ATM Card থাকিলে ৫ লাখ টকাৰ সুবিধা পাব, সুবিধা সমূহ কি ?

WhatsApp Follow

ATM card Rs 5 lakh benefits are absolutely free – আজিকালি প্ৰায় সকলোৰে হাতত ATM Card আছে। কম সংখ্যক লোকেহে ATM Card ৰ্ব্যৱহাৰ নকৰে। কিন্তু আপুনি জানেনে যে ATM Card থাকিলে ৫ লাখ টকা পৰ্যন্ত সুবিধা একেবাৰে বিনামূলীয়া পাব পাৰে, বেংকে এই সন্দৰ্ভত কোনো তথ্য নিদিয়াৰ বাবে বহু লোকে এই বিষয়ে নাজানে। যদি আপুনি নাজানে তেন্তে আজিৰ লেখাটোত সম্পূর্ণকৈ পঢ়ক –

ATM Card থাকিলে ৫ লাখ টকাৰ সুবিধা পাব

যদি আপুনি এজন ATM Card ব্যৱহাৰকাৰী তেন্তে ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া সুবিধা লাভ কৰিব পাৰিব। জ্ঞানৰ অভাৱত এই বিষয়টোৰ বিষয়ে বহুতে নাজানে। যদি আপুনি প্ৰধানমন্ত্ৰী জন ধন যোজনা আৰু ৰুপে বা মাষ্টাৰকাৰ্ড ব্যৱহাৰকাৰী হয় তেন্তে ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া বীমা লাভ কৰিব। যদি আপুনি কোনো দুৰ্ঘটনাৰ বলি হয় তেন্তে আপুনি এই বীমাৰ সুবিধা পাব। লগতে কোনো বৃহৎ দুৰ্ঘটনাৰ ফলত আপোনাৰ মৃত্যু হ’লে আপোনাৰ মনোনীত ব্যক্তিয়ে এই বীমাৰ ধন উলিয়াব পাৰিব।

কোন ATM Cardত কিমান কভাৰেজ পাব ?

যিকোনো ATM Card-ৰ আবেদনৰ সৈতে আপোনাক বিনামূলীয়া বীমা প্ৰদান কৰা হয়। যদি আপুনি যিকোনো বেংকৰ ATM Card কমেও ৪৫ দিন ব্যৱহাৰ কৰিছে, তেন্তে আপুনি এই সেৱাৰ বাবে যোগ্য। কাৰ্ডধাৰী অনুসৰি বীমাৰ কভাৰেজ ভিন্ন হয়। ইয়াত নূন্যতম ৫০ হাজাৰৰ পৰা ৫ লাখ টকালৈকে যাব পাৰিব।

যদি আপুনি বেংকৰ ক্লাছিক কাৰ্ড ব্যৱহাৰ কৰে, তেন্তে আপুনি ১ লাখ টকাৰ বীমা কভাৰেজ পাব আৰু প্লেটিনাম কাৰ্ড ব্যৱহাৰ কৰিলে ২ লাখ টকাৰ বীমা কভাৰেজ পাব। জেনেৰেল মাষ্টাৰ কাৰ্ডত ১ লাখ আৰু প্লেটিনাম মাষ্টাৰ কাৰ্ড আৰু ভিছাত ৫ লাখ টকা। ভিছা কাৰ্ড ১.৫ লাখৰ পৰা ২ লাখ টকা আৰু প্ৰধানমন্ত্ৰী জন-ধন যোজনাৰ সদস্যসকলে তেওঁলোকৰ RuPay কাৰ্ডৰ জৰিয়তে ১ লাখৰ পৰা ২ লাখ টকাৰ বীমা কভাৰেজ লাভ কৰিব।

আৰু পঢ়ক – বেংকত চেভিংছ একাউণ্ট আছে নেকি ? তেন্তে চৰকাৰে ১০,০০০ টকা !

ATM Card বীমা দাবীৰ নিয়ম

যদি কোনো ATM কাৰ্ডধাৰীয়ে কোনো দুৰ্ঘটনাৰ ফলত হাত বা ভৰি হেৰুৱাই পেলায় তেন্তে তেওঁ ৫০ হাজাৰ টকাৰ কভাৰেজ দাবী কৰিব পাৰে। যদি তেওঁ দুয়োহাত বা দুয়োখন ভৰি অক্ষম হৈ পৰে তেন্তে তেওঁ ১ লাখ টকাৰ কভাৰেজ দাবী কৰিব পাৰে। এটিএম কাৰ্ডধাৰীৰ মৃত্যু হ’লে মনোনীত ব্যক্তিয়ে ১ টকাৰ পৰা ৫টকা লাভ কৰিব, বীমা ৰাশি কাৰ্ডৰ ধৰণৰ ওপৰত নিৰ্ভৰ কৰে।

ATM বীমা দাবী কৰিবলৈ হ’লে মনোনীত ব্যক্তিয়ে সংশ্লিষ্ট বেংকলৈ গৈ বীমা দাবী কৰিব লাগিব। ইয়াৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ নথি-পত্ৰ বেংকত জমা দিব লাগিব। যেনে FIR-ৰ কপি, হস্পিতালৰ প্ৰমাণ পত্ৰ ইত্যাদি। মৃত্যুৰ কভাৰেজৰ ক্ষেত্ৰত মনোনীত ব্যক্তিয়ে কাৰ্ডধাৰীৰ মৃত্যুৰ প্ৰমাণ পত্ৰ, FIR-ৰ কপি, নিৰ্ভৰশীলৰ প্ৰমাণ পত্ৰ, মৃতকৰ প্ৰমাণ পত্ৰৰ মূল প্ৰতিলিপি ইত্যাদি বেংকত জমা দিব লাগিব।

Leave a Comment