ৰঙালাও কাটি গুটিবোৰ পেলাই দিয়ে নেকি, যদি দিয়ে তেন্তে বন্ধ কৰক !

WhatsApp Follow

আপুনি ৰঙালাওৰ আঞ্জা বনোৱাৰ সময়ত ৰঙালাওৰ গুটিবোৰ পেলাই দিয়ে নেকি? যদি তেনে কৰে তেনেহ’লে এতিয়াৰ পৰা ইয়াক পেলাই নিদিব। কাৰণ ৰঙালাও গুটিৰ আছে বহু উপকাৰিতা। আহক জানো ৰঙালাও গুটিৰ লাভালাভবোৰ কি কি ?

>> ৰঙালাওত থকা প্ৰচুৰ পৰিমাণৰ এণ্টিঅক্সিডেণ্টে কোষ ধবংস হোৱাত বাধা প্ৰদান কৰে, যাৰ ফলত মহিলাৰ স্তন কেঞ্চাৰকে ধৰি বিভিন্ন কৰ্কট ৰোগ হোৱাত বাধা দিয়ে ৷

>> জিংক সমৃদ্ধ ৰঙালাউৰ গুটিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ৷ ইয়াৰ উপৰি মানসিক চাপ, দুশ্চিন্তা দূৰ কৰাত সহায়ক হয় ৷

>> ৰঙালাওত প্ৰচুৰ পৰিমাণে মেগনেছিয়াম, জিংক, এন্টিঅক্সিডেন্ট, আৱশ্যকীয় ফেটি এচিড থকা বাবে হাৰ্টৰ বাবে উপকাৰী।

>> চুলি সৰা (Hair Fall) সমস্যাতো সুফল পোৱা যায়, কাৰণ ইয়াত বিভিন্ন প্ৰকাৰৰ ভিটামিন, প্ৰটিন, আইৰণ, জিংক, কেলচিয়াম আদি আছে।
চুলিৰ সুস্বাস্থ্যৰ বাবে ভিটামিন, আইৰন আৰু প্ৰটিনৰ খুব প্ৰয়োজন। লগতে চুলিকোচা স্বাস্থ্যবান আৰু উজ্জ্বল কৰাতো ই সহায় কৰে।


আৰু পঢ়ক
>> গৰ্ভাৱস্থাত এই ৬টা খাদ্য খালে শিশুৰ ছালখন সুন্দৰ হয়
>> শৰীৰত কেলচিয়ামৰ অভাৱ হ’লে এই ৬টা লক্ষণে বুজিব পৰিব !


>> পুৰুষৰ যৌন স্বাস্থ্য বজাই ৰখাত ৰঙালাওৰ গুটিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ই পুৰুষৰ যৌন স্বাস্থ্যৰ বাবে অত্যন্ত অত্যাৱশ্যকীয়। যৌন গ্ৰন্থি শক্তিশালী কৰিবলৈ আৰু স্বাস্থ্যকৰ হৰমন প্ৰক্ৰিয়া বৃদ্ধি কৰিবলৈ পুৰুষে ৰঙলাও গুটি খোৱা উচিত।

>> নিদ্ৰাহীনতা দূৰ কৰাত ৰঙালাও গুটি খুৱেই উপকাৰী। ইয়াত থকা ট্ৰিপত’ফেন জিংক আৰু মেগনেছিয়ামে নিদ্ৰাৰ বাবে উপকাৰী হৰম’ন প্ৰস্তুত কৰাত মূখ্য ভূমিকা পালন কৰে।

>> ৰঙালাওৰ গুটিত থকা ফাইবাৰে শৰীৰৰ অলাগতিয়াল চৰ্বি কমাই ওজন নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

বিঃদ্রঃ এই আর্টিকেলটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়িবলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্রহণ কৰক ।

Leave a Comment