ডাকঘৰৰ নতুন আঁচনি, মাত্ৰ ৫০ টকা জমা কৰি ৩৫ লাখ টকা পাওক, সবিশেষ জানক !

WhatsApp Follow

Post Office Scheme: বৰ্তমান মিউচুৱেল ফাণ্ড আৰু শ্বেয়াৰ মাৰ্কেটৰ জৰিয়তে বিপুল ৰিটাৰ্ণ পোৱা যায়। কিন্তু ডাকঘৰত টকা ৰাখিলে মানুহে নিৰাপদ অনুভৱ কৰে। ভাৰতীয় ডাকঘৰত বিনিয়োগৰ বাবে বহু ধৰণৰ সঞ্চয় আঁচনি যথেষ্ট জনপ্ৰিয় কাৰণ ডাকঘৰত বিনিয়োগে নিশ্চিত আৰু ভাল লাভৰ সুবিধা প্ৰদান কৰে। ইয়াৰ বাবেই লাখ লাখ লোকে ডাকঘৰৰ আঁচনিত বিনিয়োগ কৰাটো পছন্দ কৰে।

ডাকঘৰৰ গ্ৰামীণ ডাক জীৱন বিমাৰ অধীনত বহু আঁচনি (ডাকঘৰ আঁচনি) প্ৰৱৰ্তন কৰা হৈছে। ইয়াৰে এটা হ’ল গ্ৰাম সুৰক্ষা যোজনা (ডাকঘৰৰ গ্ৰাম সুৰক্ষা যোজনা)। য’ত নূন্যতম বিনিয়োগেৰে বিশাল ৰিটাৰ্ণ পাব পাৰি। এই আঁচনিখনত আপুনি মাহে মাত্ৰ ১৫০০ টকা বিনিয়োগ কৰি ৩৫ লাখ টকা পৰ্যন্ত ৰিটাৰ্ণ লাভ কৰিব পাৰিব। ইয়াত কোনো ৰিস্ক নাই। এই আঁচনিখন গাঁৱে-ভূঞেৰ লোকৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা হৈছে।

এই আঁচনিখনত কোনে বিনিয়োগ কৰিব পাৰে ?

যিকোনো ভাৰতীয় নাগৰিকে গ্ৰাম সুৰক্ষা যোজনা আঁচনিত বিনিয়োগ কৰিব পাৰিব। ১৯ বছৰৰ পৰা ৫৫ বছৰৰ ভিতৰৰ যিকোনো ব্যক্তিয়ে এই আঁচনিত বিনিয়োগ কৰিব পাৰিব। নূন্যতম বিনিয়োগৰ পৰিমাণ ১০ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি সৰ্বোচ্চ ১০ লাখ টকালৈকে। প্ৰিমিয়াম মাহেকীয়া, ত্ৰিমাসিক, ডেৰ বছৰীয়া বা বছৰেকীয়া ভিত্তিত জমা কৰিব পাৰিব।

লগতে চাওক – কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনিখনত বেংকৰ পৰা কম সুতৰ ঋণ পাব কৃষকে, কেনেকৈ আবেদন কৰিব !

কিমান ৰিটাৰ্ণ ?

এই আঁচনিখনত প্ৰতিমাহে ১৫০০ টকা বিনিয়োগ কৰিলে অৰ্থাৎ প্ৰতিদিনে মাত্ৰ ৫০ টকা বিনিয়োগ কৰিলে আঁচনিৰ মেচিউৰিটিৰ সময়ত ৩৫ লাখ টকা পৰ্যন্ত ৰিটাৰ্ণ পোৱা যায়। ১৯ বছৰ বয়সত যদি কোনো ব্যক্তিয়ে ১০ লাখ টকাৰ পলিচি ক্ৰয় কৰে তেন্তে ৫৫ বছৰ বয়সলৈকে প্ৰতিমাহে ১৫১৫ টকা প্ৰিমিয়াম দিব লাগিব। কাৰ্যকালৰ শেষত পলিচিধাৰীয়ে লাভ কৰিব ৩১ লাখ ৬০ হাজাৰ টকাৰ ৰিটাৰ্ণ। একেজন ব্যক্তিয়ে যদি ৫৮ বছৰ বয়সলৈকে বিনিয়োগ কৰে তেন্তে প্ৰতিমাহে ১৪৬৩ টকা প্ৰিমিয়াম দিব লাগিব। কাৰ্যকালৰ শেষত পলিচিধাৰীয়ে লাভ কৰিব ৩৩ লাখ ৪০ হাজাৰ টকাৰ ৰিটাৰ্ণ। আৰু ৬০ বছৰ বয়সলৈকে বিনিয়োগ কৰিলে মাহে ১৪১১ টকা প্ৰিমিয়াম দিব লাগিব। কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ সময়ত তেওঁ লাভ কৰিব ৩৪ লাখ ৬০ হাজাৰ টকা।

ঋণৰ সুবিধা লাভ কৰিব !

এই আঁচনিখনত বিনিয়োগ কৰাসকলে চাৰি বছৰৰ পাছত ঋণ ল’ব পাৰিব। যদি কোনো পলিচিধাৰীয়ে নিজৰ পলিচি আত্মসমৰ্পণ কৰিব বিচাৰে তেন্তে পলিচি আৰম্ভ হোৱাৰ তাৰিখৰ পৰা তিনি বছৰৰ পিছত পলিচি জমা দিব পাৰে। পাঁচ বছৰৰ পাছত আঁচনিখনত বিনিয়োগ কৰিলেও বোনাছ পোৱা যায়।

ৰিটাৰ্ণ কেতিয়া লাভ কৰিব ?

গ্ৰাম সুৰক্ষা যোজনাৰ অধীনত পলিচিৰ ৩৫ লাখ টকা ৮০ বছৰ সম্পূৰ্ণ হ’লে বিনিয়োগকাৰীক হস্তান্তৰ কৰা হয়। প্ৰয়োজন হ’লে ইয়াৰ পূৰ্বেও গ্ৰাহকে ধন দাবী কৰিব পাৰে। আনহাতে বিনিয়োগকাৰীৰ মৃত্যু হ’লে তেওঁৰ ধন তেওঁৰ আইনী উত্তৰাধিকাৰীক দিয়া হয়।

1 thought on “ডাকঘৰৰ নতুন আঁচনি, মাত্ৰ ৫০ টকা জমা কৰি ৩৫ লাখ টকা পাওক, সবিশেষ জানক !”

Leave a Comment