ই-শ্ৰাম কাৰ্ডত থাকিলে মাহে পাব ৩০০০ টকা, এতিয়াই আবেদন কৰক

WhatsApp Follow

e-shram card will get you 3000 rupees every month apply with these documents: ভাৰতত সংগঠিত খণ্ডত মিলি চৰকাৰী আৰু ব্যক্তিগত খণ্ডত কাম কৰা লোক সকলতক বহু বেছি লোক অসংগঠিত খণ্ডত বাস কৰে। এই অসংগঠিত খণ্ডত কাম কৰাসকলক আমি সাধাৰণভাৱে শ্ৰমিক হিচাপে চিনি পাওঁ। এই দেশৰ ৪০ কোটিতকৈ অধিক লোকে প্ৰতিদিনে অসংগঠিত খণ্ডত কাম কৰে, কিন্তু এই বৃহৎ সংখ্যক লোকৰ হাতত কোনো ধৰণৰ আৰ্থিক সুৰক্ষা বা ভৱিষ্যতৰ সঞ্চয় নাই।

কেন্দ্ৰীয় চৰকাৰৰ সূত্ৰ অনুসৰি এই পৰ্যন্ত দেশৰ ২০ কোটি লোকে এই ই-লেবাৰ কাৰ্ডত নামভৰ্তি কৰিছে। ইয়াৰে ২ কোটি লোকে ইয়াৰ সৰ্বাংগীন সেৱা লাভ কৰিবলৈ আৰম্ভ কৰিছে। কেন্দ্ৰীয় শ্ৰম মন্ত্ৰণালয়ে কয় যে বাকি সকলকো অতি শীঘ্ৰে সেৱাৰ অধীনলৈ অনা হ’ব।

ই-শ্ৰম কাৰ্ডক কিয় ইমান গুৰুত্ব দিছে কেন্দ্ৰৱে ?

ৰেচন কাৰ্ড, পেন কাৰ্ড, ভোটাৰ আইডিৰ সৈতে আধাৰ নম্বৰ লিংক বাধ্যতামূলক কৰি কেন্দ্ৰীয় চৰকাৰে স্পষ্ট কৰি দিছে যে আধাৰ ভাৰতবাসীৰ মূল পৰিচয় পত্ৰ। ফলত আধাৰ কাৰ্ড অবিহনে বেংকিংৰ পৰা আৰম্ভ কৰি ল’ৰা-ছোৱালীক স্কুলত নামভৰ্তি কৰা, পৰীক্ষাত হাজিৰ হোৱা, চাকৰি পোৱাটো কঠিন হৈ পৰিব।

ইফালে কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ বিভিন্ন সামাজিক আঁচনি বিশেষকৈ অসংগঠিত খণ্ডৰ কৰ্মী আৰু সমাজৰ প্ৰান্তীয় লোকৰ বাবে নিৰ্ধাৰিত আঁচনিৰ সুবিধা প্ৰদানৰ বাবে ই-শ্ৰম কাৰ্ড বাধ্যতামূলক কৰিবলৈ ওলাইছে। যদি এই কাৰ্ডত আপোনাৰ নাম নামভৰ্তি হয় তেন্তে আপুনি PMAY, PMJAY, PM Kisanকে ধৰি কেইবাখনো কেন্দ্ৰীয় চৰকাৰৰ সামাজিক সুৰক্ষা আঁচনিৰ সুবিধা লাভ কৰিব।

যদি আপুনি ই শ্ৰম কাৰ্ডত নামভৰ্তি কৰিছে তেন্তে অসংগঠিত খণ্ডৰ কৰ্মী হিচাপে অৱসৰৰ পিছত প্ৰতিমাহে ৩ হাজাৰ টকা পৰ্যন্ত পেঞ্চন লাভ কৰিব পাৰিব। লগতে বিভিন্ন বীমা, আয়ুষ্মান ভাৰত, কৃষকক সহায় ইত্যাদি পাবলৈ ই-লেবাৰ কাৰ্ডত নামভৰ্তি কৰিব লাগিব। ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিছে ই-লেবাৰ পৰ্টেল।

ই-শ্ৰম কাৰ্ডৰ বিশেষ সুবিধা কি কি ?

(১) ৬০ বছৰ বয়সৰ পিছত প্ৰতিমাহে ৩ হাজাৰ টকা পেঞ্চন পাব।

(২) কাম কৰি থকাৰ সময়ত কোনো কাৰণত অক্ষমতা বা বিকৃতি হ’লে ১ লাখ টকাৰ আৰ্থিক সাহায্য।

(৩) মৃত্যুৰ ক্ষেত্ৰত পৰিয়ালটোৱে ২ লাখ টকাৰ আৰ্থিক সাহায্য লাভ কৰিব।

ই-শ্ৰম কাৰ্ডত কোনে নামভৰ্তি কৰিব পাৰিব ?

(১) যদি অসংগঠিত খণ্ডত কাম কৰা আৰু মাহিলী আয় আয়কৰ সীমাৰ তলত হয় তেন্তে ই-লেবাৰ কাৰ্ডত নামভৰ্তি কৰিব পাৰিব।

(২) ১৬-৫৯ বছৰৰ ভিতৰৰ বয়স কেৱল ই-লেবাৰ কাৰ্ডত নামভৰ্তি কৰিব পাৰিব।

(৩) যিসকলে কৰ্মচাৰী প্ৰভিডেণ্ট ফাণ্ড (ই পি এফ) আৰু ই এছ আই সুবিধা নাপায় তেওঁলোকে এই আঁচনিত নামভৰ্তি কৰিব পাৰিব।

ই-লেবাৰ কাৰ্ডৰ বাবে প্ৰয়োজনীয় নথি

(১) আধাৰ কাৰ্ড

(২) মোবাইল নম্বৰ

(৩) বেংক একাউণ্ট

ই-লেবাৰ কাৰ্ডৰ বাবে কেনেকৈ আবেদন কৰিব ?

এতিয়া আপুনি সহজেই ঘৰতে ই-শ্ৰম কাৰ্ডত নামভৰ্তি কৰিব পাৰিব, ইয়াৰ বাবে আপুনি পৰ্টেল – eshram.gov.in ত গৈ প্ৰয়োজনীয় সকলো তথ্য পূৰণ কৰিব লাগিব। অথবা আপোনাৰ ওচৰৰ যিকোনো চি এছ চি কেন্দ্ৰলৈ গৈ ই-লেবাৰ কাৰ্ডৰ বাবেও আবেদন কৰিব পাৰে।

2 thoughts on “ই-শ্ৰাম কাৰ্ডত থাকিলে মাহে পাব ৩০০০ টকা, এতিয়াই আবেদন কৰক”

Leave a Comment