শিশুৱে প্ৰায়ে পঢ়া-শুনা পাহৰি যায় ? স্মৃতিশক্তি কেনেকৈ উন্নত কৰিব !

WhatsApp Follow

অভিভাৱকে ল’ৰা-ছোৱালীৰ পঢ়া-শুনাক লৈ সদায় চিন্তিত থাকে ! শিশুটিয়ে যদি সঘনাই পঢ়া-শুনা পাহৰি যায় তেন্তে সি অধিক চিন্তাৰ বিষয়, এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ দৈনিক পাঁচটা কাম কৰক –

১/ নিয়মিত ব্যায়াম আৰু খেলা-ধূলা: নিয়মিত ব্যায়ামে স্মৃতিশক্তি বহুখিনি উন্নত কৰে। বিজ্ঞানীসকলৰ মতে নিয়মীয়া ব্যায়ামে মগজুলৈ তেজৰ সোঁত বৃদ্ধি কৰে। ফলত কিছুমান বিশেষ ধৰণৰ ৰাসায়নিক পদাৰ্থৰ নিঃসৰণো বৃদ্ধি পায়। যিয়ে স্মৃতিশক্তি বৃদ্ধি কৰে।

২/ নিয়মিত টোপনি: আপোনাৰ শিশুটিক প্ৰতিদিনে পৰ্যাপ্ত টোপনিৰ প্ৰয়োজন। ই স্মৃতিশক্তি বহুত উন্নত কৰে। বয়স অনুযায়ী নিৰ্দিষ্ট সময়ৰ বাবে শুই থকাটো জৰুৰী। তেতিয়া মগজুৰ পাৰফৰমেন্স বহুত বাঢ়ে।

৩/ মোবাইল চোৱাৰ সময়: মোবাইল চোৱাৰ সময় কম কৰাটো গুৰুত্বপূৰ্ণ। প্ৰতিদিনে মোবাইলত বহু সময় কটায় নেকি? তেতিয়া সেই প্ৰৱণতা কমাব লাগে। বিজ্ঞানীসকলৰ মতে ই জ্ঞানশক্তিৰ ক্ষমতাত গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত কৰে। গতিকে মোবাইল ব্যৱহাৰৰ সময় সীমিত হ’ব লাগে।

৪/ ৰঙৰ অধিক ব্যৱহাৰ: পঢ়া-শুনা স্মৰণীয় কৰি তুলিবলৈ শিশুটিক বিভিন্ন ধৰণৰ ছবি আকিবলৈ শিকাওক। আপুনি পঢ়াৰ ধৰণ সলনি কৰক যাতে আপুনি পঢ়া সকলো তথ্য মনত ৰাখিব পাৰে। বিৰক্তিৰ সলনি নতুন পদ্ধতি ব্যৱহাৰ কৰক।

৫/ পৰ্যাপ্ত খাদ্য: পৰ্যাপ্ত পৰিমাণৰ পুষ্টিকৰ খাদ্য খাব লাগে। শিশুৰ মগজুৰ বিকাশ শিশুৱে কেনেদৰে খায় তাৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াৰ বাবে খাদ্যত মাছ, বাদাম, ফলমূল আৰু শাক-পাচলি বেছিকৈ ৰাখিব লাগে।

Leave a Comment