চেভিংছ একাউণ্টত ৮% পৰ্যন্ত সুত ! ২০২৪ চনত কোনটো বেংকে অধিক সুত দিছে ?

WhatsApp Follow

কম বেছি পৰিমাণে মানুহৰ বেংকত চেভিংছ একাউণ্ট আছে। ভাৰতৰ বেংকসমূহে বিভিন্ন ধৰণৰ চেভিংছ একাউণ্ট আগবঢ়ায়। য’ত সুতৰ হাৰো বেলেগ বেলেগ। কেৱল ৰাজহুৱা খণ্ডৰ বেংকতে নহয়, বিভিন্ন ধৰণৰ ক্ষুদ্ৰ বিত্তীয় বেংকতো চেভিংছ একাউণ্ট খুলিব পাৰি।

২০২৪ চনত কোনটো বেংকে অধিক সুত দিছে ?

আজি মই আপোনালোকক ক’ম কিছুমান বেংকৰ বিষয়ে যিয়ে বেংকৰ চেভিংছ একাউণ্টত বছৰি ৮ শতাংশ পৰ্যন্ত সুতৰ হাৰ প্ৰদান কৰে। এই বেংকসমূহৰ তালিকা আৰু আগবঢ়োৱা সুতৰ হাৰ চাওঁ আহক –

এ ইউ ক্ষুদ্ৰ বিত্ত বেংক (AU Small Finance Bank)

এই বেংকে ২০২৩ চনৰ ১১ ছেপ্টেম্বৰত চেভিংছ একাউণ্টত নতুন সুতৰ হাৰ প্ৰয়োগ কৰে। এই বেংকে ১ৰ পৰা ৫ কোটি টকাৰ তলৰ সঞ্চয়ৰ ক্ষেত্ৰত সৰ্বোচ্চ ৭.২৫ শতাংশ সুতৰ হাৰ আগবঢ়াইছে। আনহাতে ১ লাখতকৈ কম টকা ৰাখিলে ৩.৫ শতাংশ হাৰত সুত পাব। ১ লাখৰ পৰা ১০ লাখৰ পৰা ৫ শতাংশ সুত আৰু ১ কোটিৰ পৰা ৫ কোটিৰ তলৰ ৭.২৫ শতাংশ সুত লাভ কৰিব।

লগতে চাওক – ATM-ত গৈ এই ভুল কৰে নেকি ? বেংক একাউণ্ট নিমিষতে খালী হৈ যাব পাৰে !

ডিচিবি বেংক (DCB Bank)

এই বেংকে ১০ লাখৰ পৰা ২ কোটি টকাতকৈ কম সঞ্চয়ৰ ওপৰত ৮ শতাংশ পৰ্যন্ত সুতৰ হাৰ আগবঢ়াইছে। আনহাতে, ১০ কোটিৰ পৰা ২০০ কোটি টকাতকৈ কম হ’লে ৭.৭৫ শতাংশ সুত দিয়া হয়। এই নতুন সুতৰ হাৰ ২৭ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী কৰা হৈছে।

ফিনকেয়াৰ ক্ষুদ্ৰ বিত্ত বেংক (Fincare Small Finance Bank)

এই বেংকে ১ ডিচেম্বৰ ‘২৩ৰ পৰা সঞ্চয়ৰ ওপৰত নতুন সুতৰ হাৰ আগবঢ়াইছে। য’ত ২৫ লাখৰ পৰা ১০ কোটিৰ সঞ্চয়ৰ ওপৰত ৭.৫০ শতাংশ সুত পোৱা যায়।

আইডিএফচি ফাৰ্ষ্ট বেংক (IDFC FIRST Bank)

আইডিএফচি ফাষ্ট বেংকে ২০২৩ চনৰ ১ অক্টোবৰৰ পৰা নতুন সুতৰ হাৰ কাৰ্যকৰী কৰিছে। এই নতুন সুতৰ হাৰ অনুসৰি ৫ লাখৰ পৰা ২৫ কোটি টকা সঞ্চয়ৰ ক্ষেত্ৰত সৰ্বোচ্চ ৭ শতাংশ সুতৰ হাৰ উপলব্ধ হ’ব।

ই এছ এ এফ ক্ষুদ্ৰ বিত্ত বেংক (ESAF Small Finance Bank)

এই বেংকত ৫ লাখতকৈ অধিক টকা সঞ্চয় কৰিলে ৭.৫০ শতাংশ পৰ্যন্ত সুত পাব। যোৱা বছৰৰ ২০ নৱেম্বৰৰ পৰা এই নতুন সুতৰ হাৰ বেংকটোৱে কাৰ্যকৰী কৰিছে।

সূৰ্যোদয় ক্ষুদ্ৰ বিত্ত বেংক (Suryoday Small Finance Bank)

এই বেংকে ১০ লাখৰ পৰা ৫ কোটি টকাৰ ভিতৰত সঞ্চয়ৰ ৭.৫০ শতাংশ সুত আগবঢ়াইছে। এই নতুন সুতৰ হাৰ যোৱা ১৩ নৱেম্বৰ ২০২৩ৰ পৰা কাৰ্যকৰী কৰা হৈছে।

Leave a Comment