LIC-ৰ ছুপাৰহিট আঁচনি, ইয়াত ১৫১ টকা বিনিয়ো কৰি লাভ কৰিব ৩১ লাখ টকা !

WhatsApp Follow

ঘৰত যদি কন্যা সন্তান থাকে তেন্তে কম বেছি পৰিমাণে সকলো পিতৃ-মাতৃয়ে তাইৰ ভৱিষ্যতৰ বাবে চিন্তা কৰে, বিশেষকৈ বিয়াৰ খৰচৰ বাবে। কিন্তু এতিয়া সেই চিন্তা আঁতৰাবলৈ LIC-য়ে এটা ডাঙৰ আঁচনি উলিয়াইছে ৷ যিটোক LIC কন্যাদান পলিচি নাম দিয়া হৈছে।

এই পলিচিৰ জৰিয়তে প্ৰতিদিনে মাত্ৰ ১৫১ টকা জমা কৰিলে কাৰ্যকালৰ শেষত মুঠ ৩১ লাখ টকা হাতত আহিব। হয়, আপুনি ঠিকেই শুনিছে, আচৰিত যেন লাগিলেও এয়াই সঁচা। এই আঁচনিৰ বিষয়ে অধিক জানো আহক –

এতিয়াৰ পৰা কন্যাৰ বিয়াত কোনো টেনচন নাই ! কাৰণ এতিয়াৰ পৰা LIC-ৰ এই মহান আঁচনিখনত প্ৰতিদিনে ১৫১ টকা জমা দিব পাৰিলে LIC-য়ে ৩১ লাখ টকা দিব। যদি কোনোবাই নিজৰ ভনীয়েক বা কন্যাৰ বাবে LIC-ৰ কন্যাদান পলিচিত টকা বিনিয়োগ কৰিব বিচাৰে, তেনে ক্ষেত্ৰত কন্যা বা ভনীয়েকৰ বয়স ১৩ বছৰৰ পৰা ২৫ বছৰৰ ভিতৰত হ’ব লাগিব। বছৰৰ মূৰে মূৰে আপুনি কিমান প্ৰিমিয়াম বঢ়াব পাৰিব সেয়া আগৰ পৰাই নির্ধাৰণ কৰিব লাগিব।

১৫১ টকাত কেনেকৈ পাব ৩১ লাখ টকা ?

কমেও ৩০ বছৰ বয়সত LIC কন্যাদান আঁচনি ল’ব লাগিব। আৰু শিশুটিৰ বয়স কমেও ১ বছৰ হ’ব লাগিব। LIC-ৰ এই কন্যাদান আঁচনি ২৫ বছৰৰ বাবে। এই পলিচিত আপুনি মাত্ৰ ২২ টকা প্ৰিমিয়াম হিচাপে দিব লাগিব আৰু বাকী ৩ বছৰৰ কোনো প্ৰিমিয়াম দিব নালাগে।

লগতে চাওক – মাত্ৰ ২০০ টকাত ডাকঘৰত ফিক্সড ডিপজিট একাউন্ট খুলক, কিমান সুত পাব জানক !

কিন্তু কন্যাৰ বয়স অনুযায়ী lic-ৰ এই পলিচি পিৰিয়ড কমাব পাৰি। যদি কোনোবাই ভৱিষ্যতে ১৮ বছৰ বয়সত ছোৱালীক বিয়া কৰাব বুলি ভাবিছে তেন্তে LIC-ৰ কন্যাদান পলিচিৰ নিয়ম অনুসৰি ছোৱালীজনীৰ নূন্যতম বয়স ১৮ বছৰ হোৱাটো অতি গুৰুত্বপূৰ্ণ। তেনে খেত্রত এই পলিচি ১৭ বছৰৰ বাবে ল’ব লাগিব।

প্ৰয়োজনীয় নথি-পত্ৰ !

  • কন্যাৰ জন্মৰ প্ৰমাণ পত্ৰ।
  • পিতৃ-মাতৃৰ আধাৰ কাৰ্ড,
  • পেন কাৰ্ড,
  • বেংকৰ পাছবুক,
  • পাছপ’ৰ্টৰ আকাৰৰ ফটোগ্ৰাফ।

৩১ লাখ টকা কেনেকৈ পাব ?

LIC-ৰ এই কন্যাদান পলিচিত দৈনিক ১৫১ টকা জমা কৰিলে প্ৰতিমাহে ৪৫৩০ টকা বিনিয়োগ হ’ব। কাৰোবাৰ দৰমহা ১৫ হাজাৰ হ’লেও কন্যাৰ নামত কন্যাদন পলিচি কিনিব পাৰে। ২২ বছৰৰ বাবেও প্ৰিমিয়াম দিবলগীয়া হ’ব পাৰে। পিছত ২৫ বছৰ সম্পূৰ্ণ হ’লে ৩১ লাখ টকা প্ৰদান কৰা হ’ব।

কেনেকৈ আবেদন কৰিব ?

যদি আপুনি LIC-ৰ এই পলিচি কিনিব বিচাৰে তেন্তে ওচৰৰ LIC-ৰ কাৰ্যালয়লৈ গৈ তাত থকা উন্নয়ন বিষয়াৰ সৈতে যোগাযোগ কৰিব লাগিব। আপোনাৰ স্থানীয় LIC এজেণ্টৰ সৈতেও যোগাযোগ কৰিব পাৰে।

Leave a Comment