SBI চেভিংছ একাউণ্টত ফিক্সড ডিপ’জিটৰ পৰিমাণ সুত, কেনেকৈ আবেদন কৰিব !

WhatsApp Follow

ভাৰতৰ সৰ্ববৃহৎ চৰকাৰী বেংক হিচাপে পৰিগণিত হৈছে ভাৰতীয় ষ্টেট বেংক। এই বেংকে গ্ৰাহকৰ সুবিধাৰ্থে বিভিন্ন সময়ত বিভিন্ন আকৰ্ষণীয় সুতৰ হাৰ আগবঢ়ায়। যদি আপোনাৰ ষ্টেট বেংকত চেভিংছ একাউণ্ট আছে তেন্তে সেই চেভিংছ একাউণ্টত ফিক্সড ডিপ’জিটৰ সুত পাব পাৰে। যদি আপুনিও বেংকত নিৰাপদ ধন বিনিয়োগ কৰি ভাল ৰিটাৰ্ণ পাব বিচাৰে তেন্তে ষ্টেট বেংকৰ এই সুবিধা আপোনাৰ বাবে সৰ্বোত্তম।

বৰ্তমান ষ্টক মাৰ্কেট, মিউচুৱেল ফাণ্ড বিনিয়োগৰ বিকল্প হিচাপে আছে কিন্তু ইয়াৰ সম্ভাৱ্য ৰিস্ক আছে গতিকে যদি আপুনি ডি-লিভাৰেজ হ’ব বিচাৰে তেন্তে বেংক আপোনাৰ বাবে সৰ্বোত্তম বিকল্প। কিন্তু বেংকত কেৱল চেভিংছ একাউণ্টত টকা ৰাখিলে মাত্ৰ ২ৰ পৰা ৩ শতাংশহে পাব। কিন্তু এতিয়া ভাৰতীয় ষ্টেট বেংকে গ্ৰাহকৰ বাবে এটা ডাঙৰ অফাৰ আনিছে এই ক্ষেত্ৰত আপুনি চেভিংছ একাউণ্টত সুতৰ দৰে ফিক্সড ডিপ’জিট পাব পাৰে।

SBI বহু বিকল্প জমা আঁচনি (SBI MODS)

ষ্টেট বেংকৰ যি আঁচনিৰ জৰিয়তে আপুনি চেভিংছ একাউণ্টত ফিক্সড ডিপ’জিটৰৰ সুত পায় সেয়া হৈছে এছ বি আই মাল্টি অপচন ডিপ’জিট আঁচনি (SBI MODS)। যদি আপোনাৰ ষ্টেট বেংকত চেভিংছ একাউণ্ট আছে তেন্তে আপুনি এই সুবিধা পাব। এছ বি আইৰ বহু বিকল্প জমা আঁচনিত বিনিয়োগৰ সময়সীমা ১ বছৰৰ পৰা ৫ বছৰলৈ। এই নিৰ্দিষ্ট সময়ৰ বাবে এই আঁচনিখনত বিনিয়োগ কৰিলে আপুনি চেভিংছ একাউণ্টত ফিক্সড ডিপজিটৰৰ সুত পাব।

লগতে চাওক – ATM-ত গৈ এই ভুল কৰে নেকি ? বেংক একাউণ্ট নিমিষতে খালী হৈ যাব পাৰে !

এই সুবিধা কোনে পাব ?

ষ্টেট বেংকত চেভিংছ একাউণ্ট থকা লোকসকলেহে ষ্টেট বেংকৰ এই সুবিধা লাভ কৰিব, গতিকে যদি আপোনাৰ আন কোনো বেংকত চেভিংছ একাউণ্ট আছে, তেন্তে আপুনি ইচ্ছা কৰিলে ষ্টেট বেংকত চেভিংছ একাউণ্ট খুলিব পাৰিব, আৰু আপুনি এই অফাৰ ল’ব পাৰে।

সুতৰ পৰিমাণ !

ষ্টেট বেংকৰ মাল্টি অপচন ডিপ’জিট আঁচনিত ৫.৭৫ শতাংশৰ পৰা সৰ্বাধিক ৭ শতাংশলৈকে সুত লাভ কৰিব পাৰিব। সুতৰ পৰিমাণ নিৰ্ভৰ কৰিব আপুনি আপোনাৰ ধন কিমান দিন বিনিয়োগ কৰে তাৰ ওপৰত।

SBI-ৰ বহু বিকল্প জমা আঁচনিৰ নিয়ম !

(১) SBI Multi Option Deposit Scheme ত Fixed Deposit ৰ দৰেই সুত পোৱা যায় কিন্তু Savings Account ৰ দৰে যিকোনো সময়তে টকা উলিয়াব পাৰি। লগতে এই আঁচনিখনত নূন্যতম ২৫ হাজাৰ টকা জমা কৰিব লাগিব।

(২) SBI Multi Option Deposit Scheme ৰ পৰা নূন্যতম ১০,০০০ টকা উলিয়াব পাৰিব। ১০ হাজাৰ টকাৰ পিছত ১০০০ টকাৰ বহুগুণত উলিয়াব পাৰিব। এই ক্ষেত্ৰত আপুনি চেক এটিএমৰ পৰা যিকোনো প্ৰকাৰে ধন উলিয়াব পাৰিব।

Leave a Comment