চ’ত নৱৰাত্ৰীৰ আৰম্ভণিতেই পাঁচ ৰাজযোগৰ মহাসংযোগ ! দুৰ্গাৰ কৃপাত হাতলৈ ধন-সম্পত্তি আহিব ৫ৰাশিৰ জাতকৰ।

WhatsApp Follow

অদ্ভুত সংযোগত আৰম্ভ হ’ব এইবাৰ চ’ত নৱৰাত্ৰি আৰু বাসন্তী পূজা। এইবাৰ চ’ত নৱৰাত্ৰীৰ সূচনা হৈছে পাঁচটা অদ্ভুত মহাসংযোগৰ সময়ত। চন্দ্ৰই এই দিনটোত মেষ ৰাশিত বিৰাজ কৰি বৃহস্পতিৰ সৈতে যুঁটি স্থাপন কৰিব তাৰ ফলত তৈয়াৰ হ’ব গজকেশৰী যোগ। অন্যহাতে শুক্ৰই মীন ৰাশিত বুধৰ সৈতে উপস্থিত থাকি লক্ষ্মী নাৰায়ণ যোগ তৈয়াৰ কৰিব।

মেষ ৰাশিত সূৰ্য আৰু বুধৰ সংযোগৰ ফলত বুধাদিত্য যোগ তৈয়াৰ হ’ব। শনিয়ে নিজৰ মূলত্ৰিকোণ ৰাশি কুম্ভত অৱস্থান কৰি শ শ ৰাজযোগ তৈয়াৰ কৰিব। শুক্ৰ থাকিব নিজৰ উচ্চ ৰাশি মীনত। তাতেই উপস্থিত থাকি মালব্য ৰাজযোগ তৈয়াৰ কৰিব শুক্ৰই। দুৰ্গাৰ কৃপাত এই পাঁচ শুভ যোগৰ মহাসংযোগত মেষ, কৰ্কটসহ ৫ৰাশিৰ জাতকৰ জীৱনত উন্নতি হ’ব।

কেৰিয়াৰত অপ্ৰত্যাশিতভাৱে উন্নতি কৰিব পাৰিব এই ৰাশিৰ জাতকে। ইয়াৰোপৰি ব্যৱসায়ীসকলেও অসাধাৰণ লাভ অৰ্জন কৰিব পাৰিব। চ’ত নৱৰাত্ৰী আৰু বাসন্তী পূজা কোন কোন ৰাশিৰ বাবে শুভ? জ্যোতিষ গণনাই কি কয়?

মেষ ৰাশি
এই সময় মেষ ৰাশিৰ জাতকৰ বাবে অত্যন্ত শুভ। নৱৰাত্ৰীৰ প্ৰতিপদ তিথিৰ পৰাই ভাল দিন আৰম্ভ হ’ব মেষ ৰাশিৰ জাতকৰ। ব্যৱসায়ত কাঙ্খিত লাভ অৰ্জন কৰিব। ধন বৃদ্ধি হ’ব। ইয়াৰোপৰি ভাগ্যৰ সংগ লাভ কৰিব এই ৰাশিৰ জাতকে। সমস্ত কামতেই দুৰ্গাৰ আশীৰ্বাদত সফল হ’ব এই ৰাশিৰ জাতক। এই সময়ত নতুন ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনা কৰিলে কাৰ্যসিদ্ধি হ’ব আপোনাৰ। চাকৰিয়াল জাতকৰ পদোন্নতিৰ যোগ আছে।

বৃষ ৰাশি
বৃষ ৰাশিৰ জাতকে সমস্ত কামতেই কাঙ্খিত লাভ অৰ্জন কৰিব পাৰিব। স্বাস্থ্য ভালেই থাকিব। ব্যৱসায়ত ভাল লাভ অৰ্জন কৰিব পাৰিব এই ৰাশিৰ জাতকে। ধন বৃদ্ধি হ’ব। ব্যৱসায়ত সাফল্যৰ যোগ আছে। সাফল্যৰ পথত থকা সকলো বাধা দূৰ হ’ব। অংশীদাৰীৰ ব্যৱসায়ত লাভ হ’ব। ধন বৃদ্ধিৰ যোগ আছে এই ৰাশিৰ জাতকৰ। দুৰ্গাৰ কৃপাত অবিবাহিত বৃষ জাতকে পছন্দৰ জীৱনসংগী লাভ কৰিব।

লগতে চাওক – এপ্ৰিল মাহত লাকী ৰাশিঃ কষ্টৰ ফল পাব, পকেটত আহিব টকা। এই ৰাশিৰ লোকসকলৰ বাবে আহি আছে ভাল দিন।

কৰ্কট ৰাশি
বাসন্তী পূজাৰ শুভ সংযোগত কৰ্কট ৰাশিৰ জাতকৰ জীৱনলৈ আনন্দৰ আগমন হ’ব। ইতিবাচক শক্তি সঞ্চাৰিত হ’ব। ধন লাভৰ শুভ সংযোগ তৈয়াৰ হ’ব। পাৰিবাৰিক সামঞ্জস্য বজাই ৰাখিব পাৰিব। বিদেশত ব্যৱসায় কৰি থকা জাতকে ভাল মুনাফা অৰ্জন কৰিব পাৰিব। ধন-ধ্যান বৃদ্ধি হ’ব। জীৱনৰ সমস্ত কষ্ট দূৰ হ’ব। পাবলগীয়া ধন এই সময়ত লাভ কৰিব কৰ্কট ৰাশিৰ জাতকে।

সিংহ ৰাশি
সিংহ ৰাশিৰ জাতকৰ ওপৰত দুৰ্গাৰ বিশেষ আশীৰ্বাদ থাকিব। সমস্ত কামতেই কাঙ্খিত সাফল্য লাভ কৰিব পাৰিব। ধন আৰু সন্মান বৃদ্ধি পাব। ভাগ্যৰ সংগ লাভ কৰিব এই ৰাশিৰ জাতকে। বহুদিন ধৰি চাকৰিৰ সন্ধানত থাকিলে বাসন্তী পূজাৰ সময়তেই শুভ সংবাদ লাভ কৰিব। নতুন কামৰ চিন্তাচৰ্চা কৰিলে এই সময় আপোনাৰ বাবে শুভ। ভৱিষ্যতে ব্যৱসায়ত মুনাফা অৰ্জন কৰিব পাৰিব।

কুম্ভ ৰাশি
চ’ত নৱৰাত্ৰী আৰু বাসন্তী পূজাত কুম্ভ ৰাশিৰ জাতকৰ ওপৰত দুৰ্গাৰ বিশেষ আশীৰ্বাদ থাকিব। সমস্ত কামত কাঙ্খিত সাফল্য লাভ কৰিব পাৰিব। ধন-সম্পত্তি অৰ্জন কৰিব এই ৰাশিৰ জাতকে। পৰিয়ালৰ কোনো সদস্যই আপোনাক সহায় কৰিবলৈ আগুৱাই আহিব। আপোনাক সঠিক পথ দেখুৱাব। ঘৰত নতুন অতিথিৰ আগমনৰ শুভ সংবাদ লাভ কৰিব পাৰে। ব্যৱসায়ত ধন লাভৰ শুভ সংযোগ আছে। পৰিয়ালত আনন্দৰ সঞ্চাৰ হ’ব।

Disclaimer – এই প্ৰতিবেদন কেৱল ইন্টাৰনেটত উপলব্ধ তথ্যৰ উপৰত ভিত্তি কৰি সাধাৰণ জ্ঞান প্ৰদানৰ বাবেহে দিয়া হৈছে, Jibonor Shongram এ এই তথ্যৰ নিশ্চয়তা আৰু সত্যতা প্ৰদান নকৰে আৰু দায়িত্ব গ্ৰহণ নকৰে। লেখাবোৰ পঢ়ি ভাল পালে যদি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।

1 thought on “চ’ত নৱৰাত্ৰীৰ আৰম্ভণিতেই পাঁচ ৰাজযোগৰ মহাসংযোগ ! দুৰ্গাৰ কৃপাত হাতলৈ ধন-সম্পত্তি আহিব ৫ৰাশিৰ জাতকৰ।”

Leave a Comment