ৰেৱতী নক্ষত্ৰত আহিব বুধ, ৪ৰাশিৰ জীৱনৰ পৰা আঁতৰি যাব দুঃখৰ ক’লা মেঘ !

WhatsApp Follow

জ্যোতিষ শাস্ত্ৰত বুধক গ্ৰহৰ যুৱৰাজ আখ্যা দিয়া হয়। বুদ্ধি, তর্ক, গণিত, চাতুর্য, ব্যৱসায়ৰ কাৰক গ্রহ বুলিও কোৱা হয় বুধক। বুধৰ শুভ প্ৰভাৱত ব্যক্তিৰ ভাগ্যও জাগৃত হয়। বর্তমান বুধে মেষ ৰাশিত অস্ত আৰু বক্ৰী অৱস্থাত বিচৰণ কৰি আছে। ৯এপ্রিলত বক্রী গতিতেই মীন ৰাশিত পুনৰ প্ৰৱেশ কৰিব বুধে। এই দিনটোতেই নক্ষত্র পৰিবৰ্তন কৰিবলৈ আগবাঢ়িছে গ্ৰহৰ যুৱৰাজে। ৰেৱতী নক্ষত্ৰত বুধৰ প্ৰৱেশ হ’ব।

জ্যোতিষ অনুসৰি ৰেৱতী নক্ষত্ৰত বুধ প্ৰৱেশ কৰাৰ ফলত চাৰি ৰাশিৰ ভাগ্যোদয় হ’ব। প্ৰচুৰ ধন লাভ কৰিব পাৰিব এই ৰাশিৰ জাতকে। বুধৰ ৰেৱতী নক্ষত্ৰৰ গোচৰে কোন কোন ৰাশিৰ জাতকৰ জীৱনলৈ আনন্দৰ জোৱাৰ আনিব?

বৃষ ৰাশি
জয়োতিষ অনুসৰি বুধৰ নক্ষত্ৰ পৰিবৰ্তন বৃষ ৰাশিৰ জাতকৰ বাবে অত্যন্ত শুভ ফলদায়ী। ব্যৱসায় বিস্তাৰৰ প্ৰৱল সম্ভাৱনা আছে এই ৰাশিৰ জাতকৰ। অৰ্ত আগমন বৃদ্ধি পাব। পদোন্নতিৰ ওপৰিও আয় বৃদ্ধিৰো প্ৰৱল যোগ আছে। ধন লাভ সম্ভৱ। ইয়াৰ ফলত আর্থিক পৰিস্থিতি মজবুত হ’ব বুধ ৰাশিৰ জাতকৰ। বুধৰ ৰেৱতী নক্ষত্ৰৰ গোচৰ বৃষ ৰাশিৰ জাতকৰ বাবে শুভ ফলদায়ী।

মিথুন ৰাশি
ৰেৱতী নক্ষত্ৰত বুধৰ প্ৰৱেশ মিথুন ৰাশিৰ জাতকৰ বাবে শুভ। ধন লাভৰ প্ৰৱল যোগ তৈয়াৰ হৈছে। আয়ৰ নতুন নতুন উৎস তৈয়াৰ হ’ব। ব্যৱসায়ীসকলৰ বাবেও বুধৰ নক্ষত্ৰ পৰিবৰ্তন শুভ। এই সময়ত কাংশিত মুনাফা অর্জন কৰিব পাৰিব। দীর্ঘদিন ধৰি কোনো কাম আধৰুৱাকৈ থাকিলে সেই কাম সম্পন্ন হ’ব।

লগতে চাওক – চ’ত নৱৰাত্ৰীৰ আৰম্ভণিতেই পাঁচ ৰাজযোগৰ মহাসংযোগ ! দুৰ্গাৰ কৃপাত হাতলৈ ধন-সম্পত্তি আহিব ৫ৰাশিৰ জাতকৰ।

কন্যা ৰাশি
বুধৰ নক্ষত্ৰ পৰিবৰ্তন কন্যা ৰাশিৰ জাতকৰ বাবে কোনো আশীর্বাদতকৈ কম নহয়। ধন লাভৰ প্ৰৱল যোগ আছে এই ৰাশিৰ জাতকৰ। বুধৰ আশীৰ্বাদত ব্যৱসায় সম্প্ৰসাৰণ সম্ভৱ। ব্যৱসায়ৰ মাধ্যমেৰে আয় হ’ব। ইয়াৰোপৰি আয় বৃদ্ধিৰ প্ৰৱল যোগ আছে। এই সময়ত কন্যা ৰাশিৰ জাতকৰ ভাগ্যোদয় হ’ব।

ধনু ৰাশি
জ্যোতিষ গণনা অনুসৰি ৰেৱতী নক্ষত্ৰত বুধৰ প্ৰৱেশে সুখকৰ অনুভূতি প্ৰদান কৰিব। এই সময় আপোনাৰ বাবে শুভ প্রমাণিত হ’ব। যি কামতেই হাত নিদিয়ক কিয় সফল হ’বই। বুধৰ আশীৰ্বাদত পৰিয়ালত সুখ-শান্তি বিৰাজ কৰিব। পৰিয়ালৰ সদস্যসকলৰ মাজত প্রেম, ভালপোৱা আৰু সৌহার্দ্য বাঢ়িব।

Disclaimer – এই প্ৰতিবেদন কেৱল ইন্টাৰনেটত উপলব্ধ তথ্যৰ উপৰত ভিত্তি কৰি সাধাৰণ জ্ঞান প্ৰদানৰ বাবেহে দিয়া হৈছে, Jibonor Shongram এ এই তথ্যৰ নিশ্চয়তা আৰু সত্যতা প্ৰদান নকৰে আৰু দায়িত্ব গ্ৰহণ নকৰে। লেখাবোৰ পঢ়ি ভাল পালে যদি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।

2 thoughts on “ৰেৱতী নক্ষত্ৰত আহিব বুধ, ৪ৰাশিৰ জীৱনৰ পৰা আঁতৰি যাব দুঃখৰ ক’লা মেঘ !”

Leave a Comment