অগ্নিভিৰ এয়াৰ নিযুক্তি, শিক্ষাগত অৰ্হতা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ

WhatsApp Follow

Agnivir Vayu Recruitment Notification 2024 – ভাৰতীয় বায়ুসেনাই অগ্নিভিৰৰ পুৰুষ আৰু মহিলা বিমানচালক নিযুক্তিৰ বাবে এক অধিসূচনা প্ৰকাশ কৰিছে। দেশৰ সকলো যোগ্য আৰু ইচ্ছুক প্ৰাৰ্থীয়ে ইয়াত আবেদন কৰিব পাৰিব। অনলাইন আবেদন কৰক। ইয়াত চাৰি বছৰৰ বাবে প্ৰাৰ্থীক নিযুক্তি দিয়া হ’ব। নিযুক্তিৰ বিষয়ে অধিক জানিবলৈ এই প্ৰতিবেদন পঢ়ক।

নিযুক্তি দিবলগীয়া পদ – অগ্নিবীৰয়ু / Agniveerayu

খালী পদ – ইয়াত মুঠ খালী পদৰ সংখ্যা অধিসূচনাত উল্লেখ কৰা হোৱা নাই।

অৰ্হতা – ইয়াত আবেদন কৰিবলৈ প্ৰাৰ্থীৰ তলত দিয়া অৰ্হতা থাকিব লাগিব –

(১) অবিবাহিত আৰু ভাৰতৰ নাগৰিক হ’ব লাগিব।

(২) নূন্যতম উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হ’ব লাগিব।

বা, তিনি বছৰৰ ডিপ্লমা কোৰ্চ কৰিব লাগিব।

লগতে আন কিছুমান পেৰামিটাৰ যেনে উচ্চতা, বুকু, ওজন আদি পুৰুষ আৰু মহিলাৰ বাবে পৃথকে পৃথকে পূৰণ কৰিবলগীয়া হয়। ইয়াৰ বিষয়ে অধিক জানিবলৈ তলৰ লিংকটোত ক্লিক কৰি অফিচিয়েল জাননীটো ডাউনলোড কৰক।

আৰু পঢ়ক – Oil India-ত এপ্ৰেণ্টিছ নিযুক্তি, শিক্ষাগত অৰ্হতা মাধ্যমিক উত্তীৰ্ণ

বয়সৰ সীমা – ইয়াত ১৮ৰ পৰা ২১ বছৰৰ ভিতৰৰ প্ৰাৰ্থীয়েহে আবেদন কৰিব পাৰিব। অধিসূচনা অনুসৰি আবেদনকাৰী প্ৰাৰ্থীসকলৰ জন্ম তাৰিখ ১৭ জানুৱাৰী ২০২৪ৰ পৰা ০২ জুলাই ২০০৭ৰ ভিতৰত হ’ব লাগিব।

দৰমহা – ইয়াত মুঠ চাৰি বছৰৰ বাবে প্ৰাৰ্থীক নিযুক্তি দিয়া হ’ব। বছৰৰ পিছত বছৰ ধৰি দৰমহাৰ পৰিমাণ বেলেগ বেলেগ হ’ব। প্ৰথম বৰ্ষত ৩০,০০০, দ্বিতীয় বৰ্ষত ৩৩,০০০, তৃতীয় বৰ্ষত ৩৬,৫০০ আৰু চতুৰ্থ বৰ্ষত ৪০,০০০ টকা প্ৰদান কৰা হ’ব।

নিযুক্তি প্ৰক্ৰিয়া – ইয়াত প্ৰাৰ্থীসকলক দুটা লিখিত পৰীক্ষাৰ জৰিয়তে নিৰ্বাচিত কৰা হ’ব আৰু তাৰ পিছত চিকিৎসা পৰীক্ষাৰ জৰিয়তে পৰীক্ষা কৰা হ’ব। পৰীক্ষাৰ পাঠ্যক্ৰম https://agnipathvayu.cdac.in ত পোৱা যাব। এই ৱেবচাইটৰ পৰা।

আবেদনৰ পদ্ধতি – ইয়াত অনলাইন আবেদন কৰক। আবেদন কৰিবলৈ https://agnipathvayu.cdac.in প্ৰাৰ্থীয়ে ৱেবছাইটত গৈ পঞ্জীয়ন কৰিব লাগিব। তাৰ পিছত আবেদন পত্ৰখন আপোনাৰ তথ্যৰে পূৰণ কৰক। আপোনাৰ ছবি আৰু স্বাক্ষৰ ক্ৰমান্বয়ে আপলোড কৰিব লাগিব। শেষত আবেদন মাচুল জমা দি আবেদন পত্ৰ জমা দিওক।

আবেদন মাচুল – ইয়াত আবেদন মাচুল ৫৫০ টকা।

আবেদনৰ অন্তিম তাৰিখ – ইয়াত আবেদন কৰাৰ শেষ তাৰিখ ০৬ ফেব্ৰুৱাৰী ২০২৪।

পৰীক্ষাৰ তাৰিখ – পৰীক্ষা ১৭ মাৰ্চ ২০২৪ আৰু তাৰ পিছত অনুষ্ঠিত হ’ব। এই সন্দৰ্ভত সকলো তথ্য এডমিট কাৰ্ডত দিয়া হ’ব।

Important Links

Official NoticeDownload
Apply onlineApply Now
Official websiteClick Here

Leave a Comment