৰে তেন্তে নূন্যতম ম্যাদ ৫ বছৰ, তেনে ক্ষেত্ৰত পলিচি গ্ৰাহকে নিজেই বাছি ল’ব পাৰে।

৫) কোম্পানীৰ অনুমোদন অনুসৰি অতিৰিক্ত প্ৰিমিয়াম জমা কৰিও এই আঁচনিখনত গ্ৰাহকে বিশেষ ৰেহাই লাভ কৰিব।

Leave a Comment