কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনিখনত বেংকৰ পৰা কম সুতৰ ঋণ পাব কৃষকে, কেনেকৈ আবেদন কৰিব !

WhatsApp Follow

কেন্দ্ৰীয় চৰকাৰে কৃষকক উপকৃত কৰাৰ বাবে বিগত কেইবছৰমানৰ পৰা কেইবাখনো নতুন আঁচনি আৰম্ভ কৰিছে। তেনে এক আঁচনি হ’ল কিষাণ ক্ৰেডিট কাৰ্ড আঁচনি (KCC Scheme)। কিষাণ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে কৃষকক কম সুতৰ হাৰত ঋণ দিয়া হয়। ১৯৯৮ চনত নেচনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট (নাবাৰ্ড)ৰ উদ্যোগত কিষাণ ক্ৰেডিট কাৰ্ড মুকলি কৰা হৈছিল। কিষাণ ক্ৰেডিট কাৰ্ডে কৃষকক হ্ৰস্বম্যাদী ঋণ প্ৰদান কৰে। কৃষকে ঋণ লৈ কৃষি সামগ্ৰী যেনে বীজ, সাৰ, কীটনাশক আদি সহজে ক্ৰয় কৰিব পাৰে।

কিষাণ ক্ৰেডিট কাৰ্ড আঁচনিৰ সুবিধা !

আনকি কৃষি যন্ত্ৰপাতি ক্ৰয় আৰু অন্যান্য খৰচ বহনৰ বাবেও ঋণৰ ব্যৱস্থা আছে। এই আঁচনিৰ বিশেষ বৈশিষ্ট্য হ’ল ১.৬ লাখ টকা পৰ্যন্ত ঋণ উপলব্ধ, লগতে কোনো নিশ্চয়তা নোহোৱাকৈ। এতিয়া এই আঁচনিখন প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ সৈতে জড়িত ৷ এই কিষাণ ক্ৰেডিট কাৰ্ডৰ অধীনত কৃষকে বছৰি ৭ শতাংশ ঋণ লাভ কৰে। যদিহে কৃষকসকলে সময়মতে ঋণ পৰিশোধ কৰে তেন্তে আঁচনিৰ অধীনত তিনি শতাংশ ৰেহাই লাভ কৰিব, অৰ্থাৎ ঋণ মাত্ৰ ৪ শতাংশৰ হাৰত উপলব্ধ হ’ব।

কিষাণ ক্ৰেডিট কাৰ্ডৰ বৈধতা ৩ বছৰ !

কিষাণ ক্ৰেডিট কাৰ্ড এই আঁচনিৰ অধীনত যি শস্যৰ বাবে ঋণ দিয়া হৈছিল তাৰ ওপৰত নিৰ্ভৰ কৰি ঋণ পৰিশোধৰ সময় নিৰ্ধাৰণ কৰা হয়। মূলতঃ কিষাণ ক্ৰেডিট কাৰ্ডৰ বৈধতা ৩ বছৰ। শস্য চপোৱাৰ বতৰ শেষ হ’লেই ঋণ পৰিশোধ কৰা হয়। এই আঁচনিৰ ১.৬০ লাখ টকা পৰ্যন্ত ঋণৰ বাবে জামিনৰ প্ৰয়োজন নাই। আঁচনিধাৰীসকলে স্থায়ী অক্ষমতা বা মৃত্যুৰ ক্ষেত্ৰত ৫০ হাজাৰ টকাৰ বীমা কভাৰেজ লাভ কৰে, ইয়াৰ উপৰিও এই আঁচনিৰ অধীনত অন্য দুৰ্ঘটনা হ’লে ২৫ হাজাৰ টকাৰ কভাৰেজ প্ৰদান কৰা হয়।

কোনবোৰ বেংকে কিছান ক্ৰেডিট কাৰ্ড আঁচনি আগবঢ়ায় ?

  • Bank of India
  • Bank of India
  • Bank of Baroda
  • HDFC Bank
  • ICICI Bank
  • Axis Bank
  • (Central Bank of India)
  • UCO Bank
  • Union Bank
  • Indian Bank
  • আন আন বেংকো আছে

কিষাণ ক্ৰেডিট কাৰ্ড ঋণৰ যোগ্যতা !

কিষাণ ক্ৰেডিট কাৰ্ড আঁচনিৰ অধীনত ঋণ ল’বলৈ হ’লে ঋণ লোৱাজনৰ বয়স নূন্যতম ১৮ বছৰ আৰু সৰ্বাধিক ৭৫ বছৰ হ’ব লাগে, কৃষকৰ নিজা মাটি থাকিব লাগে। এই আঁচনিৰ অধীনত গ্ৰুপ লোনৰো সুবিধা আছে। শ্বেয়াৰহোল্ডাৰ কৃষক, ভাড়াতীয়া কৃষক বা মৌখিক ঠিকাভিত্তিক কৃষককো এই আঁচনিৰ জৰিয়তে ঋণৰ বাবে যোগ্য বুলি গণ্য কৰা হয়। আত্মসহায়ক গোট বা যৌথ দায়বদ্ধতা গোটেও এই আঁচনিৰ অধীনত ঋণ লাভ কৰাৰ যোগ্য।

লগতে চাওক – কেন্দ্ৰৰ নতুন আঁচনি, ঘৰৰ প্ৰতিগৰাকী মহিলাই লাভ কৰিব চিলাই মেচিন ! কেনেকৈ আবেদন কৰিব ?

প্ৰয়োজনীয় নথিপত্ৰ !

কিষাণ ক্ৰেডিট কাৰ্ড আঁচনিৰ অধীনত ঋণ ল’বলৈ প্ৰয়োজনীয় নথি-পত্ৰসমূহ হ’ল –

  • আধাৰ কাৰ্ড,
  • পান কাৰ্ড,
  • ভোটাৰ আইডি,
  • ড্ৰাইভিং লাইচেন্স,
  • ভূমিৰ ডীড,
  • আবেদনকাৰীৰ এখন পাছপ’ৰ্ট আকাৰৰ ফটো,
  • লগতে বেংকৰ অনুৰোধ অনুসৰি ছিকিউৰিটি পিডিচিৰ দৰে অন্যান্য নথি-পত্ৰৰ প্ৰয়োজন হ’ব।

কিষাণ ক্ৰেডিট কাৰ্ড অনলাইন আবেদন কৰক !

যিটো বেংকৰ বাবে আপুনি কিষাণ ক্ৰেডিট কাৰ্ড আঁচনিৰ বাবে আবেদন কৰিব বিচাৰে –

১/ প্ৰথমে সেই বেংকৰ ৱেবছাইটত গৈ কিষাণ ক্ৰেডিট কাৰ্ডত ক্লিক কৰি ‘Apply New KCC’ অপচনত ক্লিক কৰক।

২/ তেতিয়া আপোনাৰ সন্মুখত এটা সুকীয়া পৃষ্ঠা খোল খাব,

৩/ য’ত আপুনি প্ৰয়োজনীয় তথ্যৰে ফৰ্ম পূৰণ কৰিব লাগিব আৰু ‘Submit Details’ বিকল্পত ক্লিক কৰিব লাগিব।

৪/ তাৰ পিছত আপোনাক এটা আবেদনৰ ৰেফাৰেন্স নম্বৰ প্ৰেৰণ কৰা হ’ব।

৫/ যদি আপুনি যোগ্য বুলি বিবেচিত হয় তেন্তে পৰৱৰ্তী প্ৰক্ৰিয়াৰ বাবে কেইদিনমানৰ ভিতৰত বেংকে আপোনাৰ সৈতে যোগাযোগ কৰিব।

কিষাণ ক্ৰেডিট কাৰ্ড আঁচনিৰ বিষয়ে অধিক জানিবলৈ আঁচনিখন আগবঢ়োৱা আপোনাৰ ওচৰৰ বেংকৰ সৈতে যোগাযোগ কৰক।

2 thoughts on “কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনিখনত বেংকৰ পৰা কম সুতৰ ঋণ পাব কৃষকে, কেনেকৈ আবেদন কৰিব !”

Leave a Comment