ATM-ত গৈ এই ভুল কৰে নেকি ? বেংক একাউণ্ট নিমিষতে খালী হৈ যাব পাৰে !

WhatsApp Follow

মানুহে টকা উলিয়াবলৈ আৰু বেছি বেংকলৈ নাযায়। প্ৰয়োজনৰ সময়ত বা হঠাতে টকা উলিওৱাৰ মূল মাধ্যম হৈ পৰিছে এতিয়া ATM। আৰু মানুহৰ সুবিধাৰ কথা মনত ৰাখি সকলোতে ATM স্থাপন কৰা হৈছে। কিন্তু এই ATM সমূহৰ পৰা ধন উলিওৱাটো অতি সহজ হোৱাৰ বাবে ইয়াৰ লগত বহুতো বিপদও জড়িত হৈ থাকে।

প্ৰৱঞ্চকসকলে এতিয়া ATM-ৰ পৰা ধন উলিয়াবলৈ এক নতুন পদ্ধতি গ্ৰহণ কৰিছে। ইয়াৰ মাজতে তেওঁলোকে স্ক্যানাৰ লগাই ATM পিন চুৰি কৰি নিমিষতে গ্ৰাহকৰ বেংক একাউণ্টৰ পৰা ধন চুৰি কৰিছে। এনে বিপদৰ পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে সাধাৰণ জনতাক সতৰ্ক কৰি দিবলৈ এক সতৰ্কবাণী জাৰি কৰিছে।

আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনত ভাৰতীয় চাইবাৰস্পেচ নিৰাপত্তাৰ দায়িত্বত থকা CERT-IN এ শেহতীয়াকৈ এক্স হেণ্ডেলত পোষ্ট কৰিছে যে জনসাধাৰণে ATM-ৰ জালিয়াতি ৰোধ কৰিবলৈ কি কৰিব লাগে।

আপোনাৰ ATM কাৰ্ড আনক দিয়াৰ পৰা বিৰত থাকক। আনকি আপোনাৰ পিন, CVV বা OTP কাৰো লগত শ্বেয়াৰ নকৰিব। লগতে তলত ATM জালিয়াতিৰ পৰা হাত সাৰিবলৈ লোৱা পদক্ষেপসমূহ উল্লেখ কৰা হৈছে –

১) CCTV কেমেৰা থকা ATM-ৰ পৰা ধন উলিয়াব লাগে। অন্য ATM ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক।

২) ATM PIN সোমোৱাৰ সময়ত সাৱধান হওক। সদায় ATM-ৰ পিন নিজেই দিয়ক।

৩) নাম, জন্ম তাৰিখ, ফোন নম্বৰ ATM PIN হিচাপে ৰখাৰ পৰা বিৰত থাকক।

লগতে চাওক – পুৰণি মুদ্ৰা কেনেকৈ বিক্ৰী কৰিব লাখ লাখ টকাত ? জানক সম্পূৰ্ণ পদ্ধতি !

৪) ATM-ৰ পৰা ধন উলিয়াওঁতে কোনো সমস্যাৰ সন্মুখীন হ’লে অচিনাকি মানুহৰ পৰা সহায় লোৱাৰ পৰা বিৰত থাকক।

৫) টকা উলিওৱাৰ আগতে ATM-ত স্ক্যানাৰ আছে নে নাই পৰীক্ষা কৰক।

৬) বেংক ষ্টেটমেণ্টৰ ওপৰত সদায় চকু ৰাখিব।

৭) আপোনাৰ ATM PIN, CVV বা OTP আন কাৰোবাৰ লগত শ্বেয়াৰ নকৰিব।

৮) কোনো অনলাইন চাইটত বেংক বা ATM সম্পৰ্কীয় কোনো তথ্য দিয়াৰ আগতে সেই চাইটটোৰ বিষয়ে সম্পূৰ্ণ সচেতন হওক।

1 thought on “ATM-ত গৈ এই ভুল কৰে নেকি ? বেংক একাউণ্ট নিমিষতে খালী হৈ যাব পাৰে !”

Leave a Comment