ভাৰতীয় বিমানবন্দৰ নিযুক্তি, দৰমহা ৩৬,০০০/- টকা

WhatsApp Follow

ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষৰ (AAI Recruitment 2024) জাননী জাৰি কৰা হৈছে। তেনে ক্ষেত্ৰত যদি আপুনি নূন্যতম শিক্ষাগত অৰ্হতাৰ ভিত্তিত বিমানবন্দৰত চাকৰি পাব বিচাৰে তেন্তে এয়া আপোনাৰ বাবে এক সোণালী সুযোগ হ’ব পাৰে। একে সময়তে কেইবাবিধো কৰ্মচাৰী নিযুক্তি দিয়া হ’ব য’ত দৰমহা অধিক মাহেকীয়া হাৰত দিয়া হ’ব। সবিশেষ তলত আলোচনা কৰা হৈছে।

নিযুক্তি সংস্থা – ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষ অৰ্থাৎ AAI-ৰ দ্বাৰা জাৰি কৰা নিযুক্তিৰ অধিসূচনা।

পদৰ নাম – একেলগে কেইবাবিধো পদত নিযুক্তি। অৰ্থাৎ…

  1. Senior Assistant (Electronics)
  2. Senior Assistant (Operations)
  3. Senior Assistant (Accounts)
  4. Junior Assistant (Fire Service)

শিক্ষাগত অৰ্হতা – নূন্যতম মাধ্যমিক বা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হ’লে প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব। উচ্চ পদৰ আবেদনৰ বাবে শিক্ষাগত অৰ্হতা উচ্চ হ’ব লাগে, সবিশেষ জানিবলৈ চৰকাৰী অধিসূচনা অনুসৰণ কৰক।

প্ৰাৰ্থীৰ বয়সৰ সীমা – ১৮ৰ পৰা ৩০ বছৰৰ ভিতৰৰ যিকোনো ব্যক্তিয়ে আবেদন কৰিব পাৰিব। সংৰক্ষিত শ্ৰেণী অৰ্থাৎ অনুসূচিত জাতি/জনজাতিৰ প্ৰাৰ্থীৰ বাবে ৫ বছৰ আৰু অবিচি প্ৰাৰ্থীৰ বাবে ৩ বছৰ বয়সৰ শিথিলতা।

মাহিলী দৰমহা – পদ অনুসৰি দৰমহা বেলেগ বেলেগ হয়। উচ্চতম পৰ্যায়ৰ পদৰ বাবে ৩৬,০০০/- টকাৰ পৰা আৰম্ভ মাহিলী দৰমহা।

আৰু পঢ়ক – DEO পদত নিযুক্তি, দৰমহা ২০,২০০/- টকা

আবেদন পদ্ধতি – তলত দিয়া পদক্ষেপসমূহৰ জৰিয়তে আপুনি অনলাইন আবেদন কৰিব পাৰিব।

১/ নিযুক্তি অনলাইন আবেদন লিংকত ক্লিক কৰি পঞ্জীয়ন কৰি অনলাইনযোগে প্ৰ-পত্ৰ পূৰণ কৰক।

২/ আপোনাৰ বৈধ আৰু সক্ৰিয় মোবাইল নম্বৰ আৰু ইমেইলৰ সৈতে অনলাইন পঞ্জীয়ন কৰক।

৩) অনলাইন ফৰ্ম পূৰণৰ ক্ষেত্ৰত আপোনাৰ নাম, পিতৃ-মাতৃৰ নাম, জন্ম তাৰিখ, বয়স, লিংগ, ঠিকনা, শ্ৰেণী, শিক্ষাগত অৰ্হতা আদি লিখা।

৪) পাছপ’ৰ্টৰ আকাৰৰ ৰঙীন ফটো, স্বাক্ষৰ আৰু অন্যান্য গুৰুত্বপূৰ্ণ নথি-পত্ৰ আপলোড কৰক আৰু শেষত জমা দিয়া বুটামটো ক্লিক কৰক।

আবেদনৰ অন্তিম তাৰিখ – ১০/০১/২০২৪ পৰা ১০/০২/২০২৪ লৈ আবেদন কৰিব পাৰিব।

Important Links

Official NotificationClick Here 
Official Website/ Apply OnlineClick Here 

1 thought on “ভাৰতীয় বিমানবন্দৰ নিযুক্তি, দৰমহা ৩৬,০০০/- টকা”

Leave a Comment